ETV Bharat / state

ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ

author img

By

Published : Jun 26, 2022, 6:21 PM IST

road reparing by local people in nalbari
ৰাইজে নিৰ্মাণ কৰিলে বানত বিধ্বস্ত পথ

বছৰটোৰ দ্বিতীয়টো বানে বিধ্বস্ত কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্ত(Flood in Assam 2022) । ঘৰ-দুৱাৰৰ লগতে বাট-পথৰো বিস্তৰ ক্ষতিসাধন বিধ্বংসী বানত(Damage caused by floods in Nalbari) । পানী শুকাইছে যদিও বানে খহাই নিয়া পথেৰ যাতায়ত কৰাত অসুবিধাৰ সন্মুখীন হৈছে বিভিন্ন প্ৰান্তৰ ৰাইজ । সেয়ে চৰকাৰ তথা জনপ্ৰতিনিধিলৈ বাট নাচাই পশ্চিম নলবাৰীত বানে বিধস্ত কৰা পথ মেৰামতি কৰিলে স্থানীয় ৰাইজে(People repair flood ravaged roads) ।

নলবাৰী, ২৬ জুন : সমগ্ৰ ৰাজ্যৰ লগতে বানত বিস্তৰ ক্ষতিসাধন হৈছে নলবাৰী জিলাতো(Flood in Assam 2022) । বানত বুৰ যায় পশ্চিম নলবাৰীৰ অঞ্চলৰ বহুকেইখন গাঁও । এতিয়া পানী কিছু কমিছে যদিও দুখ-দুৰ্দশা আঁতৰা নাই বন্যাৰ্তৰ । বানত বিধস্ত হৈ পৰিছে কেবাটাও গুৰুত্বপূৰ্ণ বাট পথ(Damage caused by floods in Nalbari) ।

পশ্চিম নলবাৰীৰ পূৰ্ণি গাঁৱৰ একমাত্ৰ‌ যাতায়তৰ ‌পূৰ্ণি‌-চামতা‌ সংযোগী পথটো বুঢ়াদিয়া আৰু‌ কানাই খুন্দাৰ বানে পথটোৰ বিভিন্ন ঠাইত ছিঙি পেলোৱাৰ লগতে বিভিন্ন অংশত পথটো খহাই প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি কৰাত যাতায়ত ব্যৱস্থা ব্যাহত হৈ পৰে । আনকি পথটোৰে কোনো ধৰণৰ যান বাহন চলাচল কৰিব নোৱাৰাৰ ফলত স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সন্মুখীন হয় ব্যাপক অসুবিধাৰ ।

ৰাইজে মেৰামতি কৰিলে বানত বিধ্বস্ত পথ

সেয়েহে বানপানীৰ বাবে দীৰ্ঘদিনে আবদ্ধ হৈ থকা পূৰ্ণি গাঁৱৰ ৰাইজে এতিয়া বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে আৱদ্ধ হৈ থাকিবলগীয়া হোৱাত হাতে হাতে দা-কোৰ লৈ পথ মেৰামতি কৰা পৰিলক্ষিত হয় (People repair flood ravaged roads) । ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰে পথচোৱা । পৰৱৰ্তী সময়ত পথটোৰ উন্নয়নৰ বাবে চৰকাৰক আহ্বান জনাই স্থানীয় ৰাইজে ।

লগতে পঢ়ক: কলগাছিয়াত বিধায়ক-সাংসদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.