ETV Bharat / state

কলগাছিয়াত বিধায়ক-সাংসদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Jun 26, 2022, 2:30 PM IST

জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ(People protest in Kalgachia) । বানৰ সময়ত জনীয়া বিধায়কগৰাকীক জ্ঞাত কৰাৰ পাছতো পৰিদৰ্শন কৰিবলৈ নাহিল বানপীড়িত অঞ্চল।

people-protest-in-kalgachia
কলগাছিয়াত বিধায়ক-সাংসদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

জনীয়া, 26 জুন : জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ(People protest against Jania MLA) । কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত বালিকুৰি এন চি গাঁৱৰ জনীয়া সমষ্টিৰ বিধায়ক ড৹ হাফিজ ৰফিকুল আৰু আব্দুল খালেকক নিজ সমষ্টিত ৰাইজে দিলে গ'বেক, মুর্দাবাদ(People protest in Kalgachia)।

বিগত দুই তিনি বছৰ ধৰি জলাকলা খাই আহিছে তিতাপানী আৰু বৰভিটা আৰু জনতা গাঁও পঞ্চায়তৰ ৰাইজে ৷ উল্লেখ্য যে, কালভাৰ্ট বন্ধ হোৱা বাবে জমা হৈ থকা পানীত বিগত দুদিন পূৰ্বে এটি ফুলকুমলীয়া শিশুৰ পানীত পৰি মৃত্যু হয় । চাৰিখন গাঁৱৰ বাবে ভয়াৱহ ৰূপ ধাৰণ কৰিছে জমা হৈ থকা পানীৰ লগতে বাঢ়নী পানীয়ে ৷

ৰামপুৰৰ পৰা জনতালৈ যোৱা পথত কালভাৰ্টেৰে পানী ওলাব পাৰে যদিও বিপৰীত দিশত কেইবাটাও পুখুৰী থকাৰ ফলত জমা হৈ থকা পানী ওলাই যাব নোৱাৰাৰ যথেষ্ট অসুবিধাৰ সন্মূখীন হৈছে অঞ্চলটোৰ স্থানীয় ৰাইজ ৷

ইফালে, জনীয়া বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলামক ৰাইজে এই সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ লগতে সাংসদ আব্দুল খালেক তথা বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম বান পৰিস্থিতি পৰিৰ্দশন নকৰাৰো ৰাইজে অভিযোগ উত্থাপন কৰে ৷

কলগাছিয়াত বিধায়ক-সাংসদৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

সেয়ে ক্ষোভিত হৈ বিধায়ক, সাংসদৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে উক্ত গঞা ৰাইজে । ড৹ হাফিজ ৰফিকুল ইছলাম মুৰ্দাবাদ, ড৹ হাফিজ ৰফিকুল ইছলাম গ'বেক, আব্দুল খালেক মুৰ্দাবাদ, আব্দুল খালেক গ'বেক আদি বিভিন্ন ধ্বনিৰে প্ৰতিবাদকাৰীসকলে পৰিৱেশ উত্তাল কৰি তোলে । শীঘ্ৰেই স্থানীয় বিধায়কে যদি এই সমস্যাৰ সমাধান কৰিব নোৱাৰে তেন্তে ভৱিষ্যতে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ প্ৰদান কৰে ৷

লগতে পঢ়ক : Mysterious Death in Guwahati : ইছাক মাৰাকৰ হত্যাকাণ্ডৰ সন্দৰ্ভত আটক 10 অভিযুক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.