ETV Bharat / state

গৌৰীসাগৰত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

author img

By

Published : May 23, 2021, 6:23 PM IST

drugs-paddler-arrested-in-amguri
গৌৰীসাগৰত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

গৌৰীসাগৰত আটক হৈছে দুজন ড্ৰাগছ সৰবৰাহকাৰী ৷ সৰবৰাহকাৰী দুজনৰ পৰা গৌৰীসাগৰ আৰক্ষীয়ে মুঠ 12.660 গ্ৰাম ড্ৰাগছ সহ 18,800 নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে ৷

আমগুৰি, ২৩ মে': শিৱসাগৰ জিলাৰ গৌৰীসাগৰত দেওবাৰে আৰক্ষীয়ে দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে ৷ গৌৰীসাগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তালাচী অভিযানত আটক হৈছে ড্ৰাগছ সৰবৰাহকাৰী দুজন ৷

গৌৰীসাগৰত ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

প্ৰাপ্ত তথ্য অনুসৰি, শিৱসাগৰ আমোলাপট্টীৰ দুজন যুৱকে নগাঁৱৰ পৰা AS04S 0359 নম্বৰৰ মটৰচাইকেলেৰে ড্ৰাগছখিনি কঢ়িয়াই আনিছিল ৷ গৌৰীসাগৰ আৰক্ষীৰ নিয়মীয়া তালাচীত আটক হোৱা সৰবৰাহকাৰী কেইটা ক্ৰমে ৰূপম দে আৰু ৰুবুল খাউণ্ড বুলি জানিব পৰা গৈছে । যুৱক দুজনৰ পৰা গৌৰীসাগৰ আৰক্ষীয়ে মুঠ 12.660 গ্ৰাম ড্ৰাগছ সহ 18,800 নগদ ধন জব্দ কৰিবলৈ সক্ষম হৈছে । বৰ্তমান আৰক্ষীয়ে আটকাধীন যুৱক দুজনক সোধপোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : সুখবৰ: মানাহ ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি পাইছে ঢেঁকীয়াপটীয়া বাঘৰ সংখ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.