ETV Bharat / state

The Assam Valley School: দ্যা আসাম ভেলী বিদ্যালয়ৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 7:16 PM IST

The Assam Valley School
দ্যা আসাম ভেলী বিদ্যালয়ৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

দ্যা আসাম ভেলী বিদ্যালয়ৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পৰনায়ক ৷

দ্যা আসাম ভেলী বিদ্যালয়ৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

তেজপুৰ, 9 নৱেম্বৰ : শোণিতপুৰ জিলাৰ বালিপৰাৰ হাড়চূড়া চাহ বাগিচাত স্থাপন কৰা দ্যা আসাম ভেলী বিদ্যালয়ৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস পালন ৷ বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস অনুষ্ঠানৰ আজি তৃতীয় দিন ৷ বৃহস্পতিবাৰে তৃতীয় দিনা বক্তৃতানুষ্ঠান আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ উক্ত অনুষ্ঠাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পৰনায়ক । উল্লেখ্য যে, উইলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ উদ্যোগত প্ৰতিষ্ঠিতা লাভ কৰিছিল দ্যা আসাম ভেলী বিদ্যালয়ে ৷

উক্ত অনুষ্ঠানত উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলক উদ্দ্যেশি ৰাজ্যপাল পৰনায়কে ভাষণ প্ৰসংগত কয় যে, ৰাষ্ট্ৰীয় শৈক্ষিক প্ৰতিষ্ঠান এন ডি এ আৰু আই এম এই সেনা বাহিনীৰ বাবে ছাত্ৰ-ছাত্ৰীক সাজু কৰি তুলিছে ৷ ভাষণ প্ৰসংগত ৰাজ্যপালগৰাকীয়ে কয়, আজি দেশৰ বাবে সুৰক্ষা, সন্মান আৰু কল্যাণ প্ৰথম ৷ আমি কি কৰিব লাগে, কি কৰিব নালাগে তাৰো সৰল বাখ্যা আগবঢ়ায় ৷ ভাগৱত, গীতাত উল্লেখিত শ্ৰীকৃষ্ণই অৰ্জুনক কোৱা উপদেশৰ শ্লোক আকাৰে উল্লেখ কৰে ৰাজ্যপাল গৰাকীয়ে ।

আনহাতে যি সময়ত ভাৰত চৰকাৰে আজিৰ যুৱ প্ৰজন্মক প্ৰতিৰক্ষা বাহিনীত যোগদানৰ বাবে উৎসাহিত কৰিছে তেনে সময়তে আজি ৰাজ্যপাল গৰাকীয়ে ভাষণৰ অন্তত ছাত্ৰ-ছাত্ৰীৰ আগত দেশ প্ৰেমৰ উদ্বুদ্ধ কৰিব পৰা কৰ্ণেল গুৰমিট সিঙৰ সেনা বাহিনী সম্পৰ্কীয় এক ভি ডি অ’ প্ৰদৰ্শন কৰে ।

ইফালে বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ডেভিদ চামাৰস্কেলে আদৰণি ভাষণ দিয়ে ৷ তদুপৰি বিদ্যালয়খনৰ প্ৰধান শিক্ষক ডাঃ অমৃত জুগ্ৰাই শৈক্ষিক প্ৰতিষ্ঠানখনৰ শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লাভ কৰা সফলতা সম্পৰ্কে বক্তব্য আগবঢ়াই ৷

উক্ত অনুষ্ঠানতে অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ পি ডি সোনাই এগৰাকী শিক্ষাৰ্থীৰ অভিভাৱক হিচাপে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :Wild elephant death news:বিন্দুকুৰিৰ কাছমাৰীত এজনী মাইকী হাতীৰ কৰুণ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.