ETV Bharat / state

Mass meeting in Nalbari: নলবাৰী চিভিল হাস্পতাল স্থানান্তৰ নকৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ নলবাৰীবাসী

author img

By

Published : Dec 25, 2022, 5:07 PM IST

গুৱাহাটীৰ পাচতে আধুনিক চিকিৎসা সেৱাৰ প্ৰাণকেন্দ্ৰ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয়খন ৷ কিন্তু ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ কিছু উন্নতিৰ হকে নলবাৰী দক্ষিণ গাঁৱত প্ৰস্তাবিত নলবাৰী মেডিকেল কলেজ হাস্পতালৰ লগত লগ লগাই নলবাৰী চহৰৰ পৰা স্থানান্তৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে দেওবাৰে নলবাৰীত কেবাটাও দল সংগটনৰ আহ্বান মৰ্মে আয়োজন কৰা হয় নাগৰিক সভাৰ (Mass meeting in Nalbari) ৷ উক্ত শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয় স্থানান্তৰ কৰা বিষয়টো কোনো ক্ষেত্ৰতে মানি লোৱা নহ’ব বুলিও দৃঢ় প্ৰতিজ্ঞাবদ্ধ নলবাৰীবাসী ।

Mass meeting held in Nalbari
নলবাৰীত আয়োজন নাগৰিক সভা

নলবাৰীত আয়োজন নাগৰিক সভা

নলবাৰী, ২৫ ডিচেম্বৰ : ‘‘নলবাৰীবাসী উন্নয়ন বিৰোধী নহয় ৷ আমাক মেডিকেল কলেজ লাগিব, আমাক ইঞ্জিনিয়াৰিং কলেজ আদি লাগিব ৷ কিন্তু একে সময়তে উন্নয়নৰ নামত চৰকাৰখনে ভেকো-ভাওনা কৰা নচলিব ৷’’ দেওবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় চৌহদত আয়োজন কৰা নাগৰিক সভাত অংশ লৈ এই মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱাই (Mass meeting held in Nalbari) ৷

লগতে কোনো কাৰণতে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন (Nalbari Civil Hospital) চহৰৰ পৰা স্থানান্তৰ কৰিব দিয়া নহ’ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকগৰাকীয়ে । কেৱল সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদকগৰাকীয়ে নহয়, চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰে নলবাৰীৰ বহু দল সংগঠনৰ লগতে নাগৰিক সমাজে ৷

উল্লেখ্য যে, দেওবাৰে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰোধিতাৰে চিকিৎসলয় বাকৰিত আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সচেতন নাগৰিককে ধৰি মুঠ 21 টাকৈ সংগঠনৰ আহ্বানত আয়োজন কৰা হয় এক নাগৰিক সভাৰ ৷ এই সভাতে কোনো কাৰণত নলবাৰীস্থ শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয় স্থানান্তৰ কৰিব দিয়া নহ’ব বুলিও ৰাজ্য চৰকাৰক এক প্ৰকাৰে হুংকাৰ প্ৰদান কৰে নলবাৰীৰ বিভিন্ন দল সংগঠনে ।

তথ্য অনুসৰি, বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ, নলবৰীয়া ৰাইজৰ গৌৰৱৰ প্ৰতীক মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত নলবাৰী অসামৰিক চিকিৎসালয় (Nalbari Civil Hospital) ৷ এই চিকিৎসালয়ক নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ’ব (Nalbari Medical College Hospital) ।

লগতে পঢ়ক : Assam CM Criticises Police: আৰক্ষীয়ে টিভিৰ সন্মুখত নাটক কৰিব নালাগে : মুখ্যমন্ত্ৰী

ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা । চলিত বৰ্ষৰ বিগত 5 মে’ত অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনা পত্ৰখন ৰাজহুৱা হোৱাৰ পিচতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । জাঙুৰ খাই উঠিছে নলবাৰীৰ বহু দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ ।

নিৰ্দেশনা পত্ৰ মৰ্মে, চৰকাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মুখ্য প্ৰশাসনিক বিষয়াগৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক হিচাবে কৰিব নিযুক্তি দিয়া হ’ব । অসামৰিক চিকিৎসালয়খনৰ সকলো পদেই হ’ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন পদ । অৱশ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ নোহোৱা পৰ্যন্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বিত্তীয় ব্যৱস্থাৰে চলিব দৰ্মহাৰ কাম-কাজ ৷

লগতে অসামৰিক চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয় অতিৰিক্ত অধীক্ষক হিচাপে নিয়োজিত কৰা হ’ব । তাৎক্ষণিকভাৱে বলৱৎ হোৱা এই নিৰ্দেশনা মতে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সকলো তথ্য আৰু প্ৰতিবেদন নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ তথ্য হিচাপে গণ্য কৰা হ’ব ।

আনহাতে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ ঠাইত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন হ’ব বুলিহে চৰ্চা চলি আছে । পিছে কোনখন কৰ্কট ৰোগৰ চিকিৎসালয় হ’ব স্থাপন ? কিছুমাহ পূৰ্বে ডিব্ৰুগড়ৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয় চৌহদত ভাৰ্চুৱেলী শিলান্যাস কৰা কৰ্কট হাস্পতালখন নে অন্য এখন এই সন্দৰ্ভত লাভ কৰা নাই কোনো বিশেষ তথ্য ৷

সেয়ে এইক্ষেত্ৰত চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে দল সংগঠনৰ সদস্যসকলে ৷ যাৰ বিৰোধিতাৰে দেওবাৰে নলবাৰীবাসীয়ে আয়োজন কৰে নাগৰিক সভাৰ ৷ দেওবাৰে নলবাৰী চহৰত আয়োজিত এই সভাত নলবাৰী জিলা ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, সচেতন নাগৰিককে ধৰি অঞ্চলটোৰ কেবাজনো জ্যেষ্ঠ ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : Nalbari Civil Hospital : নলবাৰীত বিলুপ্ত হ’ব শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.