ETV Bharat / state

বৰক্ষেত্ৰীৰ চৰাঞ্চলত গৰাখহনীয়া আৰু বাঢ়নী পানীৰ তাণ্ডৱ

author img

By

Published : May 20, 2022, 4:10 PM IST

ৰাজ্য়ৰ চৌদিশে বান গৰাখহনীয়াৰ ভয়ংকৰ ৰূপ(Flood situation become critical in Assam)। একেই পৰিৱেশ দেখা গৈছে নলবাৰীৰ বৰক্ষেত্ৰীৰ চৰাঞ্চলত । নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ চৰাঞ্চল সমুহত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ গৰাখহনীয়া(Floods and erosion in Char area of Barkhetri) । ইফালে বাঢ়নী পানীয়ে সংকট নমাই আনিছে চৰকাৰী শিক্ষানুষ্ঠান, হাস্পতাল, আৰক্ষী চকীলৈও ।

Heavy floods in char areas in Nalbari
বৰক্ষেত্ৰীৰ চৰাঞ্চলত গৰাখহনীয়া আৰু বাঢ়নী পানীৰ তাণ্ডৱ

নলবাৰী,২০ মে': ৰাজ্যৰ চাৰিও দিশে বানৰ বিভীষিকা(Flood situation become critical in Assam) । সমগ্ৰ ৰাজ্যতে ব্ৰহ্মপুত্ৰৰ বাঢ়নি পানীয়ে কালৰূপ ধাৰণ কৰাৰ সময়তে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ বৃহত্তৰ চৰাঞ্চলতো অব্যাহত গৰাখহনীয়া আৰু বানৰ তাণ্ডৱ(Eerosion in Char area of Barkhetri) ।‌ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ কোবাল সোঁতত চৰ অঞ্চলৰ কৃষি ভূমি জাহ যোৱাৰ লগতে গৰাখহনীয়াৰ কৱলত পৰিছে ।

নিৰুপায়, অসহায় কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে । ঠায়ে ঠায়ে বৃহৎ ক্ষতিৰ আশংকা ব্যক্ত কৰা হৈছে । বিশেষকৈ চৰাঞ্চলৰ ভাংনামাৰী আৰক্ষী থানা, মধ্য কামৰূপ মিলন উচ্চ মাধ্যমিক বিদ্যালয়, ত্ৰিশখন বিচনাযুক্ত ভাংনামাৰী সামূহিক চিকিৎসা কেন্দ্ৰকে আদি কৰি বহুকেইখন প্ৰাথমিক বিদ্যালয়, অংগনবাদী কেন্দ্ৰৰ লগতে বুধবৰীয়া সাপ্তাহিক বজাৰখনো নদীৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে ।

বৰক্ষেত্ৰীৰ চৰাঞ্চলত গৰাখহনীয়া আৰু বাঢ়নী পানীৰ তাণ্ডৱ

চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই নীৰৱ ভূমিকা অৱলম্বন কৰাত চৰাঞ্চলত বসবাস কৰা লাখৰো অধিক লোকে আতংকত দিন পাৰ কৰিবলগীয়া হৈছে ।‌ প্ৰতি মুহূৰ্তত বাঢ়িছে বিপদ । স্থানীয় ৰাইজে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰ তথা জনপ্ৰতিনিধিক আহ্বান জনাইছে ।

নহ'লে খহনীয়াত জাহ যাব অঞ্চলটোৰ আগশাৰীৰ প্ৰতিষ্ঠান কেইখন । যদি অনতিপলমে চৰকাৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে বহু পৰিয়ালে হেৰুৱাব তেওঁলোকৰ সপোনৰ ঘৰখন তথা ভেটি মাটি ।

লগতে পঢ়ক: অস্ত্ৰ আৰু হিংসাই কেতিয়াও সমস্যা সমাধান নকৰে : এডিজিপি হীৰেন নাথ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.