ETV Bharat / state

MV Ganga Vilas: দিখৌমুখত মিচিং পৰম্পৰাৰে আদৰিলে এম ভি গংগা বিলাসৰ পৰ্যটকক

author img

By

Published : Feb 28, 2023, 11:56 AM IST

২৮ জনীয়া বিদেশী পৰ্যটকক অসম পৰিভ্ৰমণ কৰাইছে বিশ্বৰ সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাসে । সোমবাৰে মাজুলী, যোৰহাট অতিক্ৰম কৰাৰ পাছত, শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰ, কাৰেংঘৰ পৰিদৰ্শন কৰি সন্ধ্যা ভাগত উপস্থিত হয় শিৱসাগৰৰ দিখৌমুখত(World longest river cruise MV Ganga Vilas) । গুমৰাগ নৃত্যৰে বিদেশী পৰ্যটকক আদৰিলে দিখৌমুখবাসীয়ে ।

MV Ganga Vilas arrived in Sivsaga
গুমৰাগ নৃত্যৰে বিদেশী পৰ্যটকক আদৰিলে দিখৌমুখবাসীয়ে

গুমৰাগ নৃত্যৰে বিদেশী পৰ্যটকক আদৰিলে দিখৌমুখবাসীয়ে

আমগুৰি,২৮ ফেব্ৰুৱাৰী: কুৰিৰো অধিক বিদেশী পৰ্যটকক কোলাত লৈ ব্ৰহ্মপুত্ৰৰ ঘাটে ঘাটে এম ভি গংগা বিলাস । কালি যদি মাজুলী আজি আকৌ শিৱসাগৰ(MV Ganga Vilas in Dikhoumukh Assam) । মুঠতে অসমৰ উল্লেখযোগ্য পৰ্যটনস্থলীসমূহ পৰিদৰ্শন কৰোৱা হৈছে বিদেশী পৰ্যটকসকলক(Assam Tourism welcome tourist of Ganga Vilas) । সোমবাৰে এম ভি গংগা বিলাসে অতিক্ৰম কৰিলে অসমৰ কেইবাটাও উল্লেখযোগ্য পৰ্যটনস্থলী । মাজুলী, যোৰহাটৰ পাছত এম ভি গংগা বিলাস নিশাৰ ভাগত উপস্থিত হয় শিৱসাগৰৰ দিখৌমুখত(MV Ganga Vilas arrived in Sivsagar) ।

শিৱসাগৰৰ দিখৌমুখবাসীয়ে বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আদৰণি জনায় বিদেশী পৰ্যটকৰ দলটোক । বিশ্বৰ সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাস(World longest river cruise MV Ganga Vilas) দিখৌমুখত উপস্থিত হোৱাৰ পাছত মিছিং জনগোষ্ঠীৰ গুমৰাগ নৃত্য প্ৰদৰ্শন কৰে (Foreign tourist of MV Ganga Vilas in Sivsagar) । লগতে মিছিং জনগোষ্ঠীৰ পানীয় ছাইমদৰ সোৱাদ লৈ ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটোৱে আৱেগিকভাৱে বিদায় ল'লে দিখৌমুখৰ পৰা(MV Ganga Vilas left Dikhoumukh) । কৈ গ'ল অসমবাসীৰ আপ্য়ায়নৰ কথা, শলাগ ল'লে অসমৰ সাতামপুৰুষীয়া সংস্কৃতিৰ কথা ।

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত এম ভি গংগা বিলাস নামৰ বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুইজ সেৱাৰ শুভাৰম্ভ কৰিছিল । ইয়াৰ জৰিয়তে ভাৰতত ৰিভাৰ ক্ৰুইজ পৰ্যটনৰ নতুন যুগৰ সূচনা হোৱাৰ আশা প্ৰকাশ কৰা হৈছিল । এই বিলাসী ৰিভাৰ ক্ৰুইজখনে ভাৰত আৰু বাংলাদেশৰ ৫ খন ৰাজ্যৰ ২৭ খন নদী প্রণালীৰ মাজেৰে সুদীর্ঘ ৩ হাজাৰ ২০০ কিলোমিটাৰতকৈ অধিক দূৰত্ব অতিক্ৰম কৰিব । এই সেৱাৰ লগে লগে ইমানদিনে অনাদৃত হৈ থকা ৰিভাৰ ক্ৰুইজ সেৱাৰ বিশাল সম্ভাৱনাৰ ক্ষেত্ৰখনো মুকলি হ'ব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে দেশৰ বিশাল সম্ভাৱ্য নদী পৰ্যটনৰ দুৱাৰ মুকলি কৰাৰ দিশত চৰকাৰৰ এক পদক্ষেপ হৈছে বিশ্বৰ সৰ্বাধিক দূৰত্ব অতিক্ৰম কৰা ৰিভাৰ ক্ৰুইজ এম ভি গংগা বিলাস । এই নদী যাত্ৰাৰ জৰিয়তে পৰ্যটকসকলে ভাৰতৰ আধ্যাত্মিক, শৈক্ষিক, সাংস্কৃতিক দিশৰ লগতে জৈৱ বৈচিত্ৰ্যৰ সমৃদ্ধি অনুভৱ কৰিব পাৰিবলৈ সক্ষম হৈছে ৷ ৰিভাৰ ক্ৰুইজৰ ৫১ দিনীয়া যাত্রাপথত বিশ্ব ঐতিহ্য ক্ষেত্ৰ, ৰাষ্ট্ৰীয় উদ্যান, নদী ঘাট, বিহাৰৰ পাটনা, ঝাৰখণ্ডৰ সাহিবগঞ্জ, পশ্চিমবংগৰ কলকাতা, বাংলাদেশৰ ঢাকা আৰু অসমৰ গুৱাহাটী আদি ডাঙৰ চহৰকে ধৰি ৫০ টা পর্যটনস্থলী ভ্ৰমণৰ কাৰ্যসূচী সামৰি লৈছে ।

সোমবাৰে মাজুলীৰ পৰা উভতি যোৰহাট পৰিভ্ৰমণ কৰাৰ পাছত শিৱসাগৰৰ ঐতিহাসিক স্থান তলাতল ঘৰ, ৰংঘৰ, শিৱদৌল পৰিদৰ্শন কৰি সন্ধ্যা দিখৌমুখত উপস্থিত হৈ মিছিং জনগোষ্ঠীৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে বিদেশী পৰ্যটকৰ দলটোৱে । অসমৰ এই যাত্ৰাপথত পৰ্যটকসকল পৰিচিত হৈছে অসমৰ বিহু, মুখা শিল্প, ভাওনা, সত্ৰীয়া নৃত্য, বৰগীত আদিৰ দৰে অসমৰ আপুৰুগীয়া সংস্কৃতিৰ সৈতে । ১ মাৰ্চত ২৮ জনীয়া বিদেশী পৰ্যটকৰ দলটো ডিব্ৰুগড়ৰত উপস্থিত হ'ব আৰু তাৰ পৰা এই দলটো উভতি যোৱাৰ পিচত আন এটি বিদেশী পৰ্যটকৰ দলে ভাৰত আৰু অসমত প্ৰৱেশ কৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: Electricity contract workers protest: চাকৰি নিয়মীয়াকৰণৰ দাবীত চচলত বিদ্যুৎ কৰ্মীৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.