ETV Bharat / state

শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ

author img

By

Published : Jan 29, 2021, 12:49 PM IST

Updated : Jan 29, 2021, 1:01 PM IST

শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ
শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ

বৃহস্পতিবাৰে শিৱসাগৰৰ নামতি চাৰিআলিৰ মৰিনামডাং স্থিত ভাৰত পেট্ৰ'লিয়ামৰ তেল ডিপোত তেল কম দিয়াক কেন্দ্ৰ কৰি শুকুৰবাৰে তেল ডিপোটো ছীল কৰে প্ৰশাসনে ৷

আমগুৰি, 29 জানুৱাৰী : শুকুৰবাৰে শিৱসাগৰৰ নামতি চাৰিআলিৰ মৰিনামডাং স্থিত ভাৰত পেট্ৰ'লিয়ামৰ তেল ডিপো ছীল কৰে প্ৰশাসনে । উক্ত তেল ডিপোটো লৈ তেল ভৰাবলৈ অহা বাহনত তেল কম দিয়াক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰে পৰিস্থিতি ৷ বৃহস্পতিবাৰে সংঘটিত হয় এই ঘটনা ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰে পৰিস্থিতি ৷ অৱশেষত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ছীল কৰি দিয়ে নামতি চাৰিআলিৰ মৰিনামডাং স্থিত ভাৰত পেট্ৰ'লিয়াম তেল ডিপোটো ৷

উল্লেখ্য যে,থলুৱা যুৱকক প্ৰতাৰণা কৰি বহিৰাগত কৰ্মচাৰীক নিযুক্তি দিয়াৰ বাবেই এনে দুষ্কাৰ্য হৈছে বুলি মন্তব্য কৰে স্থানীয় একাংশ লোকে ৷

শিৱসাগৰৰ নামতিত তেল ডিপো ছীল প্ৰশাসনৰ

এই ঘটনাৰ এক উচিত তদন্তৰ দাবী কৰি অনিৰ্দিষ্ট কাললৈ তেল প্ৰদানত বাধা আৰোপ কৰিছে ঐক্য সেনাৰ নামতি আঞ্চলিকে ৷ বৃহস্পতিবাৰৰ এই ঘটনাৰ পিছতে নাজিৰাৰ ৰাজহ চক্ৰ বিষয়াই শুকুৰবাৰে তেল ডিপোটো ছীল কৰি দিয়ে ।

আনহাতে,এই সন্দৰ্ভত ঐক্য সেনাৰ নামতি আঞ্চলিকে ইতিমধ্যে শিৱসাগৰ জিলা উপায়ুক্ত লৈ এক স্মাৰক পত্ৰ প্ৰদান কৰিছে ৷

লগতে পঢ়ক : বাজেট অধিৱেশন দেশৰ ভৱিষ্যতৰ মূল চাবি-কাঠি: নৰেন্দ্ৰ মোডী

Last Updated :Jan 29, 2021, 1:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.