ETV Bharat / state

Nalbari Raas Mahotsav 2023: নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব অভিনেতা নীতিশ ভাৰদ্বাজ

author img

By ETV Bharat Assamese Team

Published : Nov 11, 2023, 9:09 PM IST

Nalbari Raas Mahotsav 2023
নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব মহাভাৰতৰ শ্ৰীকৃষ্ণ হিচাপে পৰিচিত অভিনেতা নীতিশ ভাৰদ্বাজ

নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব মহাভাৰতৰ শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা নীতিশ ভাৰদ্বাজ । ৰাসৰ উদ্বোধনী অনুষ্ঠানত অভিনেতা গৰাকী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিবলৈ দিছে নলবাৰী ৰাস সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব মহাভাৰতৰ শ্ৰীকৃষ্ণ হিচাপে পৰিচিত অভিনেতা নীতিশ ভাৰদ্বাজ

নলবাৰী, 11 নৱেম্বৰ : ৰাস পূৰ্ণিমালৈ মাজত কেইটামান দিন ৷ ব্যস্ততা বাঢ়িছে আয়োক কমিটিসমূহৰ ৷ প্ৰতিবছৰৰ দৰে এইবাৰো নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত হৰি মন্দিৰত অনুষ্ঠিত হ’ব ৰাস মহোৎসৱ ৷ অহা 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে 90 সংখ্যক নলবাৰী ৰাস মহোৎসৱ অনুষ্ঠিত হ’ব ৷ আগন্তুক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি শনিবাৰে এক সংবাদমেল সম্বোধন কৰে শ্ৰীশ্ৰী হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

মহাভাৰতৰ ধাৰাবাহিকত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা নীতিশ ভাৰদ্বাজ নলবাৰীৰ ৰাস মহোৎসৱলৈ আহিব বুলি উল্লেখ কৰি মন্ত্ৰী বৰুৱাই কয়, অহা 26 নৱেম্বৰৰ পৰা 8 ডিচেম্বৰলৈকে অনুষ্ঠিত হ’ব নলবাৰী ৰাস মহোৎসৱত । 26 নৱেম্বৰ অৰ্থাৎ প্ৰথম দিনা ৰাস মহোৎসৱ উদ্বোধন কৰিব শংকৰাচাৰ্য অধোক্ষজনান্দ দেৱতীৰ্থ মহাৰাজে । লগতে উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মহাভাৰত ধাৰাবাহিকত শ্ৰীকৃষ্ণৰ চৰিত্ৰত অভিনয়ত কৰা অভিনেতা নীতিশ ভাৰদ্বাজ ।

তেওঁ কয়, ‘‘ উক্ত সভাতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী অজন্তা নেওগ, সাংসদ দিলীপ শইকীয়া আৰু সাংসদ কুইন ওজা ৷ এইবেলি নলবাৰীৰ ৰাসত প্ৰথমবাৰৰ বাবে তিনি ৰাস ক্ৰমে মৃন্ময় মূৰ্তি, জীৱন্ত ৰাস আৰু পুতলা নাচৰ ৰাসৰ সমাহাৰ ঘটিব।’’

মন্ত্ৰী বৰুৱাই কয়, ‘‘ নলবাৰী হাট উদ্বোধন কৰিব মন্ত্ৰী ৰণজিৎ দাসে ৷ নলবাৰী হাটখন সম্পূৰ্ণ থলুৱা লোকে উৎপাদন কৰা বা প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী উপলব্ধ হ’ব ৷ বাণিজ্য মেলা উদ্বোধন কৰিব মন্ত্ৰী বিমল বড়াই ৷’’ এই দৰে আগন্তুক ৰাস মহোৎসৱৰ কিছু কাৰ্যক্ৰমনিকাৰ কথা উল্লেখ কৰে মন্ত্ৰী বৰুৱাই ৷

লগতে পঢ়ক:Diwali 2023:এইবাৰ দীপাৱলীত অনলাইনত নিকিনিব প্লাষ্টিকৰ চাকি...যাওক গাঁৱলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.