ETV Bharat / state

স্বেচ্ছাসেৱী সংগঠন সৃষ্টিৰ ব্যতিক্ৰমী পদক্ষেপ

author img

By

Published : Nov 16, 2020, 10:14 PM IST

As_nlb_exceptional_initiatives_of_a_NGO_vis_as10004
নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন "সৃষ্টি"ৰ ব্যতিক্ৰমী পদক্ষেপ

মানাহ অভয়াৰণ্যৰ হাতীলৈ কলগছ প্ৰেৰণ কৰি প্ৰশংসিত নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন সৃষ্টি ৷ দীপাৱলীত ব্যৱহাৰ হোৱা কলপুলিসমূহ মানাহ অভয়াৰণ্যৰ হস্তীকুললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ সংগঠনটোৰ ৷ সম্পূৰ্ণ নিজা প্ৰচেষ্টাতে কলপুলিসমূহ সংগ্ৰহ কৰি প্ৰেৰণ কৰিছে মানাহ অভয়াৰণ্যলৈ ৷

নলবাৰী,16 নৱেম্বৰ: নলবাৰীৰ এক স্বেচ্ছাসেৱী সংগঠনৰ ব্যতিক্ৰমী পদক্ষেপ ৷ মানাহ অভয়াৰণ্যৰ হাতীলৈ প্ৰেৰণ কলগছ ৷ ঠায়ে ঠায়ে বনাঞ্চল সমূহ ধ্বংস কৰাৰ ফলতে খাদ্যৰ সন্ধানত জনাঞ্চললৈ সঘনাই ওলাই আহে বনৰীয়া হাতীৰ জাক ৷ যাৰ ফলত সৃষ্টি হয় হাতী আৰু মানুহৰ সংঘাত ৷ কেতিয়াবা যদি মানুহৰ মৃত্যু হয় কেতিয়াবা আকৌ মৃত্যু হয় হাতীৰ ৷

নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন "সৃষ্টি"ৰ ব্যতিক্ৰমী পদক্ষেপ

তাৰ মাজতে নলবাৰীৰ এক স্বেচ্ছাসেৱী সংগঠনে লৈছে এক ব্যতিক্ৰমী পদক্ষেপ ৷ দীপাৱলীত ব্যৱহাৰ হোৱা কলপুলিসমূহ মানাহ অভয়াৰণ্যৰ হস্তীকুললৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৰ যুৱকসকলে ৷ "সৃষ্টি" নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে লোৱা এনে ব্যতিক্ৰমী পদক্ষেপক সলাগ লৈছে সকলোৱে ৷ সম্পূৰ্ণ নিজা প্ৰচেষ্টাতে কলপুলিসমূহ সংগ্ৰহ কৰি মানাহ অভয়াৰণ্যলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে সংগঠনটোৱে ৷

লগতে পঢ়ক: বনকৰা মহিলাই লুটিলে লক্ষাধিক টকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.