ETV Bharat / state

নলবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা

author img

By

Published : Feb 12, 2021, 8:06 AM IST

নলবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা, অনুষ্ঠিত হৈছে ইখনৰ পাচত সিখন সভা
নলবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা, অনুষ্ঠিত হৈছে ইখনৰ পাচত সিখন সভা

বৃহস্পতিবাৰে নলবাৰী জিলা কংগ্ৰেছ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডল কংগ্ৰেছৰ কাৰ্যালয়ত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় । সভাত কংগ্ৰেছে হেৰুওৱা স্থিতি পুনৰ উদ্ধাৰৰ বাবে সকলো দলীয় কৰ্মীসলক একগোট হৈ সাংগঠনিক কাম-কাজ কৰাৰ বাবে আহ্বান জনায় যুৱনেতা প্ৰদ‍্যুৎ কুমাৰ ভূঞাই ৷

নলবাৰী, 12 ফেব্ৰুৱাৰী:আগন্তুক বিধানসভা নিৰ্বাচনকলৈ শাসকীয় দল বিজেপিয়ে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালকৈ কংগ্ৰেছ দলতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ দলৰ ভেঁটি সবল কৰিবলৈ দলটোৱে অনুষ্ঠিত কৰিছে ইখনৰ পাচত সিখন সভা ৷

নলবাৰীত কংগ্ৰেছৰ নিৰ্বাচনী তৎপৰতা, অনুষ্ঠিত হৈছে ইখনৰ পাচত সিখন সভা

বৃহস্পতিবাৰে নলবাৰী জিলা কংগ্ৰেছ অন্তৰ্গত ঘগ্ৰাপাৰস্থিত বড়িগোগ বনভাগ মণ্ডল কংগ্ৰেছৰ কাৰ্যলয়ত এখন সাংগঠনিক সভা অনুষ্ঠিত কৰা হয় । সভাত আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছে হেৰুওৱা স্থিতি পুনৰ উদ্ধাৰ কৰাৰ বাবে সকলো দলীয় কৰ্মীক একগোট হৈ সাংগঠনিক কাম-কাজ কৰাৰ লগতে বিজেপি চৰকাৰৰ দুৰ্নীতি-অনিয়ম, অপশাসন, মুল‍্যবৃদ্ধি, নিবনুৱান প্ৰতাৰণা আদি সমস্যাবোৰ ৰাইজৰ মাজলৈ নিবলৈ কৰ্মীসকলক আহ্বান জনায় যুৱনেতা প্ৰদ‍্যুৎ কুমাৰ ভূঞাই।

উল্লেখ্য যে, নলবাৰী সমষ্টিৰ অন্তৰ্গত 19 টা মণ্ডলৰ সভাপতি-সম্পাদকক লৈ অনুষ্ঠিত কৰা সাংগঠনিক সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক তথা নলবাৰী সমষ্টিৰ যুৱনেতা প্ৰদ‍্যুৎ কুমাৰ ভূঞা, নলবাৰী জিলা কংগ্ৰেছ সভাপতি সুৰেন মহন্ত, নলবাৰী জিলা মহিলা কংগ্ৰেছ সভানেত্ৰী পাপৰী মালাকাৰ, অসম প্ৰদেশ কংগ্ৰেছৰ মহিলা সম্পাদিকা কল্পনা বৰ্মনকে আদি কৰি তিনি শতাধিক কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক: ইউপিপিএলত যোগদান প্ৰাক্তন ছাত্ৰ নেতা লৰেন্স ইছলাৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.