ETV Bharat / state

শিৱসাগৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

author img

By

Published : May 26, 2021, 7:41 PM IST

GANJA SEIZE
শিৱসাগৰত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

জয়সাগৰ আৰক্ষী চাউনীৰ অন্তৰ্গত ভঁটীয়াপৰত আৰক্ষীৰ অভিযানত জব্দ ১ কেজি ৪৫৬ গ্ৰাম গাঞ্জা । আৰক্ষীয়ে লোকজনক আটক কৰাৰ লগতে নিজাববীয়াকৈ এক গোচৰো ৰুজু কৰিছে ।

শিৱসাগৰ,২৬ মে': ৰাজ্যৰ চাৰিওফালে অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান । শিৱসাগৰটো নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে সষ্টম আৰক্ষী । বুধবাৰে জয়সাগৰ আৰক্ষী চাউনীৰ অন্তৰ্গত ভঁটীয়াপৰত আৰক্ষীৰ অভিযানত জব্দ ১ কেজি ৪৫৬ গ্ৰাম গাঞ্জা ।

পিতাম্বৰ দাস নামৰ এগৰাকী ব্যক্তিৰ ঘৰৰ পৰা জব্দ কৰা হয় গাঞ্জাখিনি । আৰক্ষীয়ে লোকজনক আটক কৰাৰ লগতে নিজাববীয়াকৈ এক গোচৰো ৰুজু কৰিছে । জানিব পৰা মতে স্বাস্থ্য় পৰীক্ষাৰ অন্তত লোকজনক শিৱসাগৰৰ আদালতত হাজিৰ কৰাৰ লগতে জব্দ কৰা গাঞ্জাখিনি উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰিছে ।

লগতে পঢ়ক:ডিমা হাছাও জিলাত পুনৰ ডাইনী কাণ্ড...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.