ETV Bharat / state

Protest in Nalbari: শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যদা অক্ষুণ্ণ ৰখাৰ দাবীত উত্তাল নলবাৰী চহৰ

author img

By

Published : Jul 15, 2023, 5:57 PM IST

Protest in Nalbari
উত্তাল নলবাৰী চহৰ

উত্তাল নলবাৰী চহৰ ৷ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা বাহাল ৰখাৰ দাবীত নলবাৰী হৰত অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷

উত্তাল নলবাৰী চহৰ

নলবাৰী, ১৫ জুলাই : নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ পূৰ্বৰ মৰ্যাদা বাহাল ৰখাৰ দাবীত শনিবাৰে উত্তাল হৈ পৰে সমগ্ৰ নলবাৰী চহৰ । নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আমাক লাগিবই ধ্বনিৰে নলবাৰী চহৰৰ ৰাজপথ কঁপাই তোলে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় সুৰক্ষা সমিতিয়ে ।

চহৰখনৰ মুখ্য কাৰ্যালয়ৰ পৰা নলবাৰী চহৰৰ প্ৰতিটো পথেৰে এক বৃহৎ প্ৰতিবাদী সমদল চিকিৎসালয় সুৰক্ষা সমিতিয়ে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত নলবাৰী চহৰ আৰু ইয়াৰ উপকণ্ঠৰ কেইবা শতাধিক লোকে স্বতষ্ফূৰ্তভাৱে অংশগ্ৰহণ কৰে ৷ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমনী বৰ্মনে শুভাৰম্ভ কৰা প্ৰতিবাদী সমদলটো চহৰখনৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰতিটো ৰাজপথেৰে গৈ জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপনীত হয় ৷

উল্লেখ্য যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ঘগ্ৰাপাৰস্থিত নৱনিৰ্মিত নলবাৰী মেডিকেল কলেজ আৰু হাস্পতালৰে একত্ৰীকৰণ হৈছে ৷ ইয়াৰ পিচতে নলবাৰী চহৰ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ পৰা অহা ৰোগীয়ে চিকিৎসালয়খনত সু-চিকিৎসা নোপোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে সাধাৰণ জনসাধাৰণে জীয়াতু ভুগিবলগীয়া হৈছে ৷

যাৰ ফলশ্ৰুতিত চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যদা অক্ষুন্ন ৰখাৰ দাবীত বিগত দিন ধৰি কেইবাটাও দল সংগঠনকে ধৰি বিৰোধী কংগ্ৰেছেও প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ আজিও পুনৰ ৰাইজ স্বতস্ফূৰ্তভাৱে ওলাই আহি নলবাৰী চহৰৰ ৰাজপথত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ক পূৰ্বৰ ঠাইলৈ স্থানান্তৰ নকৰা পৰ্যন্ত এই প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই দৰিদ্ৰ লোক সকলক যমৰ যাতনা ভুগাইছে বুলি ক্ষোভ ব্যক্ত কৰে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: CPI CPI M protest in Lakhimpur: বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চিপিআই আৰু চিপিআই এমৰ যৌথ অৱস্থান ধৰ্মঘট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.