ETV Bharat / state

CPI CPI M protest in Lakhimpur: বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে চিপিআই আৰু চিপিআই এমৰ যৌথ অৱস্থান ধৰ্মঘট

author img

By

Published : Jul 15, 2023, 2:16 PM IST

বয়-বস্তুৰ অত্যাধিক মূল্য বৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে ৰাজ্যজুৰি যৌথভাৱে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চিপিআই আৰু চিপিআই এম দলে । ধৰ্মঘটৰ শেষত মুখ্যমন্ত্রীলৈ এখন চাৰি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ।

CPI CPI M protest in Lakhimpur
চিপিআই এমৰ যৌথ অৱস্থান ধৰ্মঘট

চিপিআই এমৰ যৌথ অৱস্থান ধৰ্মঘট

লখিমপুৰ, 15 জুলাই : লখিমপুৰত চিপিআই, চিপিআই এমৰ যৌথ অৱস্থান ধৰ্মঘট । সকলো সামগ্রীৰে অত্যধিক মূল্যবৃদ্ধিৰ প্ৰতিবাদত শনিবাৰে ৰাজ্যজুৰি চিপিআই আৰু চিপিআই এমে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে । ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এই দুয়োটা দলে যৌথভাৱে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ণ কৰে ।

খাদ্য, ঔষধকে ধৰি সকলো সামগ্রীৰ চৰা দাম ৰোধ কৰক, ৰোগীৰ বৰ্ধিত পঞ্জীয়ন মাচুল হ্ৰাস কৰক, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰক, বিদ্যুৎ মাচুল, পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক, উৎসৱ-অনুষ্ঠানৰ নামত ধনৰ অপচয় ৰোধ কৰক, হেলিকপ্টাৰ বিলাসিতা বন্ধ কৰক আদি শ্লোগানেৰে প্ৰতিবাদকাৰীসকলে অৱস্থানস্থলী উত্তাল কৰি তোলে । অৱস্থান ধৰ্মঘটস্থলীত অংশগ্রহণ কৰি দল দুটাৰ নেতৃত্বই চৰকাৰক চোকা ভাষাৰে সমালোচনা কৰে ।

চৰকাৰৰ ভুল অৰ্থনৈতিক নীতিৰ বাবে দেশত ভিক্ষাৰীৰ সংখ্যা বৃদ্ধি হোৱা বুলি দল দুটাই চৰকাৰৰ বিৰুদ্ধে সৰৱ হয় । কেন্দ্রীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্রীকো সমালোচনা কৰি হিতাধিকাৰী আঁচনিৰ নামত ৰাইজক সামান্য টোপ দিয়াৰ বিপৰীতে মূল্যবৃদ্ধি, কৰ কাটল জাপি দি ৰাইজক টেটু চেপা দি ভিক্ষাৰীত পৰিণত কৰা বুলি দল দুটাৰ নেতৃত্ব ই ক্ষোভ প্রকাশ কৰে । চৰকাৰ অথবা বিজেপিৰ এনে জন বিৰোধী নীতিৰ বাবে সকলো বিৰোধী দল ঐক্যৱদ্ধ হৈ আগন্তুক 2024 ৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায় ।

ধৰ্মঘটৰ অন্তত চিপিআই, চিপিআই এম দলে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ এখন চাৰি দফীয়া দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : Flood hits Dibrugarh : ডিব্ৰুগড়ত বুঢ়ীদিহিঙৰ ভয়ংকৰ ৰূপ, নিৰ্বিকাৰ ভূমিকাত জনপ্ৰতিনিধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.