ETV Bharat / state

Assam Sahitya Sabha election: সাহিত্য সভাৰ সভাপতি পদৰ বাবে নাহেন্দ্ৰ পাদুনৰ মনোনয়ন সংগ্ৰহ

author img

By

Published : Oct 22, 2022, 12:56 PM IST

সমাগত অসম সাহিত্য সভাৰ নিৰ্বাচন (Assam Sahitya Sabha election 2022) । শুকুৰবাৰে অসম সাহিত্য সভাৰ যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে নাহেন্দ্ৰ পাদুনৰ লগতে য়েছে দৰ্জে ঠংছিয়ে (Yese Dorje Thonsi collected nomination paper) ।

Nahendra Padun collects nominations for President of Assam Sahitya Sabha
অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে নাহেন্দ্ৰ পাদুনৰ মনোনয়ন সংগ্ৰহ

শিৱসাগৰ, 22 অক্টোবৰ: সমাগত অসম সাহিত্য সভাৰ পৰৱৰ্তী সমিতিৰ নিৰ্বাচন (Assam Sahitya Sabha election 2022) । ইতিমধ্যে সভাপতি পদৰ প্ৰাৰ্থীক লৈ আৰম্ভ হৈছে বহু জল্পনা-কল্পনা । বিশিষ্ট সাহিত্যিক য়েছে দৰ্জে ঠংছিৰ লগতে শিৱসাগৰৰ সন্তান,অসমীয়া ভাষাৰ গৱেষক নাহেন্দ্ৰ পাদুনৰো নাম বহুলভাৱে চৰ্চিত হৈ আহিছিল ।

অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে নাহেন্দ্ৰ পাদুনৰ মনোনয়ন সংগ্ৰহ

এই চৰ্চাক সঁচা প্ৰমাণিত কৰি শুকুৰবাৰে অসম সাহিত্য সভাৰ যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে নাহেন্দ্ৰ পাদুনৰ লগতে য়েছে দৰ্জে ঠংছিয়ে (Yese Dorje Thonsi collected nomination paper) । শুকুৰবাৰে দিনৰ ১১ বজাত পাদুনে মনোনয়ন পত্ৰ সংগ্ৰহ কৰি অসম সাহিত্য সভাৰ গতিশীলতাৰ পোষকতা কৰে (Assam Sahitya Sabha Jorhat head office) ।

উল্লেখ্য যে, অসম সাহিত্য সভাৰ ইতিহাসত শিৱসাগৰৰ এক সুকীয়া পৰিচয় আছে । ১৯১৭ চনৰ অসম সাহিত্য সভাৰ শিৱসাগৰৰ প্ৰথমখন অধিৱেশনৰ পৰা ২০১৩ চনৰ বৰপেটা ৰোড অধিৱেশনলৈকে বৃহত্তৰ শিৱসাগৰৰ পৰা ওঠৰ গৰাকী সাহিত্যিকে সভাপতিৰ আসন অলংকৃত কৰিছে । শিৱসাগৰত অনুষ্ঠিত প্ৰথম অধিৱেশনত পদ্মনাথ গোহাঞি বৰুৱাই সভাপতিত্ব কৰাৰ পৰা চৌসত্তৰ সংখ্যক অধিৱেশনত কথাশিল্পী ইমৰান শ্বাহ সভাপতি হোৱালৈকে শিৱসাগৰৰ পৰা মুঠ উঠৰ গৰাকী সাহিত্যিকে অসম সাহিত্য সভাৰ সভাপতিৰ আসন শুৱনি কৰিছে ।

বিশিষ্ট সাহিত্যিক নাহেন্দ্ৰ পাদুনে অসম সাহিত্য সভাৰ সভাপতি পদৰ বাবে মনোনয়ন গ্ৰহণ কৰাক লৈ শিৱসাগৰৰত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে (Nahendra Padun collected nomination paper)। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক পদত দক্ষতাৰে দায়িত্ব পালন কৰা নাহেন্দ্ৰ পাদুন ওৰেটো জীৱন গৱেষণামূলক সাহিত্য আৰু সাহিত্য সভাৰ সৈতে জড়িত হৈ আছে । মিছিং ভাষাক কেন্দ্ৰ কৰি বহু গ্ৰন্থ প্ৰণয়ন কৰাকে আদি কৰি নাহেন্দ্ৰ পাদুন অসমীয়া ভাষা উত্তৰণৰ অন্যতম অক্লান্ত কৰ্মী ।

সাহিত্যচাৰ্য নাহেন্দ্ৰ পাদুনে অসম সাহিত্য সভাৰ পৰৱৰ্তী কাৰ্যকালৰ বাবে সভাপতি পদৰ মনোনয়ন সংগ্ৰহ কৰাক লৈ শিৱসাগৰৰ ৰাইজে তেওঁক শুভেচ্ছা প্ৰদান কৰিছে যাতে আন এগৰাকী শিৱসাগৰৰ সন্তানে পুনৰ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰিব পাৰে (Assam Sahitya Sabha President Election) ।

উল্লেখযোগ্য যে শুকুৰবাৰে যোৰহাটৰ মুখ্য কাৰ্যালয়ৰ পৰা সভাপতি, উপ-সভাপতি, সম্পাদক আদি বিভিন্ন পদৰ বাবে মনোনয়ন বিভিন্নজনে সংগ্ৰহ কৰে । প্ৰাপ্ত তথ্য অনুসৰি পাদুন-ঠংছিৰ লগতে জগদীশ পাটগিৰি, সূৰ্য হাজৰিকা আৰু ৰোমান শৰ্মাই মনোনয়ন সংগ্ৰহ কৰিছে । আনহাতে উপ-সভাপতি পদৰ বাবে গিৰিশ সন্দিকৈ আৰু গণেশ দত্তৰ লগতে সম্পাদক পদৰ বাবে উপেন্দ্ৰজিৎ শৰ্মা, যাদৱ শৰ্মা, দেৱজিৎ বৰা, চবিৰ ৰহমানে মনোনয়ন সংগ্ৰহ কৰা বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Assam Sahitya Sabha : সাহিত্য সভাৰ সভাপতি পদৰ বাবে য়েছে দৰজে ঠংচিৰ মনোনয়ন সংগ্ৰহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.