ETV Bharat / state

মহামাৰীৰ গ্ৰাসত হেৰাই যাব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ ?

author img

By

Published : Apr 26, 2021, 1:51 PM IST

Updated : Apr 26, 2021, 3:28 PM IST

mobile Theatre of Assam
mobile Theatre of Assam

কোন দিশে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ । নৃত্য,গীত, হাঁহি,কান্দোন, ৰোমাঞ্চেৰে দৰ্শকৰ মন জয় কৰা নাট্যদলসমূহ ইতিহাস হ’ব নেকি ? অসমৰ সৰ্ববৃহৎ সাংস্কৃতিক উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ এতিয়া অনিশ্চয়তাৰ দিশত । মহামাৰী কৰ’ণাৰ মহা প্ৰলয়ত উটি-ভাহি যোৱাৰ উপক্ৰম হৈছে সাতাম পুৰুষীয়া নাট্যদলসমূহ ।

নলবাৰী, 26 এপ্ৰিল : ১৯৬৩ চনৰ ২ অক্টোবৰত পাঠশালা নগৰৰ হৰিমন্দিৰ প্ৰাংগণত 'ভোগজৰা' নাটকেৰে অস্থায়ী প্ৰেক্ষাগৃহত প্ৰথমবাৰৰ বাবে ভ্ৰাম্যমাণৰ নাটক মঞ্চস্থ কৰা হৈছিল । বিগত বছৰ সমূহত হাঁহি-ধেমালি বিভিন্ন অভিনয়েৰে ৰাইজৰ মন জয় কৰি অহা ভ্ৰাম্যমান থিয়েটাৰ লাহে লাহে হেৰাই যোৱাৰ পথত ৷ মহামাৰী কৰ’ণাৰ মহাপ্ৰলয়ত উটি-ভাহি যোৱাৰ উপক্ৰম হৈছে সাতাম পুৰুষীয়া নাট্যদলসমূহ ।

ক্ৰমাৎ হেৰাই যোৱাৰ পথত অসমৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ভ্ৰাম্যমান থিয়েটাৰ গোষ্ঠী ৷ বিপদত এতিয়া শিল্পীসমাজ ৷ মহামাৰী কৰ’ণাৰ বাবে অসমৰ ৰাইজৰ স্বাৰ্থত বন্ধ হৈ থকা ভ্ৰাম্যমাণ থিয়েটাৰ আৰু কেতিয়া ঘুৰি আহিব তাক লৈও প্ৰশ্ন কৰিছে সচেতন ৰাইজে । একাংশ প্ৰযোজকে ভ্ৰাম্যমাণ থিয়েটাৰৰ পেণ্ডেলৰ ঠাইত বিবাহ ভৱন নিৰ্মাণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে ।

মহামাৰীৰ গ্ৰাসত হেৰাই যাব নেকি ভ্ৰাম্যমাণ থিয়েটাৰ ?

এই দুৰৱস্থা অসমৰ আগশাৰীৰ নাট্যদল ভাগ্যদেৱী থিয়েটাৰৰ । এসময়ত বিভিন্ন ৰুচি সম্পন্ন নাট মঞ্চস্থ কৰি ৰাইজক আমোদ আৰু মনোৰঞ্জন দিবলৈ সক্ষম হোৱা ভাগ্যদেৱী থিয়েটাৰৰ এই দৃশ্যই হতাশ কৰি তুলিছে নলবাৰীৰ লগতে অসমৰ নাট্যপ্ৰেমী ৰাইজক । আনহাতে, চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য নোপোৱাত দুখ প্ৰকাশ কৰিছে থিয়েটাৰৰ প্ৰযোজক আৰু শিল্পী সমাজে ।

উল্লেখযোগ্য যে, দীৰ্ঘদিনে বন্ধ হৈ থকা থিয়েটাৰৰ ইলেক্ট্ৰনিক সামগ্ৰীৰ লগতে বিভিন্ন সা-সামগ্ৰীসমূহো বিনষ্ট হ’বলৈ ধৰিছে । যদি মহামাৰী কৰ’ণাৰ প্ৰকোপ দিনে দিনে বৃদ্ধি হয়, তেন্তে নিশ্চিতভাৱে ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হৈ পৰাটো খাটাং বুলি মত প্ৰকাশ কৰে থিয়েটাৰৰ প্ৰযোজকসকলে ।

৫৮ বছৰত ভৰি দিবলগীয়া এই থিয়েটাৰখনে এইবেলি যদিও আখৰাৰ দিন-বাৰ ঠিক কৰিছিল ৷ তথাপিও পুনৰ এই ক’ভিড মহামাৰীৰ বাবে এতিয়া প্ৰযোজক গৰাকীয়ে বিবাহ ভৱন নিৰ্মাণ কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে । ইপিনে ক’ভিড পৰিস্থিতি সুস্থিৰ অৱস্থালৈ নাহে মানে চৰকাৰে যাতে কোনো ব্যৱস্থা নকৰে, তেন্তে নাট্যদলৰ পৰা ভ্ৰাম্যমাণ জগতত দপদপাই থকা নাট্যদলতো এক ইতিহাস হৈ ৰ’ব সেয়া নিশ্চিত ।

লগতে পঢ়ক: টপ গ'ল্ড সন্মানেৰে সন্মানিত জ্যেষ্ঠ ফটো সাংবাদিক সৌৰভ দুৱৰা

Last Updated :Apr 26, 2021, 3:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.