ETV Bharat / state

শিৱসাগৰত পদ্মনাথ গোহাঞি বৰুৱাৰ 150 বছৰীয়া জন্ম-জয়ন্তী উদযাপন

author img

By

Published : Dec 16, 2021, 1:25 PM IST

150th birth anniversary of padmanath gohain baruah
শিৱসাগৰত পদ্মনাথ গোহাঞি বৰুৱাৰ 150 বছৰীয়া জন্ম-জয়ন্তী উদযাপন

অসমীয়া ভাষা-সাহিত্যৰ বাটকটীয়া পদ্মনাথ গোহাঞি বৰুৱাক তেওঁৰ 150 বছৰীয়া জন্ম-জয়ন্তীত স্মৰণ (Padmanath Gohain Baruah's 150th birth anniversary) ৷ শিৱসাগৰত সাতদিনীয়াকৈ উদযাপন কৰা হৈছে পুৰোধা ব্যক্তিগৰাকীৰ জন্ম-জয়ন্তী ৷

শিৱসাগৰ, 16 ডিচেম্বৰ : শিৱসাগৰত 10 ৰ পৰা 17 ডিচেম্বৰলৈকে সাতদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হৈছে বিশিষ্ট সাহিত্যিক পদ্মনাথ গোহাঞি বৰুৱাৰ 150 বছৰীয়া জন্ম-জয়ন্তী ( Padmanath Gohain Baruah birth anniversary celebration) ৷ শিৱসাগৰ জিলাৰ বৰ্ডিং খেলপথাৰত সদৌ অসম আহোম সভাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ৷

বুধবাৰে পুৱাৰ ভাগত উদযাপন সমিতিয়ে ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ লগত সংগতি ৰাখি ডেৰশ খন পতাকা উত্তোলন কৰি সশ্ৰদ্ধ প্ৰণাম জনাই মৈদাম তৰ্পণ কৰে (150 th birthday of Padmanath Gohain Baruah) ৷ বিশিষ্ট অতিথি ‘অৰণ্য মানৱ’ খ্যাত যাদৱ পায়েংৰ উপস্থিতিত উক্ত কাৰ্যসূচীত তিনিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় ৷

শিৱসাগৰত পদ্মনাথ গোহাঞি বৰুৱাৰ 150 বছৰীয়া জন্ম-জয়ন্তী উদযাপন

সংবাদ মাধ্যমৰ আগত যাদৱ পায়েঙে পদ্মনাথ গোহাঞি বৰুৱাৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সুঁৱৰি ভাষা সাহিত্য সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমাৰ কৰণীয় কিমান আছে তাক লৈ মত প্ৰকাশ কৰে ৷ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সভাপতিৰ এই জন্ম-জয়ন্তী অনুষ্ঠানত কুইজ, কবিতা আবৃত্তি, গ্ৰন্থমেলাকে ধৰি আন বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

ইফালে এইবাৰ প্ৰথমবাৰৰ বাবে আহোম সভাই প্ৰদান কৰিবলৈ আগবাঢ়িছে পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য বঁটা (Padmanath Gohain Baruah Sahitya Award) ৷ অধ্যাপক ড৹ অৰৱিন্দ ৰাজখোৱালৈ আগবঢ়োৱা হৈছে পদ্মনাথ গোহাঞিবৰুৱা সাহিত্য বঁটা(Padmanath Gohain Baruah Sahitya Award to Dr Arabinda Rajkhowa ) ৷ সাহিত্য চেতনা, ঐতিহ্য বিচাৰ আদি বিভিন্ন দিশত কৰি অহা সাধনাক সন্মান জনাই আহোম সভাই অধ্যাপক ড৹ অৰৱিন্দ ৰাজখোৱালৈ এই বঁটা আগবঢ়াইছে ৷

লগতে চাওক : ড৹ অৰবিন্দ ৰাজখোৱালৈ পদ্মনাথ গোহাঞি বৰুৱা সাহিত্য বঁটা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.