ETV Bharat / state

Deprived from PMAY: ধুমুহাত গৃহহাৰা অসহায় দম্পতী, আজিকোপতি নাপালে PMAYৰ গৃহ

author img

By

Published : Aug 21, 2023, 2:29 PM IST

ৰঙাপৰাত ধুমুহা-বৰষুণত ভাঙি পৰিল এটা বাসগৃহ । আজিকোপতি বঞ্চিত হৈ আছে চৰকাৰী আৱাস গৃহৰ পৰা । সেয়েহে চিন্তিত হৈছে দৰিদ্ৰ পৰিয়ালটো ।

Pathetic story of couple in rangapara
প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনি

প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনি

ৰঙাপৰা, ২০ আগষ্ট: শোণিতপুৰ জিলাৰ ৰঙাপৰাত দেওবাৰে অহা এজাক ধুমুহা-বৰষুণে এটা দৰিদ্ৰ পৰিয়ালৰ সপোনৰ ঘৰখন ভাঙি থান বান কৰি পেলায় । বহু কষ্টৰে সাজি লোৱা বাঁহৰ ঘৰটো হঠাৎ ভাঙি পৰাত দুখত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটো । নিশা ৯ বজাত হোৱা ধুমুহা-বৰষুণৰ ফলত ২ নং নামনিগাঁৱৰ গগণ কোঁচ আৰু যশোদা কোঁচৰ খেৰ-বাঁহৰ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি যায় । এই ঘৰটো ভাঙি পৰাত নিদ্ৰাত থকা স্বামী-স্ত্ৰীক হেঁচা মাৰি ধৰে যদিও দুয়োগৰাকীৰ কথমপি প্ৰাণ ৰক্ষা পৰে ।

পিছত স্থানীয় ৰাইজে কিনকিনিয়া বৰষুণৰ মাজত দুয়োগৰাকীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় । বাঁহেৰে সাজি লোৱা ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পৰাৰ পিছত আজি দৰিদ্ৰ পৰিয়ালটো বাৰুকৈয়ে চিন্তিত হৈ পৰিছে । ইপিনে,ঘৰখন সাজি ল'বলৈ দৰিদ্ৰ পৰিয়ালটোৰ হাতত পৰ্যাপ্ত ধনৰ অভাৱ । ঘৰটোৰ অৱস্থা দেখি স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে ।

আনহাতে, নামনিগাঁও গাঁও পঞ্চায়তখনে আজিলৈকে গগণ কোঁচক এটা চৰকাৰী ঘৰ দিবলৈ আঁহৰি নোপোৱাৰ অভিযোগ উঠিছে । এটা চৰকাৰী পকীৰ গৃহ বিচাৰি দুয়োগৰাকীয়ে গাঁও পঞ্চায়তখনলৈ তাঁত-বাটি কৰিছিল যদিও প্ৰধানমন্ত্ৰী আৱাস গৃহ আঁচনিখনে দৰিদ্ৰ পৰিয়ালটোক ঢুকি নাপালে । নামনিগাঁৱৰ ৰুগীয়া গগণ কোঁচ আৰু দিন হাজিৰা কৰি কোনোমতে পেট প্ৰৱৰ্তোৱা যশোদা কোঁচক এটা চৰকাৰী গৃহ প্ৰদানৰ ব্যৱস্থা কৰি দিবলৈ ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীক আহ্বান জনাইছে গাঁওখনৰ সচেতন ৰাইজে ।

এই দুখীয়া পৰিয়ালটিয়ে আজিকোপতি চৰকাৰী আৱাস গৃহৰ পৰা বঞ্চিত হৈ থকাত স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ৷ ৰাইজে ক্ষোভ প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰী আবাস যোজনা আচঁনিয়ে এতিয়াও ঢুকি পোৱা নাই এই পৰিয়ালটোক ৷ পঞ্চায়ত প্ৰতিনিধিৰ ল'ৰা ধেমালি তথা চৰম উদাসীনতাৰ বাবে পৰিয়ালটো বঞ্চিত হৈ আছে এই আঁচনিৰ পৰা ৷ বিভিন্ন সময়ত চৰকাৰী আৱাস গৃহৰ লগতে আন আঁচনিৰ বাবে নামনিগাঁও গাঁও পঞ্চায়তত আবেদন-নিবেদন কৰিছে যদিও বঞ্চিত হৈ আছে পৰিয়ালটোৱে ৷

লগতে পঢ়ক:Truck Driver Protest in Tinsukia: তিনিচুকীয়াত অনিৰ্দিষ্টকাললৈ ট্ৰাক চলাচল বন্ধ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.