ETV Bharat / state

AASU Protest in Tezpur: শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষৰ জুমুঠিত চিপ লগালে আছুৱে

author img

By

Published : Mar 14, 2023, 8:44 PM IST

AASU Protest against Education minister and SEBA Chairman in Tezpur
শিক্ষামন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষৰ প্ৰতিকৃতিত চিপ লগালে আছুৱে

চৰকাৰ আৰু ছেবাৰ অকৰ্মণ্যতাক লৈ জ্বলিছে ৰাজ্য ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ জুমুঠিত চিপ লগাই কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে (Protest against Education minister and SEBA Chairman) ৷

শিক্ষামন্ত্ৰীৰ লগতে ছেবাৰ অধ্যক্ষৰ প্ৰতিকৃতিত চিপ লগালে আছুৱে

তেজপুৰ, ১৪ মাৰ্চ : ক্ষোভৰ দাবানলত জ্বলিছে ৰাজ্য ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ প্ৰতিকৃতি জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে ক্ষোভিত দল সংগঠনসমূহে (AASU Protest against Education minister) ৷ বছৰত অনুষ্ঠিত কৰা এটা পৰীক্ষাকো ছেবাই সুকলমে পাতিব নোৱাৰাক লৈ ধিক্বাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ বিভিন্ন জিলাৰ সমান্তৰালকে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ মঙলবাৰে শোণিতপুৰ জিলা ছাত্ৰ সন্থাই অভিনৱ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে (AASU Protest in Tezpur) ।

সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাই শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education Minister Ranoj Pegu) আৰু ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ প্ৰতিকৃতিত চিপ লগাই প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰোপৰি শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থাই একত্ৰিত হৈ প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত তদন্তৰ দাবী উত্থাপন কৰি অচিৰেই শিক্ষামন্ত্ৰী আৰু শিক্ষা সংসদৰ অধ্যক্ষৰ পদত্যাগৰ দাবী উত্থাপন কৰে । অনাগত দিনত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ লগত চৰকাৰে হেতালি নেখেলিবলৈ সকয়িনী প্ৰদান কৰে প্ৰতিবাদকাৰী নেতাসকলে ৷

উল্লেখযোগ্য যে, এতিয়ালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাজনো ছাত্ৰৰ লগতে দালালত আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ৰাজ্যৰ মুঠ ৪ লাখ ছাত্ৰ ছাত্ৰীৰ লগতে শোণিতপুৰ জিলাৰ মুঠ ১৪,১৭৫ গৰাকী ছাত্ৰ-ছাত্ৰী আজি অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞানৰ পৰীক্ষাত অৱৰ্তীৰ্ণ হ’বলগীয়া আছিল । উল্লেখযোগ্য যে, যোৱা ৬ মাৰ্চত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমদিনাই ইংৰাজী বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ খবৰ প্ৰচাৰ হৈছিল (HSLC Science question paper leak) ৷ তাৰ পিচতেই ডাঃ ৰণোজ পেগুৱে এই ঘটনাক হাস্যকৰ ঘটনা বুলি মন্তব্য কৰি কৈছিল যে, পৰীক্ষা আৰম্ভ হোৱাৰ এঘণ্টাৰ পিচৰে পৰাই পৰীক্ষাৰ্থীসকল পৰীক্ষাহলৰ পৰা ওলাই আহে ৷ গতিকে এই প্ৰশ্নকাকত ভাইৰেল হোৱাৰ অভিযোগ ভিত্তিহীন ৷

কিন্তু ইমানৰ পিচতো শিক্ষা বিভাগে কোনো সতৰ্কতা অৱলম্বন নকৰাৰ ফলস্বৰূপেই সাধাৰণ বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিব হ’বলগীয়া হয় আৰু পৰীক্ষা বাতিল কৰিবলগীয়া হয় বুলি ছাত্ৰ সন্থাৰ নেতাসকলে অভিযোগ উত্থাপন কৰে ৷

ইফালে ৰাজ্যৰ শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে (Education minister reacts on question paper leak) বিধানসভা চৌহদত কয় যে, আৰক্ষীয়ে তদন্ত কৰি আছে, তদন্তৰ পিচতে সকলো কথা পোৰহলৈ আহিব ৷ ছেবাত চৰকাৰে উপযুক্ত মানুহকেই নিযুক্তি দিছে । ক'ৰবাত কিবা ষড়যন্ত্র হৈছে যদি তদন্তত সকলোবোৰ ওলাই পৰিব (SEBA question paper leak)। উল্লেখ্য যে, ছেবাই পূৰ্বৰ ভুলৰ পিচতো কোনো শিক্ষা নোলোৱা ঘটনাই অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনৰ দক্ষতাক লৈও প্ৰশ্ন উত্থাপন হৈছে (SEBA question paper leak)।

লগতে পঢ়ক: Teacher detained in Jorhat: প্ৰশ্ন কাকত ভাইৰেল তথা ধনৰ লেনদেনৰ অভিযোগত আটক শিক্ষক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.