ETV Bharat / state

নলবাৰীত পোষ্টেল ভোট সন্দৰ্ভত জৰুৰী সভা

author img

By

Published : Mar 15, 2021, 9:06 PM IST

সোমবাৰে নলবাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত পোষ্টেল বেলটযোগে ভোটদান কৰা সন্দৰ্ভত আলোচনা কৰা হয় । জিলা উপায়ুক্ত পূৰৱী কোঁৱৰৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকত কেইবাটাও বিভাগৰ বিষয়াই অংশগ্ৰহণ কৰে ।

পোষ্টেল বেলটযোগে ভোটদান কৰা সন্দৰ্ভত নলবাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক
পোষ্টেল বেলটযোগে ভোটদান কৰা সন্দৰ্ভত নলবাৰীত জিলা উপায়ুক্তৰ কাৰ্যালয়ত বৈঠক

নলবাৰী,১৫ মাৰ্চ: ভাৰতৰ নিৰ্বাচনী আয়োগে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত ৮০ বছৰ বয়সৰ ঊৰ্ধ্বৰ লোক, বিশেষভাৱে সক্ষম লোকক পোষ্টেল বেলটযোগে ভোটদান কৰাৰ সুবিধা প্ৰদান কৰিছে । পূৰ্বে নিৰ্বাচন সংক্ৰান্তীয় কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে পোষ্টেল বেলটযোগে ভোট দিয়াৰ ব্যৱস্থা আছিল । কিন্তু এইবাৰ বিধানসভা নিৰ্বাচনত কিছুসংখ্যক লোকে এই সুবিধা গ্ৰহণ কৰি ঘৰৰ পৰাই ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব ।

COVID-১৯ ত আক্ৰান্ত লোকেও এই সুবিধা গ্ৰহণ কৰিব পাৰিব । এই লোকসকলৰ ঘৰলৈ নিৰ্বাচনী বিষয়া নিজে গৈ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব । এই সকলোবোৰ বিষয় বিশদভাৱে আলোচনা কৰাৰ বাবে সোমবাৰে নলবাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয় ।

জিলা উপায়ুক্ত পূৰৱী কোঁৱৰৰ সভাপতিত্বত আয়োজিত বৈঠকত অতিৰিক্ত উপায়ুক্ত ছয়নিকা ঠাকুৰীয়া সমন্বিতে অত্যাৱশ্যকীয় সেৱাৰ বিভাগ যেনে, স্বাস্থ্য, এপিডিচিএল, অসম ৰাজ্যিক পৰিবহণ নিগম আৰু বিএছএনএলৰ বিষয়া উপস্থিত থাকে । নিৰ্বাচনী কৰ্তব্যত নিযুক্ত হোৱাসকলৰ বাবে যিসকল লোকে পোষ্টেল বেলটযোগে ভোট দিব বিচাৰে, তেওঁলোকে নিজৰ জিলাৰ ৰিটাৰ্ণিং বিষয়ালৈ আবেদন কৰিব লাগিব । সেইমতে তেওঁলোকে ভোটদান কৰিব পাৰিব ।

লগতে পঢ়ক: গুৱাহাটীৰ চাৰিওটা সমষ্টিত বিজেপিৰ পূৰ্বৰ স্থিতি বাহাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.