ETV Bharat / state

ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন

author img

By

Published : May 3, 2021, 2:10 PM IST

Updated : May 3, 2021, 4:46 PM IST

নলবাৰী জিলাৰ 3টাকৈ সমষ্টিৰ ফলাফল ঘোষণা হ'ল দেওবাৰে ৷ তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ সমান্তৰালভাৱে জিলাখনৰ উল্লেখযোগ্য বৰক্ষেত্ৰী সমষ্টি আহিল কংগ্ৰেছৰ দখললৈ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান জেষ্ঠ কংগ্ৰেছী নেতা সদ্য প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ দখলত আছিল যদিও 2016 চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যায় সমষ্টিটো ৷ কিন্তু, 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ সমষ্টিটো আজুৰি আনিবলৈ সক্ষম হয় ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে ৷

ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন
ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন

নলবাৰী, 3 মে': দেওবাৰে ঘোষণা হ'ল ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ আন আন জিলাৰ সমষ্টিসমূহৰ দৰে নলবাৰী জিলাৰ 3 টাকৈ সমষ্টিৰো ফলাফল ঘোষণা হ'ল দেওবাৰে ৷ তিনিটা সমষ্টিৰ ভিতৰত দুটা সমষ্টি বিজেপিৰ দখললৈ যোৱাৰ সমান্তৰালভাৱে জিলাখনৰ উল্লেখযোগ্য বৰক্ষেত্ৰী সমষ্টি আহিল কংগ্ৰেছৰ দখললৈ ৷ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান জেষ্ঠ কংগ্ৰেছী নেতা সদ্য প্ৰয়াত ডাঃ ভূমিধৰ বৰ্মনৰ দখলত আছিল যদিও 2016 চনৰ নিৰ্বাচনত বিজেপিৰ দখললৈ যায় সমষ্টিটো ৷

ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন

কিন্তু, 2021ৰ বিধানসভা নিৰ্বাচনত পুনৰ সমষ্টিটো আজুৰি আনিবলৈ সক্ষম হয় ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰ দিগন্ত বৰ্মনে ৷ জিলাখনৰ সৰ্বস্তৰৰ জনসাধাৰণে দৃষ্টি ৰখা সমষ্টিটোত 2 মে'ত ঘোষণা হোৱা ফলাফলৰ পাচতে এক প্ৰকাৰৰ আনন্দৰ বন্যা বৈছে কংগ্ৰেছী নেতা-কৰ্মীসকলৰ মাজত ৷ উল্লেখ্য যে,জিলাখনৰ নলবাৰী আৰু ধৰ্মপুৰ সমষ্টিৰ ফলাফল ঘোষণা হোৱাৰ পাচতো বহু সময়লৈকে বৰক্ষেত্ৰী সমষ্টিৰ গণনা সম্পন্ন হোৱা নাছিল। কাৰণ সমষ্টিটোৰ বহু কেইটা ইভিএমেই বিকল হৈ পৰিছিল ৷

ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন
ডাঃ ভূমিধৰ বৰ্মনৰ পুত্ৰই দখল কৰিলে বৰক্ষেত্ৰীৰ আসন

অৱশেষত, জল্পনা কল্পনাৰ অন্ত পেলাই দিগন্ত বৰ্মনে 4115 টা ভোটৰ ব্যৱধানত পূৰ্বৰ বিধায়ক নাৰায়ণ ডেকাক পৰাস্ত কৰাবলৈ সক্ষম হয় ৷ উল্লেখ্য যে,কংগ্ৰেছ প্ৰাৰ্থী দিগন্ত বৰ্মনে 85,695 টা ভোট লাভ কৰাৰ বিপৰীতে নাৰায়ণ ডেকাই লাভ কৰিছিল 81,580 টা ভোট ৷

লগতে পঢ়ক: পশ্চিম গুৱাহাটীত ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ জয়

Last Updated : May 3, 2021, 4:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.