ETV Bharat / politics

এজন সফল পিতৃৰ সুদক্ষ পুত্ৰ... - Pema Khandu

A journey of Pema Khandu : অৰুণাচল প্ৰদেশৰ ৰাজনীতি বুলি ক’লেই সকলোৰে মুখে মুখে চলা এটা অন্যতন নাম পেমা খাণ্ডু ৷ পেমা খাণ্ডুৰ শৈশৱৰ পৰা ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা জানো আহক...

chief minster pema khandu
এজন সফল পিতৃৰ সুদক্ষ পুত্ৰ... (PEMA KHANDU'S X)
author img

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 5:29 PM IST

তেজপুৰ, 13 জুন : একেৰাহে তৃতীয়বাৰৰ বাবে বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে পেমা খাণ্ডুৱে । ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেন্ট জেনেৰেল কে টি পাৰ্ণাইকে দৰ্জী খাণ্ডু কনভেনশ্যন হলত খাণ্ডুক পদ আৰু গোপনীয়তাৰ শপতবাক্য পাঠ কৰোৱায় ৷ অৰুণাচল প্ৰদেশত তৃতীয়বাৰৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠ ভোট লাভ কৰি পুনৰ চৰকাৰ গঠন কৰিছে ৷

chief minster pema khandu
পেমা খাণ্ডু (ETV BHARAT ASSAM)

পেমা খাণ্ডুৰ শৈশৱ : 1979 চনৰ 21 আগষ্টত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত পেমা খাণ্ডুৰ জন্ম হৈছিল । তেওঁ এগৰাকী মনপা জনজাতীয় সম্প্ৰদায়ৰ বৌদ্ধ ধৰ্মাৱলম্বী লোক । প্ৰাক্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ জ্যেষ্ঠ পুত্ৰ পেমা খাণ্ডু ।

পেমা খাণ্ডুৰ ৰাজনৈতিক জীৱনৰ যাত্ৰা : খাণ্ডুৱে 2000 চনৰ আৰম্ভণিতে কংগ্ৰেছত যোগদান কৰিছিল । তেওঁক 2005 চনত অৰুণাচল প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক আৰু 2010 চনত টাৱাং জিলা কংগ্ৰেছ সমিতিৰ সভাপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল ৷

সক্ৰিয় ৰাজনীতিত পদাৰ্পণ:

2011 চনত এক হেলিকপ্টাৰ দুৰ্ঘটনাত পিতৃ তথা অৰুণাচল প্ৰদেশৰ তৎকালীন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ কৰুণ মৃত্যুৰ পিছত পেমা খাণ্ডু ৰাজনীতিত যথেষ্ট সক্ৰিয় হৈ পৰে। তাৰ পিছত তেওঁ মুকতো আসনৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচনত জয়ী হৈ জাৰব’ম গামলিন চৰকাৰৰ কেবিনেট মন্ত্ৰী হয়। পিছত 2014 চনত, তেওঁক নাবাম টুকি চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰা হয়।

প্ৰথম কাৰ্যকাল :

2016 চনৰ জুলাই মাহত নাবাম টুকীৰ ঠাইত তেওঁ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । কিন্তু শাসনলৈ অহাৰ কেইমাহ পিচতেই পেমা খাণ্ডু নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰ তীব্ৰ অন্তঃকন্দলৰ সন্মুখীন হয় তাৰ পিচত 2016 চনৰ ছেপ্টেম্বৰত মাহত অৰুণাচলৰ ৰাজনৈতিক পটভূমিত আহে এক ব্যপক পৰিবৰ্তন ৷

পীপলছ পাৰ্টী অৱ অৰুণাচল প্ৰদেশৰ বিষয়ে কিঞ্চিৎ :

পীপলছ পাৰ্টী অৱ অৰুণাচল প্ৰদেশ আছিল ৰাজ্যখনৰ এটা অন্যতম আঞ্চলিক ৰাজনৈতিক দল । কিন্তু 2016 চনত হঠাৎ এক ৰাজনৈতিক সমীকৰণে পীপলচ পাৰ্টী অৱ অৰুণাচলক শাসকীয় দলৰ মৰ্যাদা দিয়াই আৰু তাৰ কাৰণ আছিল 16 ছেপ্টেম্বৰত পেমা খাণ্ডুৰ অধীনত শাসকীয় দলৰ 43 জন বিধায়কৰ কংগ্ৰেছ দল ত্যাগ কৰি পীপলছ পাৰ্টী অৱ অৰুণাচল দলত যোগদান ৷

ভাৰতীয় জনতা পাৰ্টীত যোগদান :

