ETV Bharat / state

শিৱসাগৰত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ

author img

By

Published : Oct 7, 2022, 11:28 AM IST

Updated : Oct 7, 2022, 12:33 PM IST

Cattle seized in Sivasagar
শিৱসাগৰত চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি বাহন জব্দ

চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ বিৰুদ্ধে শিৱসাগৰ আৰক্ষীৰ অভিযান ৷ এই অভিযানত আৰক্ষীয়ে 4 খন গৰু ভৰ্তি বলেৰ’ বাহন জব্দ কৰিবলৈ সক্ষম হয় (Cattle seized in Sivasagar) ৷

শিৱসাগৰ, 7 অক্টোবৰ : শিৱসাগৰ আৰক্ষীৰ সফল অভিযান ৷ শুকুৰবাৰে পুৱতি নিশা শিৱসাগৰ নগৰৰ মাজ-মজিয়াৰ বনীয়াবাৰী চাৰি আলিৰ পৰা আৰক্ষীয়ে জব্দ কৰে 4 খন গৰু ভৰ্তি বলেৰ’ পিকআপ বাহন ৷ চিলা পথাৰৰ পৰা শিৱসাগৰ হৈ নাগালেণ্ডলৈ যোৱাৰ সময়তেই আৰক্ষীৰ অভিযানত জব্দ হয় গৰু ভৰ্তি বাহন কেইখন (Cattle seized in Sivasagar) ৷

জানিব পৰা মতে, গোপন সূত্ৰৰ পম খেদি চোৰাংভাৱে গৰু সৰবৰাহ কৰাৰ সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে লাভ কৰিছিল তথ্য ৷ এই তথ্যৰ আলমতে আৰক্ষীয়ে শুকুৰবাৰে পুৱতি নিশা চলাই এক অভিযান ৷ আৰক্ষীৰ অভিযানত AS04BC 7073, AS04BC6473, AS03CC3255 আৰু AS03CC3040 নম্বৰৰ বলেৰ’ পিক আপ বাহনকেইখন জব্দ কৰিবলৈ সক্ষম হয় ৷

অৱশ্যে ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় গৰু ভৰ্তি এখন বলেৰ’ বাহন ৷

লগতে পঢ়ক : নৈশ বাছেৰে ভ্ৰমণ কৰি কলিয়াবৰত জিৰণি ল’লে 35 টাতকৈ অধিক গৰুৱে

ইতিমধ্যে আৰক্ষীয়ে বাহন কেইখনৰ লগতে 7 জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে ৷ আটকাধীন কেইজন হৈছে দিচাং ঘাটৰ ছফিকুৰ ৰহমান (25), মুকিবুৰ ৰহমান (30), আফতাব আলি (23), নামতি বৰছলাৰ সঞ্জয় বৰা (32), ডিমৌমুখ ৰিৰিয়াৰ ইমদাদ আহমেদ (36), দিচাং হালোৱাটিঙৰ বুবুটু আলি (22) আৰু নগাঁৱৰ ছইফুল ইছলাম (26)।

জানিব পৰা মতে, জব্দকৃত প্ৰতিখন বাহনতেই 8 টাকৈ মুঠ 32 টা গৰু আছে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, চোৰাংভাৱে সৰবৰাহ কৰা গৰুকেইটাৰ লগতে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে ৰাজমাইৰ পশু বজাৰৰ ৰছিদো ৷ বৰ্তমান উদ্ধাৰ কৰা গোধনখিনিৰ লগতে জব্দকৃত বাহনকেইখন শিৱসাগৰ সদৰ থানাত ৰখা হৈছে ৷

লগতে পঢ়ক : গোঁসানীৰ আশীষ লৈ মন্দিৰত চোৰৰ হাত চাফাই অভিযান

Last Updated :Oct 7, 2022, 12:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.