Govt employee detained: দহ হাজাৰ ঘোচ বিচাৰি তিনি হাজাৰ লওঁতেই হাতে-লোটে ধৰা পৰিল জুনু কলিতা

By ETV Bharat Assamese Team

Published : Oct 4, 2023, 5:45 PM IST

thumbnail

নলবাৰী, ৪ অক্টোবৰ: এইবাৰ নলবাৰীত ঘোচ লৈ হাত দাঙিলে চৰকাৰী কৰ্মচাৰীয়ে । উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এগৰাকী মহিলা কৰ্মচাৰী । মহিলা গৰাকীৰ নাম জুনু কলিতা । ধৃত জুনু কলিতা নলবাৰী জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ এগৰাকী উচ্চ বৰ্গৰ সহায়ক হিচাপে কৰ্মৰত আছিল । তিনি হেজাৰ টকা ঘোচ লৈ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ হাতত ধৰা পৰিল ঘোচখোৰ জুনু কলিতা । বৰ্তমান দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে কাৰ্যালয়টোত তদন্ত চলাই থকাৰ সমান্তৰালকৈ বিষয়াগৰাকীৰ মাজদিয়াস্থিত নিজা বাসগৃহতো অভিযান চলায় আছে । জানিব পৰা মতে ধৃত কৰ্মচাৰী জুনু কলিতাই এজন লোকৰ পৰা দহ হাজাৰ টকাৰ উৎকোচ বিচাৰিছিল যদিও আজি তিনি হাজাৰ টকা লওঁতেই ধৰা পৰে ।

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.