ETV Bharat / state

Angkita Dutta on AJP Assam Yatra: অংকিতা দত্তৰ অসম জাতীয় পৰিষদত যোগদানৰ কুচকাৱাজ !

author img

By ETV Bharat Assamese Team

Published : Oct 3, 2023, 10:57 AM IST

শিৱসাগৰৰ হোটেল হলিডে প্লেচত আয়োজন অসম জাতীয় পৰিষদৰ এক গুৰুত্বপূৰ্ণ বৈঠক । এই বৈঠকত সভাপতি লুৰীণজ্যোতি গগৈ, উপ সভাপতি দুলু আহমেদৰ লগতে উপস্থিত থাকে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিলম্বিত সভানেত্ৰী অংকিতা দত্ত ।অসম জাতীয় পৰিষদৰ নেতৃবৰ্গৰ সৈতে অংকিতা দত্তৰ এক বৈঠকক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে নতুন চৰ্চা ৷

Angkita Dutta on AJP Assam Yatra
AJP ৰ সৈতে অংকিতা দত্তৰ বৈঠক

AJP ৰ সৈতে অংকিতা দত্তৰ বৈঠক

শিৱসাগৰ , 3 অক্টোবৰ : ‘‘ৰাজনীতিত একো অসম্ভৱ নহয় ৷ মই ৰাইজৰ সৈতে কাম কৰি গৈছো আৰু কাম কৰি যাম ৷ অসম জাতীয় পৰিষদৰ এক অসম যাত্ৰাক মই সমৰ্থন জনাইছো ৷ আজি লুৰীণজ্যোতি গগৈ শিৱসাগৰলৈ আহিছে ৷ কি পালে কি নাপালে- সেই সন্দৰ্ভত মই জানিবলৈ আহিলো ৷’’ সোমবাৰে সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে অংকিতা দত্তই ৷

উল্লেখ্য যে, সোমবাৰে শিৱসাগৰৰ হোটেল হলিডে প্লেচ (Holiday Place) ত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, উপ সভাপতি দুলু আহমেদ আৰু অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিলম্বিত সভানেত্ৰী অংকিতা দত্তই এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় । এই বৈঠকত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত লুৰীণজ্যোতি গগৈ আৰু অংকিতা দত্তই কেতবোৰ মন্তব্য প্ৰদান কৰে । লগতে এই বৈঠকত মূল্যবৃদ্ধি সন্দৰ্ভতো আলোচনা কৰা হয় ৷

অসমৰ মানুহৰ বাবে হিয়া উজাৰি কাম কৰিব পাৰে অংকিতাই : লুৰীণজ্যোতি গগৈ

ইফালে সংবাদ মাধ্যমৰ আগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘অসমক ভালপোৱা, জাতীয়তাবোধ সম্পন্ন প্ৰতিগৰাকী মানুহক অসম যাত্ৰাত আমি বিচাৰো ৷ এই যাত্ৰা অসমৰ মানুহৰ বাবে, এই যাত্ৰা অসমৰ মানুহৰ স্বাভিমান প্ৰতিষ্ঠাৰ কাৰণে ৷ সেয়ে শক্তিশালী জাতিয়তাবোধ থকা প্ৰতিগৰাকী অসমৰ মানুহক অসম জাতীয় পৰিষদৰ পতাকাৰ তলত থিয় হোৱাটো বিচাৰো’’ ৷

গগৈয়ে আৰু কয়, ‘‘এই যাত্ৰাত আমাৰ দলৰ দৰ্শন, আদৰ্শ, চিন্তা-চেতনাৰ লগত অসম আৰু অসমীয়া মানুহৰ ভৱিষ্যত ভাষা, কৃষ্টি, সংস্কৃতি, ৰাজনৈতিক অধিকাৰ সকলো নিৰ্ভৰ কৰিব ৷ গতিকে মই অসমৰ প্ৰতিগৰাকী মেধাসম্পন্ন যুৱক-যুৱতী, নেতা, প্ৰতিশ্ৰুতিসম্পন্ন প্ৰতিগৰাকী ব্যক্তিকে অসমৰ কাৰণে জাতীয়তাবাদৰ পতাকাৰ তলত থিয় হোৱাটো বিচাৰিম’’ ৷

আনহাতে, অংকিতা দত্তৰ সন্দৰ্ভত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘অসমক সকলোৱে ভাল পায় ৷ অংকিতা দত্তয়েও অসমক ভাল পায় । অসমৰ মানুহৰ বাবে হিয়া উজাৰি কাম কৰিব পাৰে অংকিতাই ৷ আমাৰ যাত্ৰাৰ বাৰ্তাটো নিঃসন্দেহে শক্তিশালী ৷ সেয়ে এই যাত্ৰালৈ অহাটো স্বাভাৱিক ৷ কেৱল অংকিতাই নহয়, আৰু মানুহ আহিব’’ ৷

উল্লেখ্য যে শিৱসাগৰত অসম জাতীয় পৰিষদৰ নেতৃবৰ্গৰ সৈতে অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নিলম্বিত সভানেত্ৰী অংকিতা দত্তৰ এক বৈঠকক লৈ এতিয়া ৰাজ্যৰ ৰাজনীতিত আৰম্ভ হৈছে নতুন চৰ্চা ৷ যদিও বৈঠকত অংকিতা দত্তৰ ৰাজনৈতিক ভৱিষ্যৎ সম্পৰ্কে আলোচনা হৈছে নে নাই তাক লৈ মন্তব্য নকৰি প্ৰসংগটো এৰাই চলাই চলে দুয়োপক্ষই ৷ কিন্তু এই বৈঠকখনে নিশ্চয়কৈ জন্ম দিছে বহু ৰাজনৈতিক জল্পনা-কল্পনাৰ ৷

লগতে পঢ়ক : Nagaon Shahid Bhavan : গান্ধী জয়ন্তীৰ দিনাই পুনৰ উদ্বোধন হ’ল নগাঁও শ্বহীদ ভৱন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.