ETV Bharat / state

Minister order to Nalbari BDO : পূৱ নলবাৰী খণ্ড উন্নয়ন বিষয়াক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰীৰ

author img

By

Published : Jun 19, 2023, 2:20 PM IST

কৰ্তব্যত গাফিলতি কৰাৰ বাবে নলবাৰীত খণ্ড উন্নয়ন বিষয়াক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ । নলবাৰী উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত এক সভাত এই নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

Minister order to Nalbari BDO
পূৱ নলবাৰী খণ্ড উন্নয়ন বিষয়াক নিলম্বনৰ নিৰ্দেশ মন্ত্ৰীৰ

নলবাৰী, 19 জুন : নেৰানেপেৰা বৰষুনৰ ফলত নলবাৰী চহৰ তথা জিলাখনৰ বহু অঞ্চল বানত প্লাৱিত হৈ থকাত খণ্ড উন্নয়ন বিষয়াই কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰাত পূৱ নলবাৰী খণ্ড উন্নয়ন বিষয়া দিলীপ দাসক তাৎক্ষণিকভাৱে নিলম্বনৰ নিৰ্দেশ প্ৰদান কৰে নলবাৰীৰ বিধায়ক তথা লোকনিৰ্মাণ বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । দেওবাৰে সন্ধিয়া নলবাৰী উপায়ুক্ত কাৰ্যালয়ত নলবাৰী চহৰৰ বান সম্পৰ্কে এখন জৰুৰী বৈঠক অনুষ্ঠিত কৰা হয় আৰু এই বৈঠকত উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ৷ উক্ত সভাতেই এই নিৰ্দেশনা জাৰি কৰে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী বৰুৱাই ।

দুৰ্যোগৰ সময়ত জনতাৰ কাষত নাথাকি কৰ্তব্যত গাফিলতি কৰাৰ বাবে খণ্ড উন্নয়ন বিষয়াগৰাকীক এনেদৰে তাৎক্ষণিকভাৱে শাস্তি বিহে মন্ত্ৰীগৰাকীয়ে । আনহাতে উক্ত বৈঠকতে নলবাৰী চহৰৰ কৃত্ৰিম বান আৰু নিৰ্মীয়মান অৱস্থাত থকা চহৰখনৰ নলা-নৰ্দমাত কোনো সাধাৰণ লোক যাতে হতাহত নহয়, তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ প্ৰতিগৰাকী ৱাৰ্ড মেম্বাৰক নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷ ৰাইজৰ কাষত থকাৰ লগতে 24 ঘন্টাই কৰ্তব্যত নিয়োজিত থাকি কামবোৰ সুকলমে চলাই নিবলৈ দেওবাৰৰ বৈঠকযোগে নিৰ্দেশ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ৰাজ্যত বিগত কেবাদিনো ধৰি অব্যাহত আছে নেৰানেপেৰা বৰষুণ ৷ ইয়াৰ ফলত ৰাজ্যৰ কেইবাখনো জিলাত বানপানী হোৱা পৰিলক্ষিত হৈছে ৷ যিয়ে বিপন্ন কৰি তুলিছে সাধাৰণ লোকৰ জীৱন ৷ বাৰিষাৰ পূৰ্বে আবতৰীয়া বানত ৰাজ্যৰ অধিকাংশ জিলা বুৰ যোৱাৰ পিচত এতিয়া আগন্তুক দিনৰ অনিশ্চয়তাত ভোগা পৰিলক্ষিত হৈছে বন্যাৰ্ত তথা ৰাজ্যবাসী ৷ আনহাতে, প্ৰতিবছৰে বান অহাৰ পিচতহে বিশেষ তৎপৰতা দেখুওৱা ৰাজ্য চৰকাৰৰ বিৰুদ্ধে বিভিন্নজনে খেদ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Hajo Ghy Road Block : প্ৰকাণ্ড গছ বাগৰি ব্যাহত হাজো গুৱাহাটী পথ, নিৰ্লিপ্ত ভূমিকাত প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.