ETV Bharat / state

Propaganda Against Akhil: শিৱসাগৰ টাউনত হোৱা উচ্ছেদৰ লগত জড়িত অখিল গগৈ !

author img

By

Published : Dec 4, 2021, 5:25 PM IST

Updated : Dec 4, 2021, 6:33 PM IST

"পৌৰসভাৰ নিৰ্বাচনৰ পূৰ্বে শিৱসাগৰত অখিলক লৈ অপপ্ৰচাৰ চলাইছে একাংশ লোকে ৷" এই মন্তব্যৰে শিৱসাগৰ পৌৰসভাৰ উচ্ছেদ অভিযানত(Eviction of Sivasagar Municipality) বিধায়ক অখিল গগৈ কোনো প্ৰকাৰে জড়িত নহয় বুলি স্পষ্টিকৰণ দিলে ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

Propaganda running against Akhil Gogoi
অপপ্ৰচাৰ নে শিৱসাগৰ পৌৰসভাৰ উচ্ছেদৰ লগত জড়িত অখিল গগৈ !

শিৱসাগৰ, 4 ডিচেম্বৰ : শিৱসাগৰ নগৰৰ মাজমজিয়াত পৌৰসভাৰ দ্বাৰা উচ্ছেদ অভিযান(Eviction of Sivasagar Municipality) প্ৰসংগক লৈ শনিবাৰে এক সংবাদমেল সম্বোধন কৰে ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিয়ে ৷ শিৱসাগৰ প্ৰেছ ক্লাৱত আয়োজন কৰা সংবাদমেলত শিৱসাগৰ ৰাইজৰ দলৰ উপ-সভাপতি ৰণজিৎ তামুলীয়ে কয়, শিৱসাগৰ পৌৰসভাই পদপথ দখল কৰি থকা ব্যৱসায়ী সকলৰ বিৰুদ্ধে চলোৱা অভিযান শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ নেতৃত্বত গ্ৰহণ কৰা বুলি এক অপপ্ৰচাৰ চলোৱা হৈছে (Propaganda against Akhil Gogoi in Sivasagar) ৷

এনে ক্ষেত্ৰত এই উচ্ছেদ অভিযানৰ লগত অখিল গগৈ তথা ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতি কোনো প্ৰকাৰে জড়িত নহয় বুলি স্পষ্টিকৰণ প্ৰদান কৰিছে ৰণজিৎ তামুলীয়ে ৷ উল্লেখ্য যে, শিৱসাগৰ নগৰৰ একাংশ ৰাইজ এই উচ্ছেদক লৈ সৰৱ হৈ পৰা পৰিলক্ষিত হৈছিল ।

অপপ্ৰচাৰ নে শিৱসাগৰ পৌৰসভাৰ উচ্ছেদৰ লগত জড়িত অখিল গগৈ !

আগন্তুক পৌৰসভা নিৰ্বাচনক(Municipal Elections News) কেন্দ্ৰ কৰি পৰিকল্পিতভাৱে এচামে এই উচ্ছেদ ৰাইজৰ দলৰ বিধায়কৰ তৰফৰ পৰা চলোৱা বুলি এক প্ৰচাৰ আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰে ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিয়ে ৷

পৌৰসভাৰ নিৰ্বাচন আহি আছে ৷ গতিকে একাংশ লোকে এই অভিযানটোত ৰাজনীতিৰ ৰহন সানিব বিচাৰিছে ৷ পৌৰসভা নিৰ্বাচনৰ পূৰ্বে এইয়া বিধায়ক অখিল গগৈক বদনাম কৰাৰ প্ৰয়াস বুলি অভিযোগ কৰে ৰাইজৰ দলৰ উপ-সভাপতি ৰঞ্জিত তামুলীয়ে

লগতে পঢ়ক: দিনত 6 বাৰকৈ গো-ধোৱে পত্নীয়ে : বিবাহ বিচ্ছেদৰ আবেদন স্বামীৰ, তৰিলে গোচৰ

Last Updated : Dec 4, 2021, 6:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.