ETV Bharat / state

অসমৰ মাটিত অগপই একমাত্ৰ আঞ্চলিক দল হিচাপে জীয়াই থাকিব : অতুল বৰা

author img

By

Published : Oct 14, 2021, 10:17 PM IST

অসমৰ মাটিত অসম গণ পৰিষদেই একমাত্ৰ আঞ্চলিক দল হিচাপে জীয়াই থাকিব ৷ ৰাইজৰ আৰ্শীবাদত পুনৰ শক্তিশালী হ'ব অসম গণ পৰিষদ ৷ থাওৰাৰ ডিমৌত অনুষ্ঠিত অসম গণ পৰিষদৰ ৩৭তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসত এই মন্তব্য দলটোৰ সভাপতি অতুল বৰাৰ ৷

agp-foundation-day
অসমৰ মাটিত অসম গণ পৰিষদেই একমাত্ৰ আঞ্চলিক দল হিচাপে জীয়াই থাকিব: অতুল বৰা

মৰাণ, 14 অক্টোবৰ : দুৰ্গা পূজাৰ আনন্দ উল্লাসৰ মাজতে বৃহস্পতিবাৰে ডিমৌত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অসম গণ পৰিষদৰ প্ৰতিষ্ঠা দিৱস । উক্ত কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, ফণীভূষণ চৌধুৰীকে ধৰি দলটোৰ কেন্দ্ৰীয় নেতৃত্ব । দলৰ পতাকা উত্তোলন কৰে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই, শ্বহীদ তৰ্পন কৰে দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু সতীৰ্থ সোঁৱৰণ কৰে অগপ দলৰ জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰীয়ে ।

অসমৰ মাটিত অসম গণ পৰিষদেই একমাত্ৰ আঞ্চলিক দল হিচাপে জীয়াই থাকিব: অতুল বৰা

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ জিলা সমিতিৰ নেতা-কৰ্মী সকলৰ উপস্থিতিত বৃহস্পতিবাৰৰ দিনটোত ডিমৌত সৃষ্টি হয় এক উখল-মাখল পৰিৱেশৰ । ৩৭ টা বছৰত ভৰি থোৱা আঞ্চলিক দলটোৰ শক্তি অধিক দৃঢ় আৰু শক্তিশালী কৰাৰ মানসেৰে দলটোৰ কেন্দ্ৰীয় সমিতিয়ে থাওৰা বিধান পৰিষদৰ উদ্যোগত আৰু শিৱসাগৰ জিলা পৰিষদৰ সহযোগত প্ৰতিষ্ঠা দিৱসটি বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰে ।

দলটোৰ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত কয়, ৰাইজৰ আৰ্শীবাদত পুনৰ শক্তিশালী হ'ব অসম গণ পৰিষদ । কিয়নো বৰ্তমান ৰাজ্যৰ উঠি অহা যুৱক যুৱতী ছাত্ৰ-ছাত্ৰীৰ সকল আগ্ৰহী হৈছে অসম গণ পৰিষদক লৈ । তেওঁলোকৰ বাবে দলটোৰ দুৱাৰ খোলা হৈছে বুলি কয় সভাপতি গৰাকীয়ে ।

সভাপতি গৰাকীয়ে লগতে কয়, অসমৰ মাটিত অসম গণ পৰিষদেই একমাত্ৰ আঞ্চলিক দল হিচাপে জীয়াই থাকিব । কংগ্ৰেছ, এ আই ইউ ডি এফৰ ঔৰসত জন্ম হোৱা কোনো দলে আঞ্চলিক দল হিচাপে প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰে বুলিও কয় অতুল বৰাই ।

লগতে পঢ়ক : নামনিৰ অসমীয়াই চেলেং চিনি নাপায় : ফণীভূষণ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.