ETV Bharat / state

শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি, ৰোগীৰ পৰিয়ালক চিকিৎসকৰ অশালীন ব্যৱহাৰৰ অভিযোগ

author img

By ETV Bharat Assamese Team

Published : Dec 11, 2023, 4:32 PM IST

Tense situation at Swahid Mukunda Kakati Hospital
শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজত অভিযোগ-প্ৰতিঅভিযোগৰ ঘটনা সংঘটিত হৈছে ৷ চিকিৎসালয়ত শিশু চিকিৎসক উপস্থিত নথকাৰ পিচতো অন্য চিকিৎসকে শিশুক চিকিৎসা কৰিবলৈ ওলোৱা কাৰ্যত ক্ষুন্ন হৈ পৰে ৰোগীৰ আত্মীয় ৷

শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি

নলবাৰী, 11 ডিচেম্বৰ: বিতৰ্কই লগ নেৰা হৈছে নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়ৰ ৷ এইবাৰ ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজত উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হৈছে । চিকিৎসালয়ত শিশু চিকিৎসক উপস্থিত নথকাৰ পিচত অন্য চিকিৎসকে শিশুক চিকিৎসা কৰিবলৈ ওলোৱা কাৰ্যত ক্ষুণ্ণ হৈ পৰে ৰোগীৰ আত্মীয় ৷ এই ঘটনাক লৈ ৰোগীৰ আত্মীয় আৰু চিকিৎসকৰ মাজত অভিযোগ-প্ৰতিঅভিযোগৰ ঘটনা সংঘটিত হৈছে ৷

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে পুৱা শ্বহীদ মুকুন্দ কাকতি হাস্পতালত শিশু এটিৰ চিকিৎসা কৰিবলৈ চিকিৎসকৰ ওচৰ চাপে এটা পৰিয়াল । কিন্তু চিকিৎসালয়খনত শিশু চিকিৎসক নথকাৰ পিচতো পৰিয়ালটোৰ নামত ৰচিদ জাৰি কৰে চিকিৎসালয় কৰ্তৃপক্ষই ৷ তাৰ পিচতে শিশুটোক অন্য এগৰাকী চিকিৎসকক দেখুৱাবলৈ পৰামৰ্শ দিয়ে চিকিৎসালয়ৰ ইন-চাৰ্জ বীৰেণ মেধিয়ে ৷ ইয়াৰোপৰি চিকিৎসকগৰাকীৰ সৈতে এই সন্দৰ্ভত কথা পাতিবলৈ যাওঁতে তেওঁ ৰোগীৰ আত্মীয়ক অপদস্থ কৰাৰ লগতে তেওঁক স্পৰ্শ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷

আনহাতে বীৰেণ মেধি নামৰ চিকিৎসকজনে শিশুটিৰ মাতৃ-সহিতে পৰিয়ালৰ লোকেহে তেওঁক অপমান কৰে বুলি প্ৰতিঅভিযোগ উত্থাপন কৰে । তেওঁক মহিলাকেইগৰাকীক শিশু চিকিৎসকগৰাকীৰ অনুপস্থিতিত শিশু ৰোগী চাই থকা অন্য এগৰাকী চিকিৎসকক দেখুৱাবলৈ পৰামৰ্শ দিছিল ৷ এই কথাতে শিশুটিৰ পৰিয়ালৰ লোকে জাঙুৰ খাই উঠে ৷ শিশুটিৰ আত্মীয়ৰ পৰিয়ালে মোবাইল লৈ ভিডিঅ’ কৰিবলৈ উদ্যত হয় ৷

এই ঘটনাৰ পিচতে হাস্পতালখনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৷ চিকিৎসকগৰাকীয়ে এই ঘটনা সন্দৰ্ভত শিশুটিৰ পৰিয়ালৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱা হ’ব বুলিও উল্লেখ কৰে। আনহাতে ৰোগীৰ পৰিয়ালেও চিকিৎসকগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ’ব বুলি জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: লক্ষীপুৰ আঙটিহাৰা মছজিদ ৰক্ষাৰ বাবে সমূহীয়া প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.