ETV Bharat / state

Rashtramata Kasturba Divas 2023: শিৱসাগৰত ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধী দিৱস উদযাপন

author img

By

Published : Feb 22, 2023, 10:54 PM IST

শিৱসাগৰ জিলা মহিলা সমিতি আৰু অ'এন জি চি পূৱালী মহিলা চ'ৰাৰ যৌথ উদ্যোগত শিৱসাগৰত ৰাষ্ট্ৰমাতা কস্তুৰবা দিৱস পালন (Rashtramata Kasturba Divas observed at Sivasagar) । কস্তুৰবা গান্ধী মহামানৱ মহাত্মা গান্ধীৰ সহধৰ্মিনী আছিল ৷ তেওঁ মহাত্মা গান্ধীৰ দৰে এক সংগ্ৰামী সত্বা আছিল ।

Rashtramata Kasturba Divas 2023
শিৱসাগৰত ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধী দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধী দিৱস উদযাপন

শিৱসাগৰ, ২২ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলা মহিলা সমিতি আৰু অ'এন জি চি পূৱালী মহিলা চ'ৰাৰ যৌথ উদ্যোগত আজি অৰ্থাৎ বুধবাৰে জিলা মহিলা সমিতিৰ কাৰ্যালয়ৰ সভাকক্ষত উদযাপন কৰা হয় ৰাষ্ট্ৰমাতা কস্তুৰবা দিৱস (Rashtramata Kasturba Divas observed at Sivasagar) । বিয়লি ২ বজাৰ পৰা শিৱসাগৰ জিলা মহিলা সমিতি আৰু অ'এন জি চি পূৱালী মহিলা চ'ৰাৰ যৌথ উদ্যোগত উদযাপন হোৱা ৰাষ্ট্ৰমাতা কস্তুৰবা দিৱস ২০২৩ অনুষ্ঠানটিত স্মৃতি তৰ্পন কৰে জ্যেষ্ঠ সাংবাদিক মণিৰুল ইছলাম বড়াই ৷

জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত মুখ্য বক্তৃতা দিয়ে সাহিত্যিক ৰুণু সন্দিকৈ গগৈয়ে । সভাপতি যোগ গগৈয়ে তেওঁৰ বক্তৃতাত মহামানৱ মহাত্মা গান্ধীৰ জীৱনত তেওঁৰ পত্নী কস্তুৰবা গান্ধীৰ বৃহৎ অৱদানৰ কথা উল্লেখ কৰে (Rashtramata Kasturba Divas 2023) । গগৈয়ে এজন পুৰুষৰ কৰ্মত বিভিন্ন ধৰণে এগৰাকী মহিলাৰ অৰিহণা থাকে বুলি উল্লেখ কৰি গান্ধীৰ কৰ্মজীৱনত কস্তুৰবা গান্ধীৰ অৰিহণা আৰু সেই সময়ৰ ভাৰতীয় প্ৰেক্ষাপটত কস্তৰবা গান্ধীৰ অৱদানৰ কথা সদৰী কৰে (The woman behind the Mahatma) । অনুষ্ঠানত জিলা মহিলা সমিতিৰ সভানেত্ৰী, সম্পাদিকা তথা বিষয়ববীয়াৰ লগতে বহু শ্ৰোতা উপস্থিত থাকে ।

লগতে পঢ়ক : International Mother Language Day 2023: কিয় ২১ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বতে পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় মাতৃভাষা দিৱস

উল্লেখ্য যে, ১৮৬৯ চনৰ ১১ এপ্ৰিল তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামে ঠাইত কস্তুৰবা গান্ধীৰ জন্ম হৈছিল । ১৮৮৩ চনৰ মে' মাহত মাত্ৰ ১৪ বছৰ বয়সতে কস্তুৰবা গান্ধী ১৩ বছৰীয়া মহাত্মা গান্ধীৰ সৈতে বিবাহপাশত আৱদ্ধ হয় (Mahamanab Mahatma Gandhi Wife Kasturba Gandhi) । মহামানৱ মহাত্মা গান্ধীৰ দৰে ৰাষ্ট্ৰমাতা কস্তুৰবা গান্ধী আছিল এক সংগ্ৰামী সত্বা । কস্তুৰবা গান্ধীয়ে দেশমাতৃৰ হকে আগবঢ়োৱা সেৱাৰ স্বীকৃতি স্বৰূপে সেই সময়ৰ নেতাসকলৰ প্ৰচেষ্টাত সমগ্ৰ দেশতে তেখেতৰ নামত এক অনুষ্ঠান গঢ় দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

সেই মৰ্মে সৰ্বভাৰতীয় স্তৰত ১৯৪৫ চনত গঠন কৰা হয় কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট । তাৰে অংশস্বৰূপে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো ১৯৪৬ চনত গুৱাহাটীৰ শৰণীয়াত স্থাপন কৰা হয় কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্ট, অসম শাখা ।

লগতে পঢ়ক : National Women's day: সৰোজিনী নাইডুক কিয় ভাৰতৰ নাইটিংগেল বুলি কোৱা হয় জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.