ETV Bharat / state

চৰকাৰৰ অৱহেলা : ভূত বাংলাত পৰিণত আমগুৰিৰ পৰিদৰ্শন ভৱন

author img

By

Published : Aug 12, 2021, 9:19 PM IST

আমগুৰিৰ এটা পৰিদৰ্শন ভৱন এতিয়া পৰিণত হৈছে ভূত বাংলালৈ ৷ এই পৰিদৰ্শন ভৱনটোত একালৰ কমৰেড খগেন বৰবৰুৱা, বিমলা প্ৰসাদ চলিহাই বিভিন্ন সভা-সমিতি আয়োজন কৰিছিল । সম্প্ৰতি এৰাবাৰীত পৰিণত হোৱা পৰিদৰ্শন ভৱনটো চৰকাৰে সংৰক্ষণ অথবা পুনৰ নিৰ্মাণৰো কোনো গুৰুত্ব প্ৰদান কৰা নাই ।

Inspection House
ভূত বাংলালৈ ৰূপান্তৰ আমগুৰিৰ পৰিদৰ্শন ভৱন

আমগুৰি,১২ আগষ্ট : আমগুৰিৰ এটা বিশেষ ভৱন । এসময়ত নেতা-মন্ত্ৰী, শীৰ্ষ বিষয়াৰ বিশ্ৰামৰ অন্যতম স্থান আছিল ভৱনটো । শিৱসাগৰ জিলাৰ আমগুৰিত আছে বৰ্তমান লোক নিৰ্মাণ বিভাগ আৰু পূৰ্বৰ গড়কাপ্তানী বিভাগৰ অধীনৰ এই ভৱনটো । কিন্তু বৰ্তমান এই পৰিদৰ্শন ভৱনটো (Inspection House) এলাগী হৈ পৰিছে চৰকাৰৰ বাবে ।

এক প্ৰকাৰ ভূত বাংলালৈ ৰূপান্তৰিত হৈছে ভৱনটো । জহি খহি যাবলৈ ধৰিছে নামতি ষ্টেচনৰ সমীপত থকা পৰিদৰ্শন ভৱনটো । সুদীৰ্ঘ ৩০ বছৰে মেৰামতি নকৰাত হাবি-জংঘলেৰে আৱৰি ধৰিছে ভৱনৰ চৌহদ ।

ভূত বাংলালৈ ৰূপান্তৰ আমগুৰিৰ পৰিদৰ্শন ভৱন

ঐতিহ্য বহনকাৰী এই পৰিদৰ্শন ভৱনটোত একালৰ কমৰেড খগেন বৰবৰুৱা, বিমলা প্ৰসাদ চলিহাই বিভিন্ন সভা-সমিতি আয়োজন কৰিছিল । আনকি নামতিৰ এক সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰয়াত সুধাকণ্ঠ ভূপেন হাজৰিকাই (Bhupen Hazarika) জিৰণি লৈছিল এই ভৱনত । পৰিদৰ্শন ভৱনটো সুৰক্ষাৰ নামত এগৰাকী চকীদাৰো আছিল । কিন্তু এতিয়া ইয়াক চোৱাচিতা কৰিবলৈও কোনো নাই ।

সম্প্ৰতি এৰাবাৰীত পৰিণত হোৱা পৰিদৰ্শন ভৱনটো চৰকাৰে সংৰক্ষণ অথবা পুনৰ নিৰ্মাণৰো কোনো গুৰুত্ব প্ৰদান কৰা নাই । মুঠতে এতিয়া এই ঐতিহাসিক ভৱনটো নিঃশেষ হোৱাৰ পথত । পৰ্যটনৰ কেন্দ্ৰ হ'ব পৰা এই ভৱনটো সেয়ে স্থানীয় লোক তথা সংগঠন সমূহে পুনৰ নিৰ্মাণৰ দাবী তুলিছে ।

লগতে পঢ়ক :বাবুৰহাটত জব্দ 40 টা গৰু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.