ETV Bharat / state

আমগুৰিত স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন

author img

By

Published : Feb 7, 2021, 7:43 PM IST

আমগুৰিত স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন । উক্ত সভাতে মন্টু গগৈৰ সম্পাদনাৰ "সুগন্ধি গোলাপ" শীৰ্ষক এখনি স্মৰণিকা উন্মোচন কৰা‌ হয় ।

আমগুৰিত স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন
আমগুৰিত স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন

আমগুৰি, ৭ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ বৃহৎ চামগুৰি অঞ্চলৰ অগ্ৰণী শিক্ষানুষ্ঠান "চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ" প্ৰাক্তন প্ৰধান শিক্ষক তথা সু-লেখক প্ৰয়াত গোলাপ লাহনৰ স্মৃতিত এখনি স্মৃতিচাৰণ সভা‌ অনুষ্ঠিত কৰা হয় । গোলাপ লাহনৰ নিজা বাসগৃহত দেওবাৰে অনুষ্ঠিত কৰা হয় এই সভাখন ।

আমগুৰিত স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন
আমগুৰিত স্মৃতিচাৰণ সভা আৰু স্মৃতিগ্ৰন্থ উন্মোচন

প্ৰাক্তন শিক্ষক তথা বিশিষ্ট কবি বুদ্ধেশ্বৰ শেনচোৱাই বন্তি প্ৰজ্বলনেৰে সভাখনৰ আৰম্ভণি কৰা সভাত সভাপতিত্ব কৰে চামগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক চন্দন গগৈয়ে । সভাত উপস্থিত থাকে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা চন্দ্ৰ বৰুৱা, বিশিষ্ট নিবন্ধকাৰ মছউদুল হক, ৰাইজৰ দলৰ শিৱসাগৰ জিলাৰ সম্পাদক মুজিদ আলি, শশাংক গগৈৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি আৰু স্থানীয় ৰাইজ ।

উল্লেখ্য যে, উক্ত সভাতে মন্টু গগৈৰ সম্পাদনাৰ "সুগন্ধি গোলাপ" শীৰ্ষক এখনি স্মৰণিকা উন্মোচন কৰা‌ হয় ।

লগতে পঢ়ক:আমগুৰিত কংগ্ৰেছৰ বিশাল গণ সমাৱেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.