অৱশ্যে পীপলছ পাৰ্টী অৱ অৰুণাচল আৰু পেমা খাণ্ডুৰ মধুচন্দ্ৰিমা বৰ বেছি দিন নচলিল ৷ মাত্ৰ দুমাহৰ ভিতৰতে, 2016 চনৰ 21 ডিচেম্বৰত দলীয় অনুশংসান ভংগ কৰাৰ বাবে খাণ্ডুক পীপলছ পাৰ্টীৰ সভাপতিয়ে দলৰ পৰা নিলম্বন কৰে আৰু তাৰ পিচতে খাণ্ডুৰ ঠাইত তাকাম পাৰিঅ’ক অৰুণাচল প্ৰদেশৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিবলৈ যো-জা চলায়।

কিন্তু খাণ্ডুৱে এইবাৰে চতুৰ ৰাজনীতিৰ প্ৰমাণ দি অৰুণাচল পীপলছ পাৰ্টীৰ 43 জন বিধায়কৰ ভিতৰৰ নিজৰ গোটৰ 33 জন বিধায়কক লগত লৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ৷ ইয়াৰ ফলত ইতিমধ্যে সদনত 11 জন বিধায়ক থকা বিজেপিৰ সংখ্যা 44 লৈ বৃদ্ধি পায় আৰু দুজন নিৰ্দলীয় বিধায়কৰ সমৰ্থন লৈ 2016 চনৰ ডিচেম্বৰ মাহত খাণ্ডুৱে সদনৰ মজিয়াত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে এইদৰে 2003 চনত গেগং আপঙৰ নেতৃত্বত গঠিত 44 দিনীয়া চৰকাৰৰ পিচত তেওঁ ৰাজ্যৰ ইতিহাসত ভাৰতীয় জনতা পাৰ্টীৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী ৰূপে পৰিগণিত হয়।

দ্বিতীয় কাৰ্যকাল :

2019 চনৰ অৰুণাচল প্ৰদেশ বিধানসভাৰ নিৰ্বাচনত 60 খন আসনৰ ভিতৰত 41 খন আসন লাভ কৰি ভাৰতীয় জনতা পাৰ্টীয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰে ৷ ইয়াৰ লগতে মিত্ৰ দল জনতা দল (ইউনাইটেড) 7 খন আসন আৰু নেশ্যনেল পীপলছ পাৰ্টীয়ে 4 খনকৈ আসন লাভ কৰে । ইয়াৰ পিচতেই খাণ্ডুৱে পুনৰ 2019 চনৰ 29 মে'ত দ্বিতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

তৃতীয় কাৰ্যকাল:

2024 বিধানসভা নিৰ্বাচনত বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হোৱা পেমা খাণ্ডুৱে বৃহস্পতিবাৰে তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। পেমা খাণ্ডু এই বিধানসভা নিৰ্বাচনত টাৱাং জিলাৰ মুকতো আসনৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। বিধায়ক হিচাপে খাণ্ডুৰ এইটো চতুৰ্থ কাৰ্যকাল যাৰ ভিতৰত তেওঁ তিনিবাৰ বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে ।

আটাইতকৈ ধনী মন্ত্ৰী

অৰুণাচল প্ৰদেশ বিধানসভা নিৰ্বাচন 2024 ৰ বাবে মনোনয়ন দাখিল কৰাৰ সময়ত সৰ্বাধিক সম্পত্তি ঘোষণা কৰা শীৰ্ষ প্ৰাৰ্থী আছিল মুখ্যমন্ত্ৰী পেমা খাণ্ডু নিজেই। নিজৰ শপতনামাত পেমা খাণ্ডুৱে নিজৰ সম্পত্তিৰ পৰিমাণ ৩৩২ কোটি টকা ঘোষণা কৰিছিল।

পেমা খাণ্ডুৰ শিক্ষা :

পেমা খাণ্ডুৱে টাৱাঙৰ বোম্বাৰ চৰকাৰী মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল, তেওঁ 1995 চনত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। পৰৱৰ্তী সময়ত, তেওঁ ইটানগৰৰ ডনি-পোলো বিদ্যা ভৱনত উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে আৰু 1997 চনত শিক্ষা সম্পূৰ্ণ কৰে ৷

তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ হিন্দু মহাবিদ্যালয়ত কলা শাখাত ইতিহাসত বিভাগত অধ্যয়ন কৰিছিল । 2001 চনত তেওঁ সফলতাৰে স্নাতক ডিগ্ৰী লাভ কৰে ৷

লগতে পঢ়ক: কিৰেন ৰিজিজু প্ৰধানমন্ত্ৰী মোদীৰ এজন বিশ্বস্ত সৈনিক - Kiren Rijiju

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.