ETV Bharat / state

আমগুৰিত দৰিদ্ৰৰ চাউল কাঢ়ি খাইছে সমবায়ৰ এজেন্টে

author img

By

Published : Aug 24, 2022, 1:28 PM IST

Irregularities in cooperative society at Amguri
দৰিদ্ৰৰ মুখৰ চাউল কাঢ়ি খাইছে সমবায়ৰ এজেন্টে

চৰকাৰে দুৰ্নীতি ৰোধৰ বাবে কঠোৰ হৈছে যদিও আমগুৰিত সমবায় সমিতিত চলিছে ব্য়াপক অনিয়ম(Irregularities in cooperative society at Amguri)। বি পি এল কাৰ্ড সমবায় সমিতিৰ এজেন্টে কৌশলেৰে অন্তৰ্ধান কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

আমগুৰি, ২৪ আগষ্ট: শিৱসাগৰ জিলাৰ আমগুৰিত অব্যাহত আছে বগা চাউলৰ ক'লা বেহা(Rice scam continues in Amguri)। সমবায় সমিতিৰ এজেন্টে ন ন কৌশলেৰে চোৰাংকৈ চলাই আহিছে চাউলৰ ক'লা বেহা । এনে চোৰাং ব্যৱসায়ীক নাকী লগাবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগেও বিভিন্ন প্ৰক্ৰিয়াৰে চলাই আহিছে অভিযান । ইয়াৰ পিছতো নিৰ্বিঘ্নে চলাই আছে এনে বেহা ।

উক্ত অঞ্চলটোৰ ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে আমগুৰিত সমবায় সমিতিত চলিছে ব্য়াপক অনিয়ম(Irregularities in cooperative society at Amguri)। দৰিদ্ৰৰ মুখৰ চাউল কাঢ়ি খাইছে সমবায় সমিতিয়ে । গধূলীবজাৰ সমবায় সমিতিত সংঘটিত হৈছে এই ঘটনা । উল্লেখ্য় যে বাউলীপুখুৰী কৈৱৰ্ত্ত গাঁৱৰ ১১ জনীয়া এটা পৰিয়ালৰ মুখৰ ভাত কাঢ়ি খাইছে সমবায় সমিতিৰ এজেন্টে । উক্ত পৰিয়ালটোৰ বি পি এল কাৰ্ডখন সমবায় সমিতিৰ এজেন্টে কৌশলেৰে অন্তৰ্ধান কৰি হাৰাশাস্তি কৰাৰ অভিযোগ উঠিছে ।

দৰিদ্ৰৰ মুখৰ চাউল কাঢ়ি খাইছে সমবায়ৰ এজেন্টে

ভুক্তভোগী পৰিয়ালটোৰ সদস্য়সকলে সমিতিখনৰ এজেন্টেৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে যোৱা ৪ বছৰে এজেন্ট পৰাণ শৰ্মাই দৰিদ্ৰ পৰিয়ালটোৰ বিপিএল কাৰ্ডখন ৰাখি থৈ কেৱল ৫ কিলোগ্ৰামহে চাউল যোগান ধৰিছে । আমগুৰি সমষ্টিৰ বাউলীপুখুৰী কৈৱৰ্ত্ত গাঁৱৰ বগী দাসৰ ১১ জনীয়া ভুক্তভোগী পৰিয়ালটোক সমবায় সমিতিৰ এজেন্টে কৰা এনে কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

চৰকাৰৰ বিভিন্ন আঁচনিৰ পৰা বঞ্চিত পিএম ৱাই গৃহকে(PMYG) ধৰি অৰুণোদয় আঁচনি(Arunoday Scheme in Assam)ৰ পৰাও উপেক্ষিত পৰিয়ালটোৱে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিবলগীয়া হৈছে । এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগক সমবায় সমিতিৰ এজেন্ট শৰ্মাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি দৰিদ্ৰ পৰিয়ালটোক উদ্ধাৰ কৰিবলৈ আহ্বান জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে(Krishak Mukti Sangram Samiti)।

লগতে পঢ়ক:মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ বাবে ১০০০০ কোটি টকা ধাৰ্য কৰাৰ কথা প্ৰকাশ শিক্ষামন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.