ETV Bharat / state

Mob torches Batadrava Police Station incident: বহু উত্তেজনাপূৰ্ণ মন্তব্যৰে শৃংখল চলিহাৰ প্ৰতিক্ৰিয়া

author img

By

Published : May 24, 2022, 4:11 PM IST

বটদ্ৰৱা থানা আক্ৰমণ কৰাসকলৰ ঘৰত উচ্ছেদ চলোৱাই নহয়, এনে সন্দেহজনক নাগৰিকৰ ওপৰত বুলড’জাৰ চলোৱাৰ আহ্বান বীৰ লাচিত সেনাৰ ৷ মঙলবাৰে বটদ্ৰৱা কাণ্ডৰ(Batadrava police station incident) সন্দৰ্ভত প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃখল চলিহাই এই মন্তব্য কৰে ৷

Batadrava police station incident
বহু উত্তেজনাপূৰ্ণ মন্তব্যৰে শৃংখল চলিহাৰ সংবাদমেল

শিৱসাগৰ, 24 মে’: বটদ্ৰৱা থানাত আক্ৰমণৰ ঘটনাক লৈ শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাই (Veer Lachit Sena on Batadrava violence) ৷ সংগঠনটোৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক শৃংখল চলিহাই বটদ্ৰৱাৰ ঘটনাৰ সন্দৰ্ভত বীৰ লাচিত সেনাৰ স্থিতি স্পষ্ট কৰে কৰে । এই ঘটনাৰ পাছতে প্ৰশাসনে ঘটনাৰ লগত জড়িতৰ বাসগৃহত উচ্ছেদ চলোৱা কাৰ্যক সমৰ্থন জনাই কয় যে কেৱল বাসগৃহত নহয়, এনে সন্দহজনক লোকৰ ওপৰতো বুলড’জাৰ চলাব লাগে (Eviction drive at Batadrava)৷

বহু উত্তেজনাপূৰ্ণ মন্তব্যৰে শৃংখল চলিহাৰ সংবাদমেল

উল্লেখ্য যে, বটদ্ৰৱা থানা জ্বলোৱাৰ (Batadrava police station incident) পাছত বিভিন্নজনে প্ৰতিক্ৰয়া প্ৰকাশ কৰিছিল যদিও কোনোধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল বীৰ লাচিত সেনাই ৷ ইয়াকে লৈ সামাজিক মাধ্যমত সমোলোচিত হৈছিল সংগঠনটো ৷ সেই সমালোচনাৰ অন্ত পেলাই মঙলবাৰে শিৱসাগৰত এক সংবাদমোল সম্বোধন কৰি সংগঠনটোৰ সাংগঠনিক সম্পাদকগৰাকীয়ে স্পষ্টকৈ কয় যে, খিলঞ্জীয়াৰ ওপৰত আক্ৰমণ হ’লে কোনো কাৰণতে বীৰ লাচিত সেনা বহি নাথাকে ৷

থানা আক্ৰমণৰ পাছত ভৱিষ্যতে সত্ৰসমূহৰ ওপৰতো এনে লোকে আক্ৰমণ চলোৱাৰ সম্ভাৱনা ব্যক্ত কৰে শৃংখল চলিহাই ৷ অসমীয়া জাতিৰ বাবে ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোকে একত্ৰিত হ'বলৈ আহ্বান জনায় শৃংখল চলিহাই । অন্যথা সন্দেহজনক নাগৰিকৰ কৱলত অসমীয়া জাতি শেষ হৈ যাব বুলিও সন্দেহ প্ৰকাশ কৰে তেও । বটদ্ৰৱা থানা জ্বলাই দিয়াৰ ঘটনাক লৈ বিভিন্ন মহলে বিষয়টোৰ ওপৰত ৰাজনীতি কৰাৰ কথা উল্লেখ কৰি ইয়াৰ গৰিহণা দিয়ে বীৰ লাচিত সেনাৰ নেতাগৰাকীয়ে ।

ইফালে বিধায়ক আমিনুল ইছলামে(MLA Aminul Islam) অপৰাধীৰ ঘৰত প্ৰশাসনে চলোৱা উচ্ছেদৰ বিৰোধিতা কৰা কাৰ্যক ধিক্কাৰ দিয়ে ৷ এনে লোকক অসমীয়াই সামাজিকভাৱে বৰ্জনৰ আহ্বান বীৰ লাচিত সেনাৰ ৷

লগতে পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণৰ ব্লুপ্ৰিন্টৰ আঁৰত কোন ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.