ETV Bharat / state

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

author img

By

Published : Feb 7, 2020, 10:34 AM IST

Updated : Feb 7, 2020, 1:58 PM IST

Bhogeswar Baruah awarded Veer Chilarai Award
ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ 2019 বৰ্ষৰ বীৰ চিলাৰায় বঁটা ৷ বঙাইগাঁৱত অহা 9 ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

শিৱসাগৰ, 7 ফেব্ৰুৱাৰীঃ ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ অসম চৰকাৰৰ 2019 বৰ্ষৰ বীৰ চিলাৰায় বঁটা ৷ অহা 9 ফেব্ৰুৱাৰীত বঙাইগাঁৱত আয়োজিত হ’বলগীয়া বীৰ চিলাৰায় দিৱসৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা ৷

ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

উল্লেখ্য যে এগৰাকী ফুটবল খেলুৱৈৰূপে নিজৰ ক্ৰীড়া জীৱন আৰম্ভ কৰা ভোগেশ্বৰ বৰুৱাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ EME বিভাগত যোগদান কৰাৰ পিচতে নিজকে ক্ৰীড়া ক্ষেত্ৰত এক ৰণুৱা হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল ৷ ভোগেশ্বৰ বৰুৱাক 1967 চনত অৰ্জুন পুৰষ্কাৰেৰে সন্মানিত কৰা হয় ৷ উল্লেখ্য যে, অৰ্জুন পুৰষ্কাৰ লাভ কৰা উত্তৰ-পূৱৰ প্ৰথমগৰাকী ক্ৰীড়াবিদ অৰ্জুন ভোগেশ্বৰ বৰুৱা ৷ আনহাতে এই সফল ক্ৰীড়াবিদগৰাকীৰ জন্মদিন 3 চেপ্তেম্বৰৰ দিনটো সমগ্ৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে পালন কৰি অহা হৈছে ৷ অসম চৰকাৰৰ 2019 বৰ্ষৰ বীৰ চিলাৰায় বঁটা লাভ কৰাৰ বাবে অৰ্জুন ভোগেশ্বৰ বৰুৱাক শুভেচ্ছা জনাইছে ৰাজ্যৰ ক্ৰীড়াপ্ৰেমীসকলে ৷

অৰ্জুন ভোগেশ্বৰ বৰুৱালৈ বীৰ চিলাৰায় বঁটা

আৰু পঢ়কঃবুক মাই শ্ব'ত মুকলি ফিল্মফেয়াৰৰ টিকট

Intro:Body:#অৰ্জুন ভোগেশ্বৰ বৰুৱাক অসম চৰকাৰে প্ৰদান কৰিব ২০১৯ বৰ্ষৰ বীৰ চিলাৰায় বঁটা।

#অহা ৯ ফেব্ৰুৱাৰী ২০২০ তাৰিখে বঙাইগাঁওত আয়োজিত হব লগা বীৰ চিলাৰায় দিৱস অনুষ্ঠানত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে প্ৰদান কৰিব এই বটা।।

#উল্লেখযোগ্য যে ১৯৬৬ চনৰ বেংকক এচিয়ান গেমছত ভোগেশ্বৰ বৰুৱাই ৮০০ মিটাৰ দৌৰত স্বর্ণ পদক লাভ কৰিছিল।

#ফুটবল খেলুৱৈ ৰূপে ক্ৰীড়া জীৱন আৰম্ভ কৰা
ভোগেশ্বৰ বৰুৱাই ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ EME বিভাগত যোগদান কৰাৰ পাছত নিজকে দৌৰৰ ক্ষেত্ৰত এক ৰণুৱা ৰূপে প্ৰতিষ্ঠা কৰিছিল।

#ভোগেশ্বৰ বৰুৱাই ১৯৬৭ চনত অৰ্জুন পুৰস্কাৰ লাভ কৰে।এই পুৰস্কাৰ লাভ কৰা উত্তৰ পূব ভাৰতৰ প্ৰথম জন ক্ৰীড়াবিদ ভোগেশ্বৰ বৰুৱা।

#ক্ৰীড়াবিদ গৰাকীৰ জন্মদিন ৩ ছেপ্টেম্বৰ অসমত অভিৰুচি ক্ৰীড়া দিৱস ৰূপে উদযাপন কৰা হয়।Conclusion:
Last Updated :Feb 7, 2020, 1:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.