ETV Bharat / state

MBBS Course 2023 : আজিৰে পৰা আৰম্ভ হ’ল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 5:36 PM IST

নলবাৰী চিকিৎসা মহাবিদ্যালয়ত শুকুৰবাৰৰ পৰা শুভাৰম্ভ হয় চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম।৮৯ গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিৰে শুভাৰম্ভ হ’ল নলবাৰী মেডিকেল কলেজৰ পাঠ্যক্ৰম । উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, ৰাজ্যিক যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তনবীৰ আলম ৷

MBBS Courses Inauguration Programme
নলবাৰী চিকিৎসা মহাবিদ্যালয়

শুকুৰবাৰে শুভাৰম্ভ হয় নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম

নলবাৰী, 01 আগষ্ট : ৰাষ্ট্ৰীয় চিকিৎসা সংস্থাৰ স্বীকৃতিত 89 গৰাকী শিক্ষাৰ্থীৰ নামভৰ্তিৰে শুকুৰবাৰৰ পৰা শুভাৰম্ভ কৰা হ'ল নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ পাঠ্যক্ৰম ৷ NEET ত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নামভৰ্তি কৰা ৰাজ্যৰ মেধাৱী শিক্ষাৰ্থী সকলে স্বাস্থ্য বিভাগত নৱ সংযোজন হোৱা তিনিখনকৈ চিকিৎসা মহাবিদ্যালয়ত আজিৰে পৰা শুভাৰম্ভ হয় এম বি বি এছৰ প্ৰথম বাৰ্ষিকৰ পাঠ্যক্ৰম ৷

নগাঁও, নলবাৰী আৰু কোকৰাঝাৰ মেডিকেল কলেজত শুভাৰম্ভ হয় প্ৰথম বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম ৷ নলবাৰী চিকিৎসা মহাবিদ্যালয়ত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ 89 গৰাকী শিক্ষাৰ্থীক আজিৰে পৰা আৰম্ভ কৰিব পাঠদান প্ৰক্ৰিয়া ৷ ঘগ্ৰাপাৰৰ দক্ষিণগাঁওস্থিত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষৰ এম বি বি এছ পাঠ্যক্ৰমৰ আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় ৷ শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক : CM Himanta on Assam Police: আৰক্ষীৰ পূৰ্বৰ চৰিত্ৰ সলনি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ

শুভাৰম্ভণিৰ পূৰ্বে শিক্ষাৰ্থী সকলক শপত বাক্য পাঠ কৰোৱাই চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ বাবুল বেজবৰুৱাই ৷ পাঠ্যক্ৰমৰ শুভাৰম্ভ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই শিক্ষাৰ্থী সকলক শপতৰ প্ৰতিটো শব্দ মনত ৰাখি অধ্যয়ন কৰাৰ লগতে চিকিৎসা সেৱা গ্ৰহণ কৰিবলৈ আহ্বান জনায় ৷ ভাষণ প্ৰসংগত মন্ত্ৰী গৰাকীয়ে শিক্ষাৰ্থীসকলক 17 ছেপ্তেম্বৰত ৰাজ্য চৰকাৰে আৰম্ভ কৰিব লগা অমৃত বৃক্ষ আন্দোলনৰ অংশীদাৰ হ'বলৈয়ো আহ্বান জনায় ৷ উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ এই অনুষ্ঠানটোত উপস্থিত থাকে নলবাৰীৰ জিলা আয়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুধাকৰ সিঙ, ৰাজ্য চৰকাৰৰ যুটীয়া স্বাস্থ্য সঞ্চালক তনবীৰ আলম, নলবাৰী সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ অধ্যক্ষ প্ৰহ্লাদ যোশীকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : MBBS Course 2023: নগাঁও মেডিকেল কলেজৰ পাঠ্যক্ৰম শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.