ETV Bharat / state

ধুমুহা-শিলাবৃষ্টিয়ে আশ্ৰয়হীন কৰিলে অৰ্ধশতাধিক পৰিয়ালক

author img

By

Published : Apr 28, 2021, 6:14 PM IST

মঙলবাৰে নিশা অহা ধুমুহা-শিলাবৃষ্টিৰ ফলত ৰাজ্যৰ বিভিন্ন অঞ্চলত বিদ্যুৎ সেৱা ব্যাহত হোৱাৰ উপৰিও বিস্তৰ ক্ষতি সাধন হৈছে ৷ প্ৰচণ্ড ধুমুহা শিলাবৃষ্টিত বহু লোকৰ ঘৰ-দুৱাৰ ভাঙি যোৱাৰ ফলত আমগুৰিৰ বিভিন্ন অঞ্চলৰ অৰ্ধশতাধিক পৰিয়াল আশ্ৰয়হীন হৈ পৰিছে ৷

আমগুৰিত ধুমুহা-শিলাবৃষ্টিৰ ফলত আশ্ৰয়হীন অৰ্দ্ধশতাধিক পৰিয়াল
আমগুৰিত ধুমুহা-শিলাবৃষ্টিৰ ফলত আশ্ৰয়হীন অৰ্দ্ধশতাধিক পৰিয়াল

আমগুৰি, ২৮ এপ্ৰিল : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মঙলবাৰে নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিয়ে জোঁকাৰি গ'ল আমগুৰিৰ বিভিন্ন অঞ্চল ৷ নিশা অহা প্ৰচণ্ড ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত আশ্ৰয়হীন হয় অৰ্ধশতাধিক পৰিয়াল ।

ঠায়ে ঠায়ে প্ৰকাণ্ড প্ৰকাণ্ড গছ ভাঙি মানুহৰ ঘৰৰ ওপৰত পৰাৰ উপৰিও ভাঙি পৰে বিদ্যুতৰ খুঁটা ৷ ফলত অঞ্চলবোৰত বন্ধ হৈ পৰিছে যাতায়াত সেৱাৰ লগতে বিদ্যুৎ সেৱা ৷ দিকচু, মাউৎ, টিপমীয়া,পৰ্বতীয়া, খেমদৈ আৰু নামতিৰ বৃহত্তৰ অঞ্চলত শিলাবৃষ্টিয়ে বিস্তৰ ক্ষতি কৰাত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৰাইজৰ মাজত ৷

ধুমুহা-শিলাবৃষ্টিয়ে আশ্ৰয়হীন কৰিলে অৰ্ধশতাধিক পৰিয়ালক

কৰ'ণা মহামাৰীৰ সময়ত প্ৰকৃতিৰ তাণ্ডৱৰ ফলত বহু পৰিয়াল দিশহাৰা হোৱাৰ পাচতো বৰ্তমানলৈকে আমগুৰিৰ প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে প্ৰশাসনক সহায়-সাহাৰ্য আগবঢ়াবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: উলুবাৰীৰ ছিগনেচাৰ এপাৰ্টমেণ্টৰ ভূমিকম্পৰ পাচৰ দৃশ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.