ETV Bharat / state

আমগুৰিত ইউনিছেফৰ সহযোগত অনুষ্ঠিত লোকসংস্কৃতিৰ কৰ্মশালা

author img

By

Published : Feb 20, 2020, 10:28 AM IST

চাহ বাগিচা অধ্যুষিত এলেকা আমগুৰিৰ বৰবাম চাহ বাগিচাত অনুষ্ঠিত লোকসংস্কৃতি বিষয়ক এক সজাগতামূলক অনুষ্ঠান ৷ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ লোক সংস্কৃতিৰ গৱেষণাৰ এটি দলে আয়োজন কৰে এক পাঁচদিনীয়া কৰ্মশালাৰ ৷

বৰবাম চাহ বাগিচা
লোকসংস্কৃতিৰ কৰ্মশালা

আমগুৰি,২০ ফেব্ৰুৱাৰীঃ অসমৰ চাহ বাগিচা এলেকা আমগুৰিৰ বৰবাম চাহ বাগিচাত অনুষ্ঠিত লোকসংস্কৃতি বিষয়ক এক সজাগতামূলক অনুষ্ঠান ৷ অসমৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান তেজপুৰ বিশ্ববিদ্যালয়ৰ অধীনষ্ঠ লোকসংস্কৃতিৰ গৱেষণাৰ এটি দলে আয়োজন কৰে এক পাঁচদিনীয়া কৰ্মশালাৰ ৷

লোকসংস্কৃতিৰ কৰ্মশালা

জনগোষ্ঠীয় লোকসংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰে দলটোৱে ৷ বাগিচাখনৰ শতাধিক কিশোৰ-কিশোৰীক লোকসংস্কৃতিৰ ক্ষেত্ৰ সন্দৰ্ভত জ্ঞান প্ৰদান কৰে আয়োজক দলটোৱে । কৰ্মশালাত বাগিচাখনৰ কিশোৰ-কিশোৰীসকলক ঝুমুৰ নৃত্যৰ প্ৰশিক্ষণ দিয়াৰ লগতে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷

অসম-নাগালেণ্ড সীমান্তৱৰ্তী বৰবাম চাহ বাগিচাত অনুষ্ঠিত কৰ্মশালাৰ দলটোত আছিল দীপজ্যোতি গগৈ,ছাহনেৱাজ হুছেইন,জ্যোতি কুৰ্মী,বাবুল মছুৱা,ইফটিকাৰ হুছেইন আদি ৷ এবিটা,ইউনিছেফৰ সহযোগত ৰূপায়ণ কৰা কৰ্মশালাখনত চাইল্ড চাৰ্ভিভেল ক’ৰ্ডিনেট’ৰ জিতু ফুকন,কমিউনিটি ম'বিলাইজাৰ লীনা শইকীয়া,বৰবাম বাগিচাৰ কল্যাণ বিষয়া ৰাজেশ পাত্ৰ আৰু ৰাজবিকাশ বৰুৱাই বিশেষভাৱে সহযোগিতা আগবঢ়ায় ।

লগতে চাওকঃউত্তপ্ত পৰিস্থিতি অসম বিশ্ববিদ্যালয়ৰ চৌহদ!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.