ETV Bharat / state

শিৱসাগৰৰ গৌৰীসাগৰত জব্দ কাঠভৰ্তি ট্ৰাক

author img

By

Published : Mar 5, 2020, 12:56 PM IST

শিৱসাগৰৰ গৌৰীসাগৰত জব্দ কাঠভৰ্তি ট্ৰাক
শিৱসাগৰৰ গৌৰীসাগৰত জব্দ কাঠভৰ্তি ট্ৰাক

গৌৰীসাগৰ আৰক্ষীয়ে অভিযান চলাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰিলে এখন কাঠভৰ্তি ট্ৰাক ৷ অনুমানিক বিশ লক্ষাধিক টকাৰ কাঠ থকাৰ সন্দেহ আৰক্ষীৰ ৷

আমগুৰি, 5 মাৰ্চ: নিশা অভিযান চলাই শিৱসাগৰৰ গৌৰীসাগৰত আৰক্ষীয়ে জব্দ কৰে কাঠভৰ্তি ট্ৰাক ৷ গৌৰীসাগৰ আৰক্ষীয়ে অভিযান চলাই 37 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে কাঠভৰ্তি ট্ৰাকখন ৷ জোনাইৰ পৰা বঙাইগাঁৱলৈ AS 01JC 8274 নম্বৰৰ ট্ৰাকখনত সৰবৰাহ কৰা হৈছিল কাঠখিনি ৷ আৰক্ষীয়ে অবৈধ সৰবৰাহৰ সন্দেহত জব্দ কৰি ৰাখিছে ট্ৰাকখন ৷ চালকৰ ভাষ্য অনুসৰি মৰাণত অসামৰিক পোচাকত থকা কোনো লোকে গাড়ীখন ৰখাইছিল যদিও চালকে বাহনখন নৰখায় ৷ যাৰ বাবে পিচত আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰে ৷

37 নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কাঠভৰ্তি ট্ৰাক

ট্ৰাকত থকা লোক কেইজনৰ পৰা কাঠখিনি মনোৰঞ্জন গোঁহাইৰ বুলি জানিব পৰা গৈছে ৷ অনুমানিক ট্ৰাকখনত বিশ লক্ষাধিক টকাৰ কাঠ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । আৰক্ষীৰ পৰৱৰ্তী তদন্তত হে প্ৰকৃত তথ্য পোহৰলৈ আহিব আচলতে কাঠখিনি বৈধ নে অবৈধ ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.