ETV Bharat / state

ভ্ৰাম্যমাণৰ কৰ্মীৰ জীৱনলৈ কৰ'ণাই আনিলে অন্ধকাৰ

author img

By

Published : Jun 29, 2021, 10:19 AM IST

mobile theater artist dinesh deka is in trouble due to corona
ভ্ৰাম্যমাণৰ কৰ্মীৰ জীৱনলৈ কৰ'ণাই আনিলে অন্ধকাৰ

বিগত ৫৭ টা বছৰজুৰি অসমৰ চুকে-কোণে বিপুল জনপ্ৰিয়তাৰে দপদপাই থকা ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হৈ পৰাত অমানিশা নামি আহিল হাজাৰ জনৰ জীৱন জীৱিকাৰ প্ৰতি ৷ তেনেই এগৰাকী ভ্ৰাম্যমাণৰ কৰ্মী নলবাৰীৰ দিনেশ ডেকা ৷ ত্ৰিশ বছৰতকৈয়ো অধিক কাল ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত হৈ থকা দিনেশ ডেকাৰ অৱস্থা এতিয়া তেনেই দুখ লগা ৷ পেটৰ ভাত মুঠি আৰু পৰিয়াল পোহপাল দিয়াৰ বাবে দিনেশে এতিয়া বিক্ৰী কৰিবলৈ লৈছে চাহ-পিঠা ৷

নলবাৰী, 29 জুন : কৰ'ণা (corona)ৰ কৰাল গ্ৰাসত দেশ তথা ৰাজ্যৰ প্ৰতিটো উদ্যোগ ৷ বিগত বছৰৰ পৰা সংহাৰ চলোৱা মহামাৰী কৰ'ণাই ভাবুকি কঢ়িয়াই আনিছে বহুতৰে জীৱনলৈ ৷ ৰাজ্যত প্ৰায় সকলো সাংস্কৃতিক অনুষ্ঠান, উৎসৱ-পাৰ্বন বন্ধ হৈ থকাত এক প্ৰকাৰ স্তব্ধ হৈ পৰিল অসমীয়া সংস্কৃতিৰ আন এক উদ্যোগ ভ্ৰাম্যমাণ থিয়েটাৰ ৷ বিগত ৫৭ টা বছৰজুৰি অসমৰ চুকে-কোণে বিপুল জনপ্ৰিয়তাৰে দপদপাই থকা ভ্ৰাম্যমাণ থিয়েটাৰ বন্ধ হৈ পৰাত অমানিশা নামি আহিল হাজাৰ জনৰ জীৱন জীৱিকাৰ প্ৰতি ৷

তেনেই এগৰাকী ভ্ৰাম্যমাণৰ কৰ্মী নলবাৰীৰ দিনেশ ডেকা ৷ ত্ৰিশ বছৰতকৈয়ো অধিক কাল ভ্ৰাম্যমাণ থিয়েটাৰৰ সৈতে জড়িত হৈ থকা দিনেশ ডেকাৰ অৱস্থা এতিয়া তেনেই দুখ লগা ৷ আৱাহন, বৃন্দাবন, হেঙুল, ভাগ্যদেৱীকে ধৰি কেবাখনো আগশাৰীৰ ভ্ৰাম্যমাণ থিয়েটাৰত আলোকসজ্জাৰ কাম কৰা দিনেশ ডেকাৰ হাতত নাই একো কাম ৷ এসময়ত ৰং-বিৰঙৰ লাইটেৰে চক-মকাই তুলিছিল ভ্ৰাম্যমাণৰ মঞ্চ ৷ কিন্তু কাল কৰ'ণাই ছানি ধৰা পৰিৱেশৰ বাবে অন্ধকাৰ নামি আহিল দিনেশ ডেকাৰ জীৱনলৈ ৷

ভ্ৰাম্যমাণৰ কৰ্মীৰ জীৱনলৈ কৰ'ণাই আনিলে অন্ধকাৰ

পেটৰ ভাত মুঠি আৰু পৰিয়াল পোহপাল দিয়াৰ বাবে দিনেশে চলাই গৈছে জীৱন সংগ্ৰাম ৷ ক'ৰণাৰ দুৰ্যোগক প্ৰত্যাহ্বান হিচাপে লৈ আৰম্ভ কৰিছে আন এক জীৱিকাৰ পথ ৷ ভ্ৰাম্যমান কৰ্মী দিনেশ ডেকাই নিজৰ মটৰ চাইকেলখনকে সাৰথি কৰি সাজি লৈছে এখন ভ্ৰাম্যমাণ দোকান ৷ ভ্ৰাম্যমাণৰ মঞ্চ পোহৰাই তোলা দিনেশে এতিয়া নিজৰ ঘৰখন পোহৰাবলৈ দোকমোকালিতে চাহ-পিঠা বেচিবলৈ ওলাই যায় জিলাখনৰ ভিন্ন প্ৰান্তলৈ ৷

কিন্তু বৰ্তমান আংশিক লকডাউনৰ ফলত কিছু সমস্যাৰ সন্মুখীন হৈছে যদিও পিঠা-চাহ বিক্ৰী কৰি পোৱা সামান্য টকাৰে চলাই গৈছে নিজ পৰিয়াল ৷ দুবেলা দুমুঠি খোৱাৰ বাবে দিনৰ দিনটো কষ্ট কৰি সন্ধিয়া ঘৰলৈ উভতি আহে দিনেশ ৷ কৰ'ণাই কৰ্মহীন কৰা হাজাৰ কাহিনীৰ ভিতৰত দিনেশ ডেকা উদাহৰণহে মাথো ৷ এনেকুৱা হাজাৰ হাজাৰ দিনেশ এতিয়া কৰ্মহীন হৈ আছে ৷

লগতে পঢ়ক: এক লাখ নিযুক্তি : মুখ্য সচিবৰ নেতৃত্বত ক'ৰ কমিটি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.