ETV Bharat / state

Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ

author img

By

Published : Oct 24, 2022, 7:32 PM IST

China Border
China Border

সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন সাধনৰ কাম কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ পিছত যুদ্ধকালীন প্ৰস্তুতিৰে কাম আৰম্ভ কৰিছে । কাৰণ ২০২০ চনত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (Line of Actual Control, LAC) চীনা সৈন্যৰ লগত হোৱা সংঘৰ্ষৰ পিছত লাডাখ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অত্যধিক সেনা মোতায়েন কৰিবলগীয়া হয় (India China conflict) ।

তেজপুৰ, ২৪ অক্টোবৰ : সীমান্তৰ অঞ্চলসমূহত যোগাযোগ ব্যৱস্থা সুচল কৰিবলৈ ভাৰত-চীন সীমান্তৰ উত্তৰ-পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ ভিন্ন অঞ্চলেৰে ছয়টা নতুন পথ নিৰ্মাণ হৈছে (New roads in China Border in India) । মুঠ 2,178 কিলোমিটাৰ নতুন পথৰ সংযোগে সীমান্ত অঞ্চলত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ।

মন কৰিবলগীয়া যে সীমান্তৱৰ্তী অঞ্চলৰ উন্নয়ন সাধনৰ কাম কেন্দ্ৰীয় চৰকাৰে ২০২০ চনৰ পিছত যুদ্ধকালীন প্ৰস্তুতিৰে কাম আৰম্ভ কৰিছে । কাৰণ ২০২০ চনত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (Line of Actual Control, LAC) চীনা সৈন্যৰ লগত হোৱা সংঘৰ্ষৰ পিছত লাডাখ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত অত্যধিক সেনা মোতায়েন কৰিবলগীয়া হয় (India China conflict) ।

Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ
Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ

কিন্তু কেন্দ্ৰীয় চৰকাৰে ২০১৪ চনৰ পৰা সীমান্তৰ পথ উন্নয়নৰ কাম হাতত লয় আৰু ভাৰতে যোৱা পাঁচ বছৰত চীনৰ সীমান্তৱৰ্তী অঞ্চলসমূহত প্ৰায় ১৫,৪৭৭ কোটি টকা ব্যয় কৰি ২০৮৮ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছে বুলি চলিত বৰ্ষৰ জুলাই মাহত প্ৰকাশ কৰিছিল প্ৰতিৰক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী অজয় ​​ভট্টই (2178 km new road along Arunachal Pradesh border) ।

অৰুণাচল প্ৰদেশত (roads connectivity in Aruanchal China border) বৰ্তমান দুটা কৰিডৰ পূব-পশ্চিম দিশত আছে আৰু ই অসমৰ সৈতে সংযোগী । ৰাজ্যৰ সীমান্তৰ সমীপৰ পাদদেশেৰে যোৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যৰ মাজভাগত নিৰ্মাণ হৈ থকা ১৩/১২৫ নং ৰাষ্ট্ৰীয় ঘাইপথ । ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নয়ন হোৱাৰ বিপৰীতে ১৩/১২৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, যাক ট্ৰেন্স অৰুণাচল হাইৱে (Trans Arunachal Highway) বুলিও কোৱা হয়, সেইটো বৰ্তমান নিৰ্মাণৰ কাম চলি আছে ।

Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ
Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ

এই পথটোৰ ১৫৪০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ট্ৰেন্স অৰুণাচল ঘাইপথৰ ১৪৫৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা অংশ প্ৰায় সম্পূৰ্ণ হৈছে । ৰাজ্যখনৰ সিপাৰে চীনৰ সীমান্তৰে সংযোগ হ'বলগীয়া তৃতীয়টো ঘাইপথ নিৰ্মাণৰ বাবেও ইতিমধ্যে প্ৰস্তাৱ লোৱা হৈছে । লগতে ১৮৫৯ কিলোমিটাৰ সীমান্ত ঘাইপথৰ এক বিশদ প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে । চৰকাৰে প্ৰস্তাৱ লোৱা ৬টা নতুন ৰোড কৰিডৰৰ জৰিয়তে এই তিনিটা ঘাইপথৰ সংযোগ হ'লে সীমান্তলৈ যোগাযোগ উন্নত হ’ব ।

কেন্দ্ৰই প্ৰস্তাৱ কৰা ছয়টা কৰিডৰ হৈছে, ইটাখোলা-চিজুছা-পাক্কে কেচাং-চেপ্পা চায়াংতাজো-ছাংগ্ৰাম-পাৰসি পাৰ্লো (৩৯১ কিলোমিটাৰ), কানুবাৰী-লংডিং (৪০৪ কিলোমিটাৰ), আকাজান-পাংগো জৰ্জিং (৩৯৮ কিলোমিটাৰ), গোগামুখ তাহিলা টাটো (২৮৫ কিলোমিটাৰ), চাৰিদুৱাৰ- টাৱাং- অন্তৰ্ভুক্ত নেলিয়া (সীমান্ত) ৪০২ কিলোমিটাৰ আৰু পাছিঘাট বিছিঙৰ (২৯৮ কিলোমিটাৰ) কাম আৰম্ভ হৈছে ।

Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ
Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ

ইয়াৰ বিপৰীতে চীনে ভাৰতৰ সীমান্তৰ কাষেৰে বহুতো নতুন আন্তঃগাঁথনি উন্নয়ন কৰিছে, যিটো ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমৰ যোগেদি প্ৰকাশ পাইছে । চীনৰ ১৬০০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ছিচুয়ান-তিব্বত ৰে’ল লাইনে তিব্বতৰ মালভূমিৰ লাছাক মধ্য ছিচুয়ানৰ চেংডুৰ সৈতে সংযোগ কৰিবলৈ আৰম্ভ কৰিছে । ২০২১ চনৰ জুন মাহত চীনে লাছা আৰু নিয়িংচিৰ মাজৰ লাইনটোৰ ৪৩৫ কিলোমিটাৰ দৈৰ্ঘৰ অংশ মুকলি কৰিছিল ।

তাৰ বিপৰীতে অৰুণাচলৰ আপাৰ চিয়াং জিলাত অৱস্থিত ভাৰতৰ টুটিং ছেক্টৰৰ বিপৰীতে চীনৰ এখন চহৰ নিয়িংচি সীমান্তৰ পৰা মাত্ৰ ৪০ কিলোমিটাৰ দূৰত অৱস্থিত । নিয়িংচি-লাছা ৰে'লপথটো কিছুমান ঠাইত সীমান্তৰ বহু কাষেৰে গৈ থাকে । চিচিপিৰ পিপলছ লিবাৰেচন আৰ্মীৰ ৫২ নং আৰু ৫৩ নং মাউণ্টেইন ইনফেণ্ট্ৰি ব্ৰিগেডৰ ভিত্তি বৃহত্তৰ নিয়িংচি প্ৰিফেকচাৰত আছে ।

Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ
Indo China Border : অৰুণাচল প্ৰদেশৰ সীমান্তত 2178 কিলোমিটাৰ নতুন পথ

চীনে নিয়িংচিক লাছাৰ সৈতে সংযোগ কৰি ২৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা ঘাইপথো নিৰ্মাণ কৰিছে, যিটো লাছা-নয়িংচি ৰে'লপথৰ দৰেই অৰুণাচলৰ ওচৰতে চলি আছে ।

লগতে পঢ়ক :PM Modi at Kargil : ভাৰতীয়সকলে যুদ্ধক সদায় চূড়ান্ত পন্থা হিচাবে গ্ৰহণ কৰি অহা বুলি মন্তব্য প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.