ETV Bharat / state

Inauguration of Selfie Point: শিৱসাগৰ সদৰ থানাত ছেলফি পইণ্ট মুকলি

author img

By

Published : Aug 10, 2022, 10:39 PM IST

ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day) উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ এই মহোৎসৱ সফল কৰাৰ উদ্দেশ্যে বুধবাৰে শিৱসাগৰ নগৰৰ সদৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰিকল্পনাত এক ছেলফি পইণ্ট মুকলি কৰা হয় (Inauguration of Selfie Point in Sivasagar Police station) ।

selfie-point-opened-by-sivasagar-police-at-sivasagar-police-station-on-occasion-of-75th-independence-day
শিৱসাগৰ সদৰ থানাত ছেলফি পইণ্ট মুকলি

শিৱসাগৰ, 10 আগষ্ট: ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস (75th Independence Day) উপলক্ষে সমগ্ৰ দেশজুৰি অনুষ্ঠিত হ'ব স্বাধীনতাৰ অমৃত মহোৎসৱ (Azadi Ka Amrit Mahotsav) ৷ আজাদী কা অমৃত মহোৎসৱ পালনৰ জৰিয়তে এইবাৰ "হৰ ঘৰ ত্ৰিৰংগা" ৰ কাৰ্যসূচী গ্ৰহণ কৰিছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে (Har Ghar Tiranga Abhiyan) । জন অংশীদাৰিত্বৰে ‘হৰ ঘৰ ত্ৰিৰংগা’ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ বাবে ইতিমধ্যে প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক আহ্বান জনাইছে ৷

সম্প্ৰতি এই মহোৎসৱক লৈ সমগ্ৰ দেশতে চৰকাৰী বিভাগবোৰৰ মাজত এক বিশেষ তৎপৰতা দেখা গৈছে । সাধাৰণ প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনো যেন এই দিশত পিছপৰি ৰোৱা নাই । ইয়াৰ মাজতে শিৱসাগৰ আৰক্ষীয়েও হাতত লৈছে বিশেষ কাৰ্যসূচী । "আৰক্ষীৰ লগত ৰাইজ,ৰাইজৰ লগত আৰক্ষী" চিন্তা আগবঢ়াই নিবৰ বাবে মঙলবাৰে শ'লগুৰিত আৰক্ষী আৰু ৰাইজৰ এখন প্ৰীতি ফুটবল খেল অনুষ্ঠিত হৈ যোৱাৰ পাছত বুধবাৰে শিৱসাগৰ নগৰৰ সদৰ থানাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ পৰিকল্পনাত এক ছেলফি পইণ্ট মুকলি কৰা হয় (Inauguration of Selfie Point in Sivasagar Police station) ।

শিৱসাগৰ সদৰ থানাত ছেলফি পইণ্ট মুকলি

সততে থানা বুলি ক’লে সাধাৰণ ৰাইজৰ মনত এক ভয় আৰু কুণ্ঠাবোধভাৱে ক্ৰিয়া কৰে । থানাত সাধাৰণ লোক আহি যাতে এক মুকলি পৰিৱেশ পাব পাৰে আৰু থানাত আহি আৰক্ষীৰ সহযোগিতা লাভ কৰি হাঁহি হাঁহি ওলাই যোৱাৰ সময়ত এখন ছেলফি তুলি যাব পাৰে, সেই লক্ষ্য আগত ৰাখি এই ছেলফি পইণ্ট মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক শুভ্ৰজ্যোতি বৰাই ৷

আৰক্ষী অধীক্ষকগৰাকীয়ে এই ছেলফি পইণ্ট উদ্বোধন কৰি "ৰাইজৰ সহায়ত ৰাইজৰ থানা" বুলি মন্তব্য কৰে । অনুষ্ঠানত অতিৰিক্ত আৰক্ষী অধীক্ষক(সদৰ) দেৱজিৎ নাথ, অতিৰিক্ত আৰক্ষী অধীক্ষক (সুৰক্ষা) আৰিফ আহমেদ, ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতা সহিতে বহু আৰক্ষী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক: Trianga Yatra at Sipajhar: ছিপাঝাৰত বিজেপি যুৱ মৰ্চাৰ উদ্যোগত ত্ৰিৰংগা যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.