ETV Bharat / state

DIG Brajenjit Sinha: নলবাৰীত আৰক্ষী উপ মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহা

author img

By

Published : Oct 27, 2022, 10:03 PM IST

বৃহস্পতিবাৰে নলবাৰী আৰক্ষী থানাত উপস্থিত হয় আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহাই মিঞা পৰিষদৰ তিনি বিতৰ্কিত নেতা সভাপতি মহৰ আলী, সম্পাদক আব্দুল বাতেনক আৰু তনু ধদুমীয়াৰক জেৰা চলায় (DIG Brajenjit Sinha in Nalbari Police Station) ৷

DIG Brajenjit Sinha In Nalbari Police Station
নলবাৰীত আৰক্ষী উপ মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহা

নলবাৰী, 27 অক্টোবৰ: বৃহস্পতিবাৰে নলবাৰী আৰক্ষী থানাত উপস্থিত হয় আৰক্ষীৰ উপ-মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহা । নলবাৰী থানাত আৰক্ষীৰ জিন্মাত থকা মিঞা পৰিষদৰ তিনি বিতৰ্কিত নেতা সভাপতি মহৰ আলী, সম্পাদক আব্দুল বাতেনক আৰু তনু ধদুমীয়াৰক জেৰা চলালে আৰক্ষীৰ উপ-মহা পৰিদৰ্শক গৰাকীয়ে (DIG Brajenjit Sinha in Nalbari Police Station) ৷

নলবাৰী আৰক্ষী থানাত কেইবাঘন্টা ধৰি জেৰা চলাই আৰক্ষীৰ উচ্চ পদস্থ বিষয়াগৰাকীয়ে । এই জেৰাত আৰক্ষীৰ উপ-মহাপৰিদৰ্শক গৰাকীৰ সৈতে নলবাৰী আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধিক্ষক সহ কেইবাজনো আৰক্ষীৰ উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, মিঞা সংগ্ৰহালয়ক লৈ শাসক-বিৰোধী তথা ৰাজ্যৰ সচেতন লোকৰ মাজত বাক-বিতণ্ডা সৃষ্টি ( Miya museum controversy) হৈ থকাৰ মাজতে বিগত 23 অক্টোবৰত লক্ষীপুৰৰ ডাপকাৰভিটাত অনুষ্ঠিকভাৱে উদ্বোধন কৰা হয় মিঞা সংগ্ৰহালয় (Miya Museum inaugurated at Lakhipur) ।

অৱশ্যে 25 অক্টোবৰৰ দিনা গোৱালপাৰা জিলা প্ৰশাসনৰ তৎপৰতাত ছীল কৰা হয় মিউজিয়ামটো ৷ লগতে অসম মিঞা পৰিষদৰ সভাপতি এম মহৰ আলীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ (Asom Miyan Parishad leaders arrested) পিছতেই ধুবুৰী আৰক্ষীয়ে আব্দুল বাতেন নামৰ আন এজন অৱসৰপ্ৰাপ্ত অধ্যাপকক আটক কৰে (Retired Professor Abdul Baten arrested) ৷

নলবাৰীত আৰক্ষী উপ মহাপৰিদৰ্শক ব্ৰজেনজিৎ সিনহা

লগতে আটক কৰা হৈছিল মিঞা মিউজিয়াম মুকলি কৰা তনু ধাদুমীয়াক (Tanu Dhadumia arrested for Miya museum controversy) ৷ ইয়াৰ পিছতে বুধবাৰে এম মহৰ আলী, আব্দুল বাতেন আৰু তানু ধাদুমিয়াক নলবাৰী অসামৰিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ পিছতে নলবাৰী আদালতত হাজিৰ কৰোৱা হয় ।

ইফালে আল্লিয়াত গ্ৰেপ্তাৰ হৈ দহদিনৰ আৰক্ষীৰ জিন্মাত থকা দুই জেহাদী হাবেল আলী আৰু আবু ৰেইহানকো জেৰাৰ বাবে ইতিমধ্যে অনা হৈছে নলবাৰী সদৰ আৰক্ষী থানালৈ ।

নলবাৰীৰ আৰক্ষী অধীক্ষক পবিন্দ্ৰ কুমাৰ নাথে জনোৱা মতে, নলবাৰীৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত আল্লিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা তিনিজন জেহাদী আৰু তামুলপুৰত গ্ৰেপ্তাৰ কৰা দুই জেহাদীৰে তেওঁলোকৰ যোগসূত্ৰ পোৱা গৈছে (Nalbari SP on Miya museum Jihadi link)।

লগতে পঢ়ক: Miya museum controversy: মহৰ আলী, আব্দুল বাতেন,তনু ধাদুমীয়াক এদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.