ETV Bharat / state

Bhaona Samaroh at Amguri: ভাওনা সংস্কৃতি সুন্দৰকৈ গঢ় লৈ উঠিছে: অভিনেতা অৰুণ হাজৰিকা

author img

By

Published : Feb 8, 2023, 1:02 PM IST

আমগুৰিত আৰম্ভ হৈছে সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহ (Bhaona Samaroh)। এই সমাৰোহত অংশগ্ৰহণ কৰি অভিনেতা অৰুণ হাজৰিকাই নৱ প্ৰজন্মৰ প্ৰচেষ্টাতেই ভাওনাৰ সমান্তৰালভাৱে খোলবাদ্য শিকাৰো এটা পৰিৱেশৰ সৃষ্টি হোৱা বুলি কয় ।

Naam Kirtan in Amguri
আমগুৰিত সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহ

আমগুৰিত সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহ

আমগুৰি, ৮ ফেব্ৰুৱাৰী: শিৱসাগৰ জিলাৰ আমগুৰিত মঙলবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহ (Bhaona Samaroh in Amguri)। এই সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহখনি চাৰিঙ্গীয়া পুখুৰী আঞ্চলিক সন্মিলিত যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত হৈছে (Naam Kirtan in Amguri) । ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোত এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে । ইয়াৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হৈছে বিভিন্ন আকৰ্ষণীয় অনুষ্ঠানৰ ।

সামূহিক নাম-কীৰ্তন আৰু ভাওনা সমাৰোহত মঙলবাৰে নিশা অংশগ্ৰহণ কৰে জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাই (Popular actor Arun Hazarika)। বিশিষ্ট অভিনেতা তথা নেত্ৰ কাইটি খ্যাত অৰুণ হাজৰিকাই ভাওনা সমাৰোহৰ বিশেষ অনুষ্ঠান প্ৰেৰণাত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে সাম্প্ৰতিক সময়ত ভাওনা সংস্কৃতি খুব সুন্দৰকৈ গঢ় লৈ উঠিছে । বিশেষকৈ উজনি অসমত ভাওনা সংস্কৃতি খুব সুন্দৰভাৱে যুৱ প্ৰজন্মই শিকাৰ যি আগ্ৰহ দেখুৱাই আহিছে সেয়া প্ৰশংসনীয় । ভাওনাৰ লগে লগে খোলবাদ্যকে আদি কৰি দেৱবাদ্যসমূহ শিকাৰো এটা পৰিৱেশৰ সৃষ্টি হয় । তেওঁ পুনৰ কয় যে আজিকালি ভাওনাক কেন্দ্ৰ কৰি ৰাজ্য়ৰ বিভিন্ন অঞ্চলত সমাৰোহৰ উপৰি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । এনে পৰিৱেশে ভাওনাক জনসাধাৰণৰ মাজলৈ আৰু অধিক আগুৱাই লৈ যাব বুলি তেওঁ আশা প্ৰকাশ কৰে ।

চাৰিঙ্গীয়া পুখুৰী আঞ্চলিক সন্মিলিত যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ চাৰিঙ্গীয়া পুখুৰী অঞ্চলৰ ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই ভাওনা সমাৰোহত বিশিষ্ট অভিনেতাগৰাকীয়ে উপস্থিত থাকি বহু ৰসাল কথাৰে ভকত-বৈষ্ণৱৰ লগতে সকলোকে আকৰ্ষণ কৰে । এই অনুষ্ঠানটোৰ পূৰ্বে স্থানীয় ৫০ গৰাকী মহিলাই বৰগীত পৰিৱেশন কৰি এক আধ্যাত্মিক পৰিৱেশ গঢ়ি তোলে । ভাওনাৰ আয়োজক সমিতিয়ে অৰুণ হাজৰিকাক ফুলাম গামোচা, অংগবস্ত্ৰৰ লগতে সম্বৰ্দ্ধনা পত্ৰৰে আদৰণি জনায় ।

উল্লেখ্য যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি ভাওনাক বিশ্বমুখী কৰাৰ বাবে আজিৰ প্ৰজন্মই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে (Mahapurush Srimanta Sankaradeva)। ভাওনা সংস্কৃতিৰ যোগেদি জাতি-ভেদ পাহৰি সম্প্ৰীতি আৰু একতাৰ ডোলেৰে বান্ধ খাই দুষ্টক দমন আৰু শান্তক পালনৰ যি আমোঘ মন্ত্ৰ সেয়া আজিও ভাওনাত বিৰাজমান হৈ আছে । চাৰিঙ্গীয়া পুখুৰী আঞ্চলিক সন্মিলিত যুৱ সমাজৰ উদ্যোগত বৃহত্তৰ চাৰিঙ্গীয়া পুখুৰী অঞ্চলৰ ৰাইজৰ সহযোগত তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা ভাওনা সমাৰোহত দহখনকৈ গাঁৱৰ লোকে অংশগ্ৰহণ কৰি অনুষ্ঠানটো সাফল্যমণ্ডিত কৰি তুলিছে ।

লগতে পঢ়ক:CBI arrested CM daughter's EX Auditor: গ্ৰেপ্তাৰ হ’ল তেলেংগানাৰ মুখ্যমন্ত্ৰী কন্যাৰ প্ৰাক্তন একাউটেণ্ট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.