ETV Bharat / state

শিৱসাগৰৰ ক'ভিড প্ৰতিষেধক প্ৰদান শিৱিৰত ভংগ প্ৰট'কল

author img

By

Published : May 25, 2021, 9:30 PM IST

Broken protocol at The Covid Immunization Camp in Sivasagar
শিৱসাগৰৰ ক'ভিড প্ৰতিষেধক প্ৰদান শিৱিৰত ভংগ প্ৰট'কল

শিৱসাগৰৰ ক'ভিড প্ৰতিষেধক প্ৰদান শিৱিৰ l ধোঁৱা চাঙত উঠিল ক'ভিড প্ৰট'কল ৷ চৰকাৰী নীতি নিৰ্দেশনা উলংঘা কৰি শিৱিৰটোৰ দায়িত্বত থকা একাংশই পিছ দুৱাৰেদি নিজ পৰিচিত ব্যক্তিক প্ৰতিষেধক যোগান ধৰি অহাৰ অভিযোগ উত্থাপন হৈছে প্ৰশাসনৰ বিৰুদ্ধে ৷

শিৱসাগৰ, 25 মে': ৰাজ্যৰ আন আন জিলাসমূহৰ দৰে শিৱসাগৰতো ৰাইজৰ সুবিধাৰ্থে মুকলি কৰা হৈছে প্ৰতিষেধক প্ৰদান শিৱিৰ ৷ শিৱসাগৰ চহৰৰ মাজমজিয়াত থকা শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত জিলা প্ৰশাসন আৰু জিলা স্বাস্থ্য বিভাগৰ যুতীয়া উদ্যোগত মুকলি কৰা হৈছিল প্ৰতিষেধক প্ৰদান শিৱিৰ ৷ কিন্তু শিৱিৰটোত প্ৰতিষেধক প্ৰদানৰ ক্ষেত্ৰত নানান অৰাজকতাৰ সৃষ্টি হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

শিৱসাগৰৰ ক'ভিড প্ৰতিষেধক প্ৰদান শিৱিৰত ভংগ প্ৰট'কল

ৰাইজৰ অভিযোগ, শিৱিৰটোলৈ বহু দূৰ-দুৰণিৰ পৰা প্ৰতিষেধক গ্ৰহণৰ বাবে বহুলোক আহিছে যদিও শিৱিৰটোৰ দায়িত্বত থকা একাংশই পিছ দুৱাৰেদি নিজ পৰিচিত ব্যক্তিক প্ৰতিষেধক যোগান ধৰি আহিছে ৷ ইফালে এই ঘটনা ৰাইজে প্ৰত্যক্ষ কৰাৰ পাচতে হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে ৷ উত্তেজিত ৰাইজে স্বাস্থ্য বিভাগৰ লোকৰ লগতে প্ৰশাসনৰ বিৰুদ্ধে স্বজন তোষণৰ অভিযোগ উত্থাপন কৰিছে ৷

আনহাতে, চৰকাৰী সকলো নিৰ্দেশনা ভংগ কৰিছে শিবিৰটোত ৷ সামাজিক দূৰত্ব বৰ্তাই ৰখাৰ ক্ষেত্ৰত জিলা প্ৰশাসন সম্পূৰ্ণ ৰূপে অপাৰগ হোৱাত ৰোগৰ পৰা মুক্ত হ'বলৈ অহা ৰাইজ এতিয়া ৰোগাক্ৰান্ত হোৱাৰ আশংকাত চিন্তিত হৈ পৰিছে ৷

লগতে পঢ়ক: বজাৰৰ অভাৱ: পশুধনৰ খাদ্য হৈ পৰিছে ৰজনীগন্ধা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.