ETV Bharat / state

নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ নাট্যাৰম্ভণি অনুষ্ঠানত যতীন বৰা

author img

By

Published : Sep 3, 2022, 2:23 PM IST

Updated : Sep 3, 2022, 2:46 PM IST

আৰম্ভ হৈছে ভ্ৰাম্যমাণৰ যাত্ৰা(Mobile theater journey has begun) । এখনৰ পাছত আনখন শ্ৰেষ্ঠ নাটক লৈ ওলাই আহিছে ভ্ৰাম্যমাণৰ দল । কেইবাখনো সুন্দৰ নাটকৰে দৰ্শকৰ মাজলৈ ওলাই আহিছে আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল বৰদৈচিলা থিয়েটাৰ(Bordaichila Theatre begins) । বিশিষ্ট অভিনেতা যতীন বৰাৰ উপস্থিতিত নলবাৰীত নাট্য়াৰম্ভণী কৰে বৰদৈচিলা থিয়েটাৰে(Jatin Bora inaugurates Bordaisila Theatre) ।

jatin bora inaugurates bordaisila theatre
নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ নাট্যৰম্ভণী যতীন বৰাৰ

নলবাৰী,৩ ছেপ্তেম্বৰ: ক'ভিদে কোঙা কৰা ভ্ৰাম্য়মাণ উদ্য়োগে পুনৰ মুৰ দাঙি উঠিছে । ব্যয়বহুল সবল নাটকৰে দৰ্শকৰ মন জয় কৰিবলৈ ওলাই আহিছে ইটোৰ পাছত সিটোকৈ নাট্যদল(Mobile theater journey has begun) । সমান্তৰালকৈ আৰম্ভ হ'ল বৰদৈচিলা থিয়েটাৰৰ নাট্য় যাত্ৰাও(Bordaichila Theatre begins) । বিশিষ্ট অভিনেতা যতীন বৰাৰ উপস্থিতিত শুকুৰবাৰে নলবাৰীত বৰদৈচিলাৰ নাট্যাৰম্ভ কৰা হয়(Jatin Bora inaugurates Bordaisila Theatre) ।

ভ্ৰাম্যমাণৰ পূৰ্বৰ অৱস্থা ঘূৰি অহাত সুখী বুলি মন্তব্য কৰে অভিনেতা যতীন বৰাই । প্ৰতিখন থিয়েটাৰৰ প্ৰতিটো দৰ্শনীতে ৰাইজৰ যি সঁহাৰি এয়া ভ্ৰাম্যমাণৰ বাবে শুভ লক্ষণ বুলি উল্লেখ কৰে অভিনেতাগৰাকীয়ে । ক’ভিডৰ পিছত নাট্যগোষ্ঠী সমূহ পুনৰ জীপাল হৈ উঠা দেখি খুবেই সুখী যতীন বৰা ।

নলবাৰীত বৰদৈচিলা থিয়েটাৰৰ নাট্যৰম্ভণী যতীন বৰাৰ

লগতে পুনৰ ভ্ৰাম্যমাণ জগতলৈ উভতি অহাৰ কথা উল্লেখ কৰে যতীন বৰাই । আগন্তুক নাট্য বৰ্ষত ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চত দেখিবলৈ পাব জনপ্ৰিয় অভিনেতা যতীন বৰাক । বৰ্তমান 'ৰাঘব' ছবিখনৰ নিৰ্মাণত ব্যস্ত হৈ থকাৰ বাবে ভ্ৰাম্যমাণলৈ অহাৰ কথা চিন্তা কৰা নাই বুলি উল্লেখ কৰে অভিনেতা গৰাকীয়ে । ইফালে ছবিগৃহসমূহ খোলাৰ প্ৰসংগতো আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য ।

আনহাতে কা আন্দোলন প্ৰসংগত যতীন বৰাক সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰা কৌশলেৰে আঁতৰি থাকে অভিনেতাগৰাকী । তেও কয় যে থিয়েটাৰৰ শুভ অনুষ্ঠানত উপস্থিত হৈ এই সন্দৰ্ভত একো মন্তব্য কৰিব নোখোজে । এইবোৰ কৰা পিছতো আলোচনা কৰিব পৰা যাব বুলি উল্লেখ কৰে ।

লগতে পঢ়ক: আলফাত যোগদান সন্দৰ্ভত ৰাজ্যত কেইবা ঠাইতো NIA ৰ অভিযান

Last Updated :Sep 3, 2022, 2:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.