ETV Bharat / state

Govt employee detained: কান্দি-কাটি হায়ৰাণ খঁকুৱা জুনু কলিতাৰ পুত্ৰ-স্বামী, সৃষ্টি কৰিলে উত্তপ্ত পৰিস্থিতিৰ

author img

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 10:54 PM IST

Govt employee detained
জুনু কলিতাৰ স্বামী-পুত্ৰৰ তাণ্ডৱ

ভিতৰত ঘোচখোৰ জুনু কলিতাক চলাই থকা হৈছে জেৰা ৷ বাহিৰত স্বামী-পুত্ৰৰ আচৰণে সৃষ্টি কৰিছে উত্তপ্ত পৰিস্থিতিৰ ৷ খিৰিকীৰ আইনা ভাঙি, গাৰ কাপোৰ খুলি ঘোচখোৰৰ পুত্ৰই আৰক্ষীক কৰিছে নগুৰ-নাকতি ৷

জুনু কলিতাৰ স্বামী-পুত্ৰৰ তাণ্ডৱ

নলবাৰী, ৪ অক্টোবৰ : দিনত দুৰ্নীতি নিবাৰক শাখাই হাতে-লোটে কৰায়ত্ব কৰিছিল দৰমহাৰ টকাৰে পেট নভৰা খঁকুৱা চৰকাৰী কৰ্মচাৰী জুনু কলিতাক ৷ অসৎ উপায়েৰে ধন সংগ্ৰহ কৰাৰ সময়ত বাধা নিদিয়া স্বামী-পুত্ৰই সন্ধিয়া হোৱাৰ পাছতে জুনু কলিতাৰ কাষলৈ যাবলৈ লগালে খদমদম ৷ পিছে সেই চেষ্টাত আৰক্ষীয়ে বাধা দিয়াত কান্দি-কাটি, চিঞৰি-বাখৰি অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিলে পিতা-পুত্ৰই ৷ ঘটনাটো নলবাৰীৰ ৷

বুধবাৰে নলবাৰীত দুৰ্নীতি নিবাৰক শাখাৰ হাতত আটক হোৱা খকুৱা কৰ্মচাৰী জুনু কলিতাৰ স্বামী-পুত্ৰই কাৰ্যালয়ত উপস্থিত হৈ সৃষ্টি কৰিলে হাহাকাৰময় পৰিস্থিতিৰ ৷ দুৰ্নীতি নিবাৰক শাখাই জুনু কলিতাক জেৰা চলাই থকা অৱস্থাতে নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি কৰে স্বামী আৰু পুত্ৰই ৷ জুনু কলিতাক সাক্ষাতৰ বাবে স্বামী-পুত্ৰই কাৰ্যালয়লৈ গৈ সাক্ষাৎ কৰিবলৈ সক্ষম নোহোৱাত কাৰ্যালয়ৰ খিৰিকীৰ আইনা ভাঙি উদ্ভণ্ডালি কৰে ৷

উল্লেখ্য যে, বুধবাৰে দুপৰীয়া নলবাৰীত তিনি হেজাৰ টকা উৎকোচ লৈ হাতে-লোটে ধৰা পৰিছিল নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা কাৰ্যালয়ৰ কনিষ্ঠ কৰ্মচাৰী জুনু কলিতা ৷ জুনু কলিতা নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এগৰাকী নিম্ন বৰ্গৰ সহায়ক ৷ ঠিকাদাৰৰ পৰা দহ হেজাৰ টকাৰ উৎকোচ বিচাৰি প্ৰথম তিনি হেজাৰ টকা লৈ ধৰাপৰা ঘোচখোৰ জুনু কলিতাক বুধবাৰৰ সন্ধিয়া সময়ত দুৰ্নীতি নিবাৰক শাখাই গুৱাহাটীলৈ লৈ যায় ।

উল্লেখযোগ্য যে, নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যালয়ত জুনু কলিতাক জেৰা চলাই থকাৰ সমান্তৰালকৈ জুনু কলিতাৰ বাসগৃহতো দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাইছিল ৷ কিন্ত জুনু কলিতাৰ বাসগৃহৰ পৰা কি তথ্য লাভ কৰিছে সেয়া বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ এই সম্পৰ্কত মন্তব্য দিয়াৰ পৰা বিৰত আছে দুৰ্নীতি নিবাৰক শাখা ৷

লগতে পঢ়ক: Govt employee detained: দহ হাজাৰ ঘোচ বিচাৰি তিনি হাজাৰ লওঁতেই হাতে-লোটে ধৰা পৰিল জুনু কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.