ETV Bharat / state

Diwali preparation: নলবাৰীৰ মৃৎশিল্পীয়ে সাজি উলিয়াইছে হেজাৰ হেজাৰ চাকি

author img

By

Published : Oct 17, 2022, 10:45 PM IST

কাইলৈ কাতিবিহু(Kati Bihu 2022) । আনহাতে পোহৰৰ উৎসৱ দিপাৱলী(Diwali 2022)ক লৈ ভীষণ ব্যস্ত নলবাৰীৰ মৃৎশিল্পী সকল(Nalbari potter is busy making earthen lamps) । হেজাৰ হেজাৰ চাকি সাজি উলিয়াইছে নলবাৰীৰ চৰিয়াৰ মৃৎশিল্পী সকলে ।

nalbari potter made of earthen lamps
নলবাৰীৰ মৃৎশিল্পীয়ে সাজি উলিয়াইছে হেজাৰ হেজাৰ চাকি

নলবাৰী, ১৭ অক্টোবৰ: কাইলৈ কাতি বিহু(Kati Bihu 2022) । ইফালে সমাগত পোহৰৰ উৎসৱ দিপাৱলী(Diwali 2022) । কাতি বিহুৰ আগদিনাখন নলবাৰীৰ এখন গাঁৱত ভীষণ ব্যস্ততা । নলবাৰীৰ চৰিয়া গাঁৱৰ এটা চুবুৰীত চাকি তৈয়াৰ কৰাত ব্যস্ত মৃৎশিল্পী সকল । হেজাৰ হেজাৰ চাকি তৈয়াৰ কৰিছে এইসকল মৃৎশিল্পীয়ে(Nalbari potter is busy making earthen lamps) । কাইলৈ কৃষি জীৱি চহা অসমীয়াৰ কাতি বিহু । কাতি বিহুৰ আগদিনা হেজাৰ হেজাৰ চাকি সাজি উলিয়াই শেষ পৰশ দিছে চৰিয়া গাঁৱৰ এইসকল মৃৎশিল্পীয়ে ।

কি পুৰুষ কি মহিলা সকলোৱে হাতে কামে লগাত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে গাঁওখনত । বিগত কিছুদিন বতৰৰ বাধা বিঘিনীৰ অন্তত এনেদৰে চাকিবোৰ সাজি উলিয়াই শেষ বৰন দি ৰ'দত শুকোৱা দেখা গ'ল নলবাৰীৰ চৰিয়া গাঁৱত । কাতি বিহুৰ সমান্তৰালকৈ পোহৰৰ উৎসৱ দিপাৱলীলৈও আশাবাদী নলবাৰীৰ চৰিয়াৰ এইসকল মৃৎশিল্পী ।

দুখলগা বিষয় এয়াই যে এইসকল মৃৎশিল্পীৰ ওপৰত আজিলৈ চৰকাৰৰ সু দৃষ্টিত নপৰিল । কোনো আচনিয়ে ঢুকি নাপায় চৰিয়া গাঁৱৰ এইসকল মৃৎশিল্পীক । ইতিমধ্যে কাতি বিহুৰ বাবে এওঁলোকে হেজাৰ হেজাৰ চাকি পাইকাৰী ব্যৱসায়ীৰ হাতত বিক্ৰী কৰিছে যদিও তেঁওলোকৰ পৰিশ্ৰম অনুযায়ী মূল্য নোপোৱাৰ অভিয়োগ উত্থাপন কৰিছে । যাৰ বাবে স্থায়ী বজাৰতো বিক্ৰীৰ জৰিয়তে কোনোমতে মূলধনখিনি উপাৰ্জন কৰি আহিছে এইসকল মৃৎশিল্পীয়ে । কেৱল চাকিয়েই নহয় তেঁওলোকে সাজি উলিয়াই বিভিন্ন মাটি সা সজুলি ।

উল্লেখ্য যে এইসকল মৃৎশিল্পীয়ে মাটিৰ অভাৱ বুলি উল্লেখ কৰে । চাকি তৈয়াৰ কৰিবলৈ মাটি ক্ৰয় কৰিবলৈ গুৱাহাটী কিম্বা কামৰূপ জিলাৰ আজ্ঞাঠুৰি আদিলৈ যাব লাগে এইসকল মৃৎশিল্পীয়ে । কিন্ত খৰচৰ তুলনাত এওলোকৰ উপাৰ্জন তেনেই কম বুলি উল্লেখ কৰে । যাৰ বাবে এতিয়া তেওলোকে ককা-আজো ককাৰ বৃত্তিটো কোনমতে ধৰি ৰাখিবলৈ বাধ্য হৈ পৰিছে ।

নলবাৰীৰ মৃৎশিল্পীয়ে সাজি উলিয়াইছে হেজাৰ হেজাৰ চাকি

দিপাৱলীৰ বজাৰলৈ অধিক আশাবাদী এইসকল মৃৎশিল্পী । এওলোকে নিৰ্মাণ কৰা চাকি নলবাৰী চহৰ আৰু ইয়াৰ পাৰ্শ্চৱৰ্তী অঞ্চলৈ বিক্ৰীৰ বাবে নিয়ে যদিও উচিত মূল্যৰ অভাৱত আধা দামতেই বিক্ৰী কৰিবলগীয়া হয় । এওলোকে বিচাৰে এখন বিক্ৰী বজাৰ । চৰকাৰৰ ওচৰত এয়াই আহ্বান এইসকল মৃৎশিল্পীৰ । তেঁওলোকৰ প্ৰতি অলপ সু দৃষ্টি দিয়ক চৰকাৰে আৰু স্বাৱলম্বী হোৱাত সহায় কৰক চৰিয়া গাঁৱৰ এইসকল মৃৎশিল্পীক ।

লগতে পঢ়ক: 4 Driver Arrested in Barpeta : হাতত আৰক্ষীৰ বন্দুকন্দু লৈ ফটো আপলোড দিয়া গাড়ী চালকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.