ETV Bharat / state

Nalbari Civil Hospital : নলবাৰীত বিলুপ্ত হ’ব শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি !

author img

By

Published : Dec 23, 2022, 7:10 PM IST

ইতিহাস হ’বলৈ গৈ আছে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন । নলবাৰী চিভিল হাস্পতালৰ সৈতে সংলগ্ন কৰা হ’ব নিৰ্মীয়মান নলবাৰী মেডিকেল কলেজ হাস্পতালখন । যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে নলবাৰীৰ বিভিন্ন দল সংগঠন ৷ সেই হেতুকে ২১ টাকৈ সংগঠনৰ উদ্যোগত দেওবাৰে অনুষ্ঠিত কৰা হ’ব নাগৰিক সভা (Mass meeting will be heldin Nalbari)।

Nalbari Civil Hospital
বিলুপ্ত হ’ব শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি !

ইতিহাস হ’ব নেকি নলবাৰী চিভিল হাস্পতাল !

নলবাৰী, ২৩ ডিচেম্বৰ : বিয়াল্লিছৰ ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ, নলবৰীয়া ৰাইজৰ গৌৰৱৰ প্ৰতীক মুকুন্দ কাকতিৰ স্মৃতি বিজড়িত নলবাৰী অসামৰিক চিকিৎসালয় (Nalbari Civil Hospital) ৷ এই চিকিৎসালয়ক নিৰ্মীয়মান নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সৈতে সংলগ্ন কৰা হ’ব (Nalbari Medical College Hospital) ।

ইতিমধ্যে এই সন্দৰ্ভত অসম চৰকাৰে জাৰি কৰিছে এক নিৰ্দেশনা । চলিত বৰ্ষৰ বিগত ৫ মে’ত অসম চৰকাৰে জাৰি কৰা নিৰ্দেশনা পত্ৰখন ৰাজহুৱা হোৱাৰ পিচতে এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । জাঙুৰ খাই উঠিছে নলবাৰীৰ বহু দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজ ।

নলবাৰীত দেওবাৰে অনুষ্ঠিত কৰা হ’ব নাগৰিক সভা

নিৰ্দেশনা পত্ৰ মৰ্মে, চৰকাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মুখ্য প্ৰশাসনিক বিষয়াগৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ তথা মুখ্য অধীক্ষক হিচাবে কৰিব নিযুক্তি দিয়া হ’ব । অসামৰিক চিকিৎসালয়খনৰ সকলো পদেই হ’ব নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সংলগ্ন পদ । অৱশ্যে নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ কাম-কাজ আৰম্ভ নোহোৱা পৰ্যন্ত শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ বিত্তীয় ব্যৱস্থাৰে চলিব দৰ্মহাৰ কাম-কাজ ।

লগতে পঢ়ক : Negligence in construction of express highway : জোনাইত মুখ্যমন্ত্ৰীৰ ভূমি পূজনৰ পূৰ্বেই ৰাইজৰ প্ৰতিবাদ

লগতে অসামৰিক চিকিৎসালয়খনৰ অধীক্ষকগৰাকীক নলবাৰী চিকিৎসা মহাবিদ্যালয় অতিৰিক্ত অধীক্ষক হিচাপে নিয়োজিত কৰা হ’ব । তাৎক্ষণিকভাৱে বলৱৎ হোৱা এই নিৰ্দেশনা মতে, শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ সকলো তথ্য আৰু প্ৰতিবেদন নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ তথ্য হিচাপে গণ্য কৰা হ’ব ।

Nalbari Civil Hospital
নলবাৰীত বিলুপ্ত হ’ব শ্বহীদ মুকুন্দ কাকতিৰ স্মৃতি !

আনহাতে, শ্বহীদ মুকুন্দ কাকতি অসামৰি চিকিৎসালয়ৰ ঠাইত এখন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন হ’ব বুলিহে চৰ্চা চলি আছে । পিছে কোনখন কৰ্কট ৰোগৰ চিকিৎসালয় হ’ব স্থাপন ? কিছুমাহ পূৰ্বে ডিব্ৰুগড়ৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নলবাৰী চিকিৎসা মহাবিদ্যালয় চৌহদত ভাৰ্চুৱেলি শিলান্যাস কৰা কৰ্কট হাস্পতালখন নে অন্য এখন এই সন্দৰ্ভত লাভ কৰা নাই কোনো বিশেষ তথ্য ৷ সেয়ে এইক্ষেত্ৰত চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ আহ্বান জনাইছে দল সংগঠনৰ সদস্যসকলে ।

ইফালে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতাৰ দেওবাৰে আছু, যুৱ ছাত্ৰ পৰিষদ, কৰ্মচাৰী পৰিষদ, সাংবাদিক সন্থাকে ধৰি একৈশটাকৈ সংগঠনে একত্ৰিত হৈ আয়োজন কৰিছে নাগৰিক সভাৰ (Mass meeting will be heldin Nalbari) । উল্লেখ্য যে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত ইতিমধ্যে একৈশটাকৈ দল সংগঠনে চৰকাৰৰ সিদ্ধান্ত বাতিলৰ দাবীত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা সংশ্লিষ্ট বিভাগলৈ প্ৰেৰণ কৰিছে স্মাৰক পত্ৰও ।

লগতে পঢ়ক : Assam assembly winter session: চৰ অঞ্চলৰ লোকৰ বাবে বানপানী হয়: ৰূপজ্যোতি কুৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.