ETV Bharat / state

ABCMS protest: ৰঙাপৰাত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

author img

By

Published : Dec 29, 2021, 7:57 PM IST

ABCMS protest
ৰঙাপৰাত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

চাহ শ্ৰমিকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত পুনৰ উত্তাল শোণিতপুৰ । বৰ্ধিত মজুৰিৰ বকেয়া ধন আদায়ৰ দাবীত ধূলাপাদুং চাহ বাগিছাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (ABCMS protest at Sonitpur)। কেইবাটাও দাবীৰে বাগিছাৰ জেনেৰেল মেনেজাৰক স্মাৰক পত্ৰ প্ৰদান ।

ৰঙাপৰা,২৯ ডিচেম্বৰ : ইংৰাজী নৱবৰ্ষলৈ মাজত মাত্ৰ কেইটামান দিন বাকী । সকলোতে চলিছে নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি । কিন্তু এই আনন্দ উল্লাহৰ মাজতে পুনৰ চাহ শ্ৰমিকসকল নামিছ প্ৰতিবাদত । বকেয়া ধন আদায় দিয়াৰ দাবীত এইবাৰ শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ধূলাপাদুং চাহ বাগিছাত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই (ABCMS stages protest at Sonitpur) ।

বুধবাৰে বাগিছাখনৰ জেনেৰেল মেনেজাৰৰ কাৰ্যালয়ৰ সন্মুখত সংঘই প্ৰতিবাদ সাব্যস্ত কৰে । চাহ শ্ৰমিকসকলক বৰ্ধিত মজুৰিৰ বকেয়া ধন অতিশীঘ্ৰে আদায় দিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে । চৰকাৰ তথা বিভাগীয় কতৃপক্ষৰ বিৰুদ্ধে বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে । আনহাতে অতি শীঘ্ৰে তেওঁলোকৰ দাবী পূৰণ নহ'লে ভয়ংকৰ আন্দোলনৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীয়ে ।

ৰঙাপৰাত চাহ মজদুৰ সংঘৰ প্ৰতিবাদ

উল্লেখ্য যে যোৱা ১০ জুলাইত বৰ্ধিত মজুৰিৰ বকেয়া ধন দুটা কিস্তিত শ্ৰমিক ৰাইজক দিয়াৰ ক্ষেত্ৰত অসম চাহ মজদুৰ সংঘ আৰু চাহ বাগিছাৰ মালিকপক্ষৰ সৈতে এক চুক্তি স্বাক্ষৰ হৈছিল । সেই অনুসৰি চাহ বাগিছাৰ মালিকসকলে জুলাই-আগষ্ট মাহত শ্ৰমিক ৰাইজক প্ৰথম কিস্তিৰ ধন আদায় দিলে যদিও এপিজে টি লিমিটেডে (Apeejay tea limited) চুক্তি অনুসৰি আজিলৈকে শ্ৰমিকক দ্বিতীয় কিস্তিৰ ধন আদায় নিদিলে ।

বৰদিনৰ প্ৰাকক্ষণত দ্বিতীয় কিস্তিৰ ধন এপিজে টি লিমিটেডে দিবলৈ সক্ষম নহ'ল । সেয়েহে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই চাহ শ্ৰমিকৰ প্ৰাপ্য ধন আদায়ৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে । উল্লেখ্য যে ৰাজ্যখনত থকা এপিজে টি লিমিটেডৰ ১৭ খন চাহ বাগিছাৰ মালিকপক্ষই এতিয়ালৈ চাহ শ্ৰমিকক বৰ্ধিত মজুৰিৰ বকেয়া ধনৰ দ্বিতীয় কিস্তি আদায় দিয়া নাই ।

লগতে পঢ়ক:Protest against NPS : নতুন পেঞ্চন নীতি বাতিলৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